দ্য আসাম ট্ৰিবিউন (The Assam Tribune) হৈছে এখন ভাৰতীয় ইংৰাজী দৈনিক বাতৰি কাকত, যি গুৱাহাটী আৰু ডিব্ৰুগড়ৰ পৰা প্ৰকাশ পায়। বৰ্তমান ৭,০০,০০০ৰো অধিক প্ৰচাৰসংখ্যা আৰু ৩০ লাখৰো অধিক পঢ়ুৱৈৰ সৈতে এইখন উত্তৰ-পূব ভাৰতৰ আটাইতকৈ বেছি পঠিত ইংৰাজী কাকত। এই কাকতখন প্ৰথম ১৯৩৯ চনত গুৱাহাটীত প্ৰতিষ্ঠা কৰা হৈছিল।

দ্য আসাম ট্ৰিবিউন
প্ৰকাৰ দৈনিক বাতৰি কাকত
ফৰমেট ব্ৰডশ্বীট
গৰাকী প্ৰফুল্ল গোবিন্দ বৰুৱা (১০০%)
প্ৰতিষ্ঠাপক ৰাধা গোবিন্দ বৰুৱা
প্ৰকাশক ৰতন কুমাৰ ৰায় হাজোঙ
সম্পাদক প্ৰফুল্ল গোবিন্দ বৰুৱা
প্ৰতিষ্ঠা ৪ আগষ্ট ১৯৩৯; ৮৫ বছৰ আগত (1939-08-04)[1]
ভাষা ইংৰাজী
মুখ্য কাৰ্যালয় ট্ৰিবিউন বিল্ডিংছ, এম আৰ ডি ৰোড, চান্দমাৰী, গুৱাহাটী, অসম, ভাৰত
চাৰ্কোলেচন ৭,০০,০০০+
ভগ্নী কাকত
ৱেবছাইট www.assamtribune.com
দ্য অসম ট্ৰিবিউনৰ ভবন

নৱেম্বৰ 2024 অনুসৰি, বৰ্তমান সম্পাদক হৈছে প্ৰফুল্ল গোবিন্দ বৰুৱা, যি প্ৰতিষ্ঠাপক ৰাধা গোবিন্দ বৰুৱাৰ পুত্ৰ; আৰু পি. জে. বৰুৱা হৈছে কাৰ্যবাহী সম্পাদক।[উদ্ধৃতিৰ প্ৰয়োজন]

এই কাকতখন ১৯৩৯ চনৰ ৪ আগষ্টত ৰাধা গোবিন্দ বৰুৱাই গুৱাহাটীত সাপ্তাহিক কাকতৰূপে আৰম্ভ কৰিছিল আৰু সম্পাদক আছিল লক্ষ্মীনাথ ফুকন।[2] বৰ্তমান কাকতখন গুৱাহাটী আৰু ডিব্ৰুগড়ৰ পৰা দৈনিক ৰূপে প্ৰকাশিত হয়। এই কাকতখনে অসমত এক বৃহৎ পঢ়ুৱৈ গোট লাভ কৰিছে আৰু উত্তৰ-পূব ভাৰতত আটাইতকৈ জনপ্ৰিয় কাকতৰূপে বিবেচিত।[উদ্ধৃতিৰ প্ৰয়োজন] দ্য অসম ট্ৰিবিউন-এ বিশ্বাসযোগ্য বাতৰিৰ বাবে আৰু উচ্চ প্ৰচাৰসংখ্যাৰ বাবে পৰিচিত। ২০১৪ চনত, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত কাকতখনৰ প্লেটিনাম জুবিলী উদযাপন কৰা হৈছিল।

২০২১ চনৰ ২৮ মাৰ্চ, ২০২১ অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ পাছদিনা, এই কাকতখনে মূৰ পৃষ্ঠাত এক বিজ্ঞাপন প্ৰকাশ কৰিছিল য’ত কোৱা হৈছিল যে বিজেপি-এ উপৰ অসমৰ সকলো আসন জিকিব। একে বিজ্ঞাপন অসমৰ ৭টা আন কাকততো প্ৰকাশ পাইছিল। কংগ্ৰেছ দলে অভিযোগ উত্থাপন কৰিছিল যে এইটো বাকী পৰ্যায়ৰ ভোট আগতে ভোটাৰক প্ৰভাৱিত আৰু বিভ্ৰান্ত কৰাৰ এটা চেষ্টা আৰু ই প্ৰতিনিধিত্ব আইন, ১৯৫১ আৰু নিৰ্বাচন আয়োগৰ নিৰ্দেশনাৰ উলংঘন।[3] এই বিতৰ্ক সম্পৰ্কে কাকতখনৰ সম্পাদক প্ৰফুল্ল গোবিন্দ বৰুৱায়ে দ্য টেলিগ্ৰাফক ক’লে যে "এই বিজ্ঞাপনখন পিছত আহিছিল।" [4]

তথ্য সংগ্ৰহ

সম্পাদনা কৰক

বাহ্যিক সংযোগ

সম্পাদনা কৰক