অৰ্কিড
অৰ্কিডেচি বা অৰ্কিড (ইংৰাজী: Orchid) হ'ল বহুল ভাৱে বিস্তৃত সপুষ্পক উদ্ভিদৰ এটা শ্ৰেণী। যাৰ ফুল সাধাৰণতে খুব ৰঙীণ আৰু মিঠা গোন্ধযুক্ত হয়। ইয়াক সচৰাচৰ অৰ্কিড পৰিয়াল বা অৰ্কিড বুলিয়ে জনা যায়।
অৰ্কিড জীৱাশ্ম কাল: ৮০–০ নিযুত বছৰ Late Cretaceous – Recent | |
---|---|
![]() | |
Colour plate from Ernst Haeckel's Kunstformen der Natur, 1906 | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
Type genus | |
Orchis Tourn. ex L. | |
Subfamilies | |
| |
![]() | |
Distribution range of family Orchidaceae |
অৰ্কিডেচি পৰিয়ালৰ বৰ্তমান ২৮০০০ প্ৰজাতি, ৭৬৩ গণ আছে বুলি জনা গৈছে।[1][2] বীজিয় উদ্ভিদৰ ০৬-১১% ই হ’ল এই অৰ্কিড পৰিয়ালৰ.[3] সৰ্ববৃহৎ গণটো হ’ল বাল্ব’ফাইলাম(২,০০০ প্ৰজাতি), এপিডেণ্ড্ৰাম (১৫০০ প্ৰজাতি), ডেণ্ড্ৰবিয়াম (১৪০০ প্ৰজাতি) আৰু প্লিউৰ’থেলিছ (১,০০০ প্ৰজাতি)। ভেনিলা (গণ:ভেনিলা), আৰু আন বহুতো কৃষিৰ জৰিয়তে উৎপাদিত উদ্ভিদ যেনে ফেলান’পচিছ আৰু কেটলিয়া এই পৰিয়ালৰ অন্তৰ্গত।
বৰ্ণনাসম্পাদনা কৰক
আন গছতকৈ অৰ্কিডক অতি সহজে পৃথককৈ চিনাক্ত কৰিব পাৰি। বিৱৰ্তনৰ কিছুমান সাক্ষীয় লক্ষণ অৰ্কিডৰ গাত বিৰাজমান। তাৰ ভিতৰত ফুলপাহৰ দ্বিপাক্ষিক সমতুলীয়তা, সন্মুখভাগ ওপৰমুৱা আৰু বক্ৰ পৃষ্ঠ, পাহিৰ ৰূপান্তৰ হৈ লিপ বা লেবেলামৰ উপস্থিতি, সংযুক্ত পুংদণ্ড আৰু গৰ্ভদণ্ড আৰু অত্যধিক সৰু বীজ ইত্যাদি।
স্থলসম্পাদনা কৰক
মূলতঃ অৰ্কিডসমূহ পৰাশ্ৰয়ী হোৱা দেখা যায় যদিও স্থলজীৱি, শৈলজীৱী আৰু মৃতজীৱি অৰ্কিডো দেখা পোৱা যায়।
সৰ্বভাৰতীয় প্ৰেক্ষাপটত অৰ্কিডসম্পাদনা কৰক
ভাৰতবৰ্ষত ১৮৪টা গণৰ ১৩৩১ বিধ অৰ্কিড পোৱা যায়[4]। সৰ্বাধিক বৈচিত্ৰ্যতা দেখা যায় পূৰ্বাঞ্চল হিমালয়ত। আমাৰ উত্তৰ- পূব ভাৰত এই অঞ্চলৰে অন্তৰ্গত। এই অঞ্চলৰ পাছতেই পশ্চিম ঘাট পৰ্বতমালা, পশ্চিম হিমালয়ৰ পূব অংশত (কুমাওন হিমালয়) অৰ্কিডৰ বৈচিত্ৰ্যতা দেখা পোৱা যায়।
অসমৰ অৰ্কিডসম্পাদনা কৰক
উত্তৰ- পূব ভাৰতক অৰ্কিডৰ হ'টস্পট বুলি জনা যায়, কিয়নো ভাৰতবৰ্ষৰ ৭২ শতাংশ অৰ্থাৎ প্ৰায় ৮২৫ বিধ মান অৰ্কিড এই অঞ্চলতেই পোৱা যায়।
