অসম ৰাজ্যিক পৰিবহণ নিগম


অসম ৰাজ্যিক পৰিবহণ নিগম (ইংৰাজী: Assam State Transport Corporation) হৈছে অসমৰ এটা পৰিবহণ সংস্থা। চমুকৈ ইয়াক এ. এছ. টি. চি. (ASTC) নামেৰে জনা যায়। ই সমগ্ৰ অসমৰ লগতে প্ৰতিৱেশী ৰাজ্যসমূহলৈ বাছ সেৱা আগবঢ়ায়। ৰাজ্যিক চৰকাৰৰ এটা বিভাগ হিচাপে ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল। প্ৰথমতে, গুৱাহাটী আৰু নগাঁওৰ মাজত চাৰিখন বাছৰ চলাচল কৰিছিল। ১৯৭০ চনৰ ৩০ মাৰ্চত ৰাজ্যিক পৰিবহণ বিভাগটো নিগমলৈ পৰিৱৰ্তন কৰা হয়।

অসম ৰাজ্যিক পৰিবহণ নিগম
ধৰণ অসম চৰকাৰৰ পৰিবহণ মন্ত্ৰণালয়ৰ অধীনৰ ৰাজহুৱা খণ্ডৰ নিগম
উদ্যোগ ৰাজহুৱা বাছ পৰিবহণ সেৱা
স্থাপিত ১৯৭০
মুখ্য কাৰ্যালয় পৰিবহণ ভৱন, পল্টন বজাৰ, গুৱাহাটী, ভাৰত
দেশ/অঞ্চল অসম আৰু প্ৰতিৱেশী ৰাজ্য
নেতৃস্থানীয় ব্যক্তিত্ব অশোক কুমাৰ ভট্টৰায় (অধ্যক্ষ)
পণ্য বাছ পৰিবহণ
পৰিসেৱা বিলাসী বাছ সেৱা,শীত-তাপ নিয়ন্ত্ৰিত বিলাসী বাছ সেৱা, চিটি বাছ সেৱা , গ্ৰাম্য বাছ সেৱা, আন্তঃৰাজ্যিক বাছ সেৱা
সহযোগী প্ৰতিষ্ঠান অসম ৰাজ্যিক নগৰ পৰিবহণ নিগম
ৱেবছাইট astcbus.in

সেৱাসমূহ সম্পাদনা কৰক

অসম ৰাজ্যিক পৰিবহণ নিগম অসমৰ পথ পৰিবহণ সংযোগৰ জীৱনৰেখা, কাৰণ নিগমৰ বাছে গ্ৰাম্যাঞ্চলৰ লগতে চহৰাঞ্চল আৰু আন্তঃৰাজ্যিক পথ পৰিবহণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ সেৱা আগবঢ়াই আহিছে। পৰিবহণ নিগমৰ সাধাৰণ বিলাসী বাছ আৰু শীত-তাপ নিয়ন্ত্ৰিত বিলাসী বাছসমূহ দুৰণিবটিয়া ঠাইলৈ চলাচল কৰে। মিনি ডিলাক্স বাছসমূহ চহৰ আৰু গ্ৰাম্য অঞ্চলসমূহত চলাচল কৰে।

ৰাজ্যিক পৰিবহণ নিগমৰ উপ নিগম অসম ৰাজ্যিক নগৰ পৰিবহণ নিগমে গুৱাহাটীত নিগমৰ চিটী বাছ সেৱা পৰিচালনা কৰে। গুৱাহাটীৰ চিটী বাছ সেৱাত ২৩ খন শীত-তাপ নিয়ন্ত্ৰিত আৰু ৫০ খন সাধাৰণ বাছে চলাচল কৰে। এই বাছসমূহ জে এন এন ইউ আৰ এম আঁচনিৰ অধীনৰ। এই বাছসমূহে জালুকবাৰী-নুনমাটি, বশিষ্ঠ চাৰিআলি-জালুকবাৰী (লাষ্ট গেট, গণেশগুৰি, পল্টনবজাৰ, পাণবজাৰ আৰু ফাঁচী বজাৰ হৈ), খানাপাৰা-জালুকবাৰী (আই এছ বি টি হৈ), ফৰেষ্ট গেট-জালুকবাৰী (চান্দমাৰী, শিলপুখুৰী, দীঘলীপুখুৰী আৰু পাণবজাৰ হৈ) আই এছ বি টি-মিৰ্জা, আই এছ বি টি- জাগীৰোড পথত চলাচল কৰে। আনহাতে নিগমৰ শীত-তাপ নিয়ন্ত্ৰিত জন বাছসমূহ খানাপাৰা-জালুকবাৰী (পল্টন বজাৰ হৈ) পথত চলাচল কৰে।[1][2] ইয়াৰোপৰি পৰিবহণ নিগমৰ অধীনত বহুতো ব্যক্তিগত বাছো চলাচল কৰে। নিগমে কেইবাটাও ব্যক্তিগত ভ'লভো বাছ প্ৰতিষ্ঠানৰ লগতো চুক্তিবদ্ধ হৈছে ৰাজহুৱা-ব্যক্তিগত অংশীদাৰীত্বৰ মাধ্যমেৰে বাছ পৰিচালনা কৰিবৰ বাবে।[3][4] ২০১৬ চনৰ জানুৱাৰীত পৰিবহণ নিগমৰ ভ'লভো B7RLE বাছসেৱা আৰম্ভ হয়। এই সেৱা গুৱাহাটীৰ উলুবাৰী ভ'লভো পইন্টৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ দৈনিক চলাচল কৰে।

অসম ৰাজ্যিক পৰিবহণ নিগমৰ ১৩৫ টা বাছ আস্থান আৰু ৩ টা আন্তঃৰাজ্যিক বাছ আস্থান (গুৱাহাটী, যোৰহাট আৰু শিলচৰ) আছে।[5]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক