অৰুণলোচন দাস(ইংৰাজী: Arunlochan Das) হৈছে অসম, ভাৰতৰ এগৰাকী চিত্ৰ-সাংবাদিক আৰু সমালোচক৷[1] ১৯৭৬ চনতে কৰ্মজীৱনৰ পাতনি মেলা অৰুণলোচন দাসে পৰৱৰ্তী সময়ত অসমৰ বহুতসংখ্যক কাকত-আলোচনীত চলচ্চিত্ৰ সম্পৰ্কীয় ভালেমান লেখা-মেলা কৰে৷ 'অৱকাশ', 'কাদম্বৰী', 'চিত্ৰ সংবাদ' আদি একাধিক কাকত-আলোচনীৰ সম্পাদনাৰ লগতো তেখেত জড়িত আছিল৷ ১৯৯৬ চনৰ পৰা তেখেতে 'লাইমলাইট ডাইৰেক্টৰী'ৰ নিয়মীয়া প্ৰকাশৰ লগত জড়িত হৈ পৰে৷ চলচ্চিত্ৰ বিষয়ক গ্ৰন্থৰ বাবে ৰাজ্যিক বঁটা লাভ কৰা অৰুণলোচন দাসে '১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত', 'এৰি অহা দিনবোৰত অসমীয়া চিনেমা', 'কি নাম দি মাতিম' ইত্যাদি তথ্যসমৃদ্ধ গ্ৰন্থ লিখি থৈ গৈছে৷[2] তেখেত 'সাংস্কৃতিক সাংবাদিক সন্থা, অসম'ৰ প্ৰতিষ্ঠাপক সভাপতি আছিল৷

অৰুণলোচন দাস
Arunlochan Das

অৰুণলোচন দাস
জন্ম ২৯ মে', ১৯৫৪
উজান বজাৰ,গুৱাহাটী অসম
মৃত্যু ২৩ অক্টোবৰ, ২০২৩
নেমকেয়াৰ হাস্পতাল, গুৱাহাটী অসম
পেচা চলচ্চিত্ৰ সাংবাদিক, চলচ্চিত্ৰ সমালোচক
উল্লেখনীয় কৰ্মৰাজি এৰি অহা দিনবোৰত অসমীয়া চিনেমা, ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত
উল্লেখযোগ্য বঁটা ৰাজ্যিক চলচ্চিত্ৰ বঁটা

জন্ম আৰু পৰিয়াল সম্পাদনা কৰক

অৰুণলোচন দাসে ১৯৫৪ চনৰ ২৯ মে'ত গুৱাহাটীউজান বজাৰত জন্মগ্ৰহণ কৰিছিল৷ [3] তেখেতে মঙলদৈত পঢ়াশালীয়া শিক্ষা গ্ৰহণ কৰি পৰৱৰ্তী সময়ত গুৱাহাটীত কলেজীয়া শিক্ষা সাং কৰে৷ উজানবজাৰৰ জাহাজঘাটত কিছু বছৰ থকাৰ পাছত তেখেত পাছলৈ গুৱাহাটীৰ অনিল নগৰৰ স্থায়ী বাসিন্দা হয়৷ তেখেতৰ ককায়েক হৈছে ভাৰত চৰকাৰৰ পৰ্যটন বিভাগৰ অৱসৰপ্ৰাপ্ত সঞ্চালক আৰু অসমৰ চিত্ৰ সাংবাদিকৰ এগৰাকী আৰম্ভণি-কালৰে ব্যক্তি কমললোচন দাস৷ ভালেসংখ্যক অসমীয়া চলচ্চিত্ৰৰ প্ৰযোজনা নিয়ন্ত্ৰক ৰাজীৱলোচন দাস আৰু শিশু সাহিত্যত সাহিত্য অকাডেমিপ্ৰাপ্ত সাহিত্যিক-সাংবাদিক যুগললোচন দাস তেখেতৰ দুই ভ্ৰাতৃ৷

কৰ্মজীৱন সম্পাদনা কৰক

আৰতি দাস বৈৰাগীৰ 'জোনবিৰি' আলোচনীখনৰ জৰিয়তে অৰুণলোচন দাসে ১৯৭৬ চনত কৰ্মজীৱন আৰম্ভ কৰিছিল৷ ইয়াৰ প্ৰায় তিনি বছৰৰ পাছত অৰ্থাৎ, ১৯৭৯ চনত 'ৰূপকাৰ' আলোচনীখনৰ জৰিয়তে তেখেতে চলচ্চিত্ৰ সাংবাদিকতা জগতত প্ৰৱেশ কৰে৷ একেটা বৰ্ষতে তেখেতে প্ৰথম বহুৰঙী অফছেটত মুদ্ৰিত চলচ্চিত্ৰ আলোচনী 'অৱকাশ'ৰ সম্পাদনাৰ লগত জড়িত হৈছিল৷ [2]'৮০ৰ দশকত অৰুণলোচন দাসে 'কাদম্বৰী' নামৰ এখন সাংস্কৃতিক মাহেকীয়া আলোচনী সম্পাদনা কৰে৷ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন সাংস্কৃতিক কাকত 'চিত্ৰ সংবাদ'ৰ সহযোগী সম্পাদকৰ পদতো তেখেতে ১৯৯০ চনৰ পৰা ১৯৯২ চনলৈকে অধিষ্ঠিত হৈছিল৷ [1]