অৰ্কিডৰ বৈচিত্ৰ্যতাৰ ক্ষেত্ৰত উত্তৰ- পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশৰ পাছতেই দ্বিতীয় স্থানত অসম। বৰ্তমানলৈকে অৰুণাচলত ১৪৪টা গণৰ ৫৫৮টা অৰ্কিডৰ প্ৰজাতিৰ কথা জনা গৈছে[5]। অসমত এতিয়ালৈকে পোৱা অৰ্কিডৰ প্ৰজাতিৰ সংখ্যা হৈছে ৪০১ টা[6]। এই প্ৰজাতিসমূহ ১০২টা গণৰ অন্তৰ্ভুক্ত[7]। তাৰে ১২৩টা প্ৰজাতি স্থলজীৱি বা মৃতজীৱি আৰু ২৭৮টা প্ৰজাতি পৰাশ্ৰয়ী বা শৈলজীৱি। ২০১৯ চনলৈকে অসমত ৩৯৮টা অৰ্কিডৰ উপস্থিতিৰ কথা জনা গৈছিল[7]। কিন্তু শেহতীয়াকৈ হোৱা দুই গৱেষণাত অসমৰ লক্ষ্মীমপুৰ জিলাৰ পৰা অৰ্কিডৰ দুটাকৈ নতুন প্ৰজাতি[8] আৰু বিশ্বনাথ জিলাৰ বিহালী সংৰক্ষিত বনাঞ্চলৰ পৰা এটা নতুন প্ৰজাতি[6]ৰ কথা পোহৰলৈ অহাত আজিৰ তাৰিখত অসমে ৪০১ বিধ অৰ্কিডৰ বাসভূমি বুলি চিনাকি দিব পাৰিছে।
অসমৰ অৰ্কিডসমূহৰ ভিতৰত Dendrobium গণৰ অৰ্কিডেই সিংহভাগ দেখা যায়।
চিত্ৰ বীথিকাসম্পাদনা কৰক
অসমৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ এবিধ অৰ্কিড Dendrobium lituiflorum
অসম আৰু অৰুণাচলৰ জাতীয় ফুল: কপৌফুল। অৰ্কিড Rhyncostylis retusa
পশ্চিমঘাট পৰ্বতমালাৰ এবিধ অৰ্কিড Brachycorythis
বিশ্বৰ ভিতৰত মাত্ৰ পশ্চিমঘাট পৰ্বতমালাতহে পোৱা এবিধ অৰ্কিড Habenaria rariflora
নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ Gastrochilus obliquus var. suavis অৰ্কিড
মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বিৰিখত মেকুৰীখোজীয়া কপৌ। অৰ্কিড: Dendrobium jenkinsii
মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ স্থলজীৱি অৰ্কিড Calanthe odora
তথ্যউৎসসম্পাদনা কৰক
- ↑ Christenhusz, M. J. M.; Byng, J. W. (2016). "The number of known plants species in the world and its annual increase". Phytotaxa খণ্ড 261 (3): 201–217. doi:10.11646/phytotaxa.261.3.1. http://biotaxa.org/Phytotaxa/article/download/phytotaxa.261.3.1/20598.
- ↑ "WCSP". World Checklist of Selected Plant Families. http://data.kew.org/cgi-bin/vpfg1992/genlist.pl?ORCHIDACEAE। আহৰণ কৰা হৈছে: 2 April 2010. (See External links below).
- ↑ Yohan Pillon; Mark W. Chase (2007). "Taxonomic exaggeration and its effects on orchid conservation". Conservation Biology খণ্ড 21 (1): 263–265. doi:10.1111/j.1523-1739.2006.00573.x. PMID 17298532.
- ↑ Misra, S. 2004. Orchids of Orissa. Bishen Singh Mahendra Pal Singh, Dehra Dun
- ↑ Sarma, Jintu & Gogoi, Nirmali & Narzari, Rumi & Gogoi, Lina & