অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ
অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ (ইংৰাজী: Assam State Electricity Board, চমুকৈ ASEB) হৈছে অসমৰ বিদ্যুৎ নিয়ন্ত্ৰণৰ বাবে গঠিত ৰাজহুৱা খণ্ডৰ এক পৰিষদ। এই পৰিষদে ইয়াৰ অধীনৰ কোম্পানী অসম শক্তি উৎপাদন নিগম লিমিটেড আৰু অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ সৈতে অসমৰ বিদ্যুৎ উৎপাদন, সৰবৰাহ আৰু বিতৰণৰ কামসমূহ পৰিচালনা কৰে। কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ উত্তৰ-পূব বৈদ্যুতিক শক্তি নিগম পৰিসিমিত (NEEPCO) আৰু Power Grid Corporation of India Ltd (PGCIL)য়ে ক্ৰমে বিদ্যুৎ উৎপাদন আৰু বিদ্যুৎ সৰবৰাহৰ ক্ষেত্ৰত পৰিষদৰ সৈতে পৰিপূৰকৰ ভূমিকা পালন কৰে।
অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ | |
---|---|
![]() প্ৰতীক | |
প্ৰতিষ্ঠা | ১৯৫৮ |
ধৰণ | ৰাজহুৱা খণ্ড |
সক্ৰিয়তা | সক্ৰিয় |
প্ৰধান কাৰ্যালয় | গুৱাহাটী, অসম, ভাৰত |
মাতৃ সন্থা | অসম চৰকাৰ |
প্ৰতিষ্ঠা
সম্পাদনা কৰকবিদ্যুৎ অধিনিয়ম ১৯৪৮-ৰ অধীনত ১৯৫৮ চনত অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ প্ৰতিষ্ঠা কৰা হয়। ১৯৭২ চনত মেঘালয় আৰু মিজোৰাম অসমৰ পৰা ফাটি সুকীয়া ৰাজ্য হিচাপে ঘোষিত হোৱাত ১৯৭৫ চনত এই পৰিষদখন পুনৰ্গঠন কৰা হয়।
লগতে চাওক
সম্পাদনা কৰকতথ্যসূত্ৰ
সম্পাদনা কৰক- Power Department, Government of Assam - http://assamgovt.nic.in/departments/electricity_dept.asp
- http://www.emt-india.net