অসম ৰাজীৱ গান্ধী সমবায় ব্যৱস্থাপনা বিশ্ববিদ্যালয়

অসম ৰাজীৱ গান্ধী সমবায় ব্যৱস্থাপনা বিশ্ববিদ্যালয়( Assam Rajiv Gandhi University of Cooperative Management) অসমশিৱসাগৰত অৱস্থিত ভাৰতৰ প্ৰথম সমবায় ব্যৱস্থাপনা বিশ্ববিদ্যালয়। ২০১০ চনৰ অসম ৰাজীৱ গান্ধী সমবায় ব্যৱস্থাপনা বিশ্ববিদ্যালয় বিধেয়কৰ দ্বাৰা বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা কৰা হয়।[1][2] বিশ্ববিদ্যালয়খনে বিশ্ব শিক্ষা শীৰ্ষ-সন্মিলনত(World Education Summit) শ্ৰেষ্ঠ চৰকাৰী পদক্ষেপৰ পদক লাভ কৰিছে।[3]

অসম ৰাজীৱ গান্ধী সমবায় ব্যৱস্থাপনা বিশ্ববিদ্যালয়
Assam Rajiv Gandhi University of Cooperative Management
মূলমন্ত্ৰ Building capacity for the growth of cooperative
স্থাপিত ২০১০
ধৰণ ৰাজহুৱা
আচাৰ্য অসমৰ ৰাজ্যপাল
উপাচাৰ্য ডঃ ৰফিকুজ জামান (IAS)
স্থান শিৱসাগৰ, অসম, ভাৰত
উপনাম ARGUCM
ৱেবছাইট আধিকাৰিক ৱেবছাইট

শিক্ষা সম্পাদনা কৰক

বিশ্ববিদ্যালয়খনৰ ৫টা বিদ্যালয় আছে:

  • উদ্যমিতা আৰু ব্যৱস্থাপনা বিদ্যালয় (School of Entrepreneurship and Management)
  • উদ্ভাৱন আৰু প্ৰযুক্তি বিদ্যালয় (School of Innovation and Technology)
  • সংস্কৃতি আৰু গণ-সংযোগ বিদ্যালয়(School of Culture and Media)
  • ৰাজহুৱা নীতি আৰু আইন বিদ্যালয় (School of Public Policy and Law)
  • পৰিস্থিতিবিজ্ঞান আৰু পুষ্টি বিদ্যালয় (School of Ecology and Sustenance)[2]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

বহিঃসংযোগ সম্পাদনা কৰক

আধিকাৰিক ৱেবছাইট