অৰুণলোচন দাসে ১৯৭৯ চনত ‘লাইমলাইট’ নামৰ সংস্থাটোৰ জন্ম দিয়ে।[2] এই সংস্থাটিৰ বেনাৰতেই তেখেতে শতাধিক ছবিৰ প্ৰচাৰৰ ডিজাইন কৰে। অসমৰ শিল্পীসকলৰ ফোন নম্বৰ, ঠিকনা সন্নিৱিষ্ট কৰি তেওঁলোকৰ জীৱনীৰ সংকলন 'লাইমলাইট ডাইৰেক্টৰী' তেখেতে ১৯৯৬ চনৰ পৰা নিয়মীয়াকৈ প্ৰকাশ কৰে৷ অসমৰ বহু বাতৰি-কাকত আৰু আলোচনীৰ পাতত তেখেতে চলচ্চিত্ৰ সম্পৰ্কীয় অনেক প্ৰবন্ধ-পাতি লিখিছে৷ [1]

অৰুণলোচন দাস পুলক গগৈৰ দ্বাৰা পৰিচালিত ‘সাদৰী’ ছবিখনৰ সহকাৰী পৰিচালক হিচাপে জড়িত হৈছিল। ইয়াৰোপৰি তেখেত অসমৰ চলচ্চিত্ৰ-নিৰ্মাতা, গল্পকাৰ-সাহিত্যিক ভবেন্দ্ৰ নাথ শইকীয়াৰ প্ৰায়কেইখন ছবিৰে প্ৰচাৰ সচিবৰ দায়িত্বত আছিল । [2]

অৰুণলোচন দাস 'সাংস্কৃতিক সাংবাদিক সংস্থা, অসম'ৰ প্ৰতিষ্ঠাপক সভাপতি আছিল৷ মৃত্যুৰ আগলৈকে তেখেত সংস্থাৰ উপদেষ্টাৰ পদ অলংকৃত কৰি ৰাখিছিল৷ [3]

গ্ৰন্থৰাজি সম্পাদনা কৰক

  • ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত (দুটা খণ্ডত)
  • শ্বুটিং ৰিপ'ৰ্ট
  • এৰি অহা দিনবোৰত অসমীয়া চিনেমা
  • কি নাম দি মাতিম
  • অসমীয়া চলচ্চিত্ৰ (১৯৩৫-১৯৯১)
  • অসমীয়া চিনেমাৰ কথা
  • অসমৰ সুৱদিসুৰীয়া গীত[2]
  • অসমীয়া ছুপাৰহিট গীত
  • ৰাইজক সাবটিম কণ্ঠৰ সুৰেৰে (জয়ন্ত হাজৰিকাৰ গীত-সংকলন)
  • উইণ্ডমিল আৰি টিউলিপ ফুলৰ দেশত (ভ্ৰমণ কাহিনী)[2]

বঁটা আৰু সন্মান সম্পাদনা কৰক

  • 'এৰি অহা দিনবোৰত অসমীয়া চিনেমা' শীৰ্ষক গ্ৰন্থখনৰ বাবে ৰাজ্যিক চলচ্চিত্ৰ বঁটা
  • ৰাজ্য চৰকাৰৰ সাংবাদিক পেন্সন লাভ।

মৃত্যু সম্পাদনা কৰক

হৃদৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ নেমকেয়াৰ চিকিৎসালয়ত ১২ অক্টোবৰৰ পৰা অৰুণলোচন দাস চিকিৎসাধীন হৈ আছিল৷ অৱশেষত ২০২৩ বৰ্ষৰ ২৩ অক্টোবৰ তাৰিখে, সোমবাৰে বিয়লি ২ বজাত চিত্ৰ-সাংবাদিকগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে৷ মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৭১ বছৰ৷[1] [4]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 "সাংবাদিক, চিত্ৰ সমালোচক অৰুণলোচন দাসৰ দেহাৱসান". দৈনিক অসম. প্ৰকাশক গুৱাহাটী. ২৫ অক্টোবৰ ২০২৩. পৃষ্ঠা ১ আৰু ৬. 
  2. 2.0 2.1 2.2 2.3 2.4 2.5 "হেজাৰজনক লাইমলাইটলৈ অনা অৰুণদা গ’লগৈঃ শিৱাণু বৰা". দৈনন্দিন বাৰ্তা. ২৪ অক্টোবৰ ২০২৩. https://www.dainandinbartagroup.in/arun-who-brought-thousands-to-the-limelight-is-gone-shivanu-bora/। আহৰণ কৰা হৈছে: 26 October 2023. 
  3. 3.0 3.1 "প্ৰবীণ সাংস্কৃতিক সাংবাদিক-বিশিষ্ট লেখক অৰুণ লোচন দাসৰ দেহাৱসান". ইটিভি ভাৰত. ২৩ অক্টোবৰ. https://www.etvbharat.com/assamese/assam/state/kamrup-metropolitan/assam-senior-cine-journalist-arun-lochan-das-passes-away/assam20231023175101244244428। আহৰণ কৰা হৈছে: 25 October 2023. 
  4. "Assam: Senior cine journalist and film critic Arun Lochan Das no more". Hill Times. Hill Times. October 23, 2023. https://thehillstimes.in/assam/assam-senior-cine-journalist-and-film-critic-arun-lochan-das-no-more। আহৰণ কৰা হৈছে: 28 October 2023.