অৰিগামি
অৰিগামি, জাপানৰ (মূল জাপানী শব্দ, 'অৰি', অৰ্থ ভাঁজ কৰা, আৰু 'কামি', অৰ্থ কাগজ) এটা পাৰম্পৰিক কলা, য'ত কাগজ ভাঁজ কৰি বিভিন্ন আকৃতি সজা হয়। সপ্তদশ শতিকাত এই কলাৰ আৰম্ভণি হৈছিল আৰু ১৯০০ চনৰ পাছত ই জাপানৰ বাহিৰতো বিয়পি পৰে। অৰিগামি বৰ্তমানে এটা আধুনিক কলা। এই কলাত মূলতঃ কাগজ ভাঁজ কৰাৰ হে অনুমতি আছে, কাগজ কাটি বা আঠা লগাই সজা আকৃতিক অৰিগামিৰ ভিতৰত ধৰা নহয়।
অৰিগামিত মূলতঃ কেইটামানহে ভাঁজ কৰাৰ বিশেষ পদ্ধতি আছে। একে কেইটা ভাঁজকে বিভিন্ন ধৰণে লগলগাই বিভিন্ন আকৃতি সজা হয়। সাধাৰণতে এখন বৰ্গাকাৰ কাগজৰপৰা প্ৰায়ভাগ অৰিগামি আকৃতিৰ নিৰ্মাণ আৰম্ভ হয়। অৰিগামিৰ বাবে ব্যৱহৃত বিশেষ কাগজৰ এপিঠি ৰঙীন হয় আৰু আনটো ফাল সাধাৰণতে বগা ৰঙৰ হয়।
অৰিগামিৰ কৌশলবিলাক বস্তুবন্ধা, অভিআন্ত্ৰিক গঠন ইত্যাদিতো ব্যৱহাৰ কৰা হয়।[1]
চিত্ৰসম্পাদনা কৰক
কেইটামান বিভিন্ন ধৰণৰ অৰিগামিৰ চিত্ৰ:
- Rosa de papel.jpg
তথ্য সমলসম্পাদনা কৰক
- ↑ Merali, Zeeya (17 June, 2011), "Origami Engineer Flexes to Create Stronger, More Agile Materials", Science খণ্ড 332: 1376-1377, http://www.sciencemag.org/gca?sendit.y=-79&gca=sci%3B332%2F6036%2F1376&sendit=Get%20all%20checked%20abstract%28s%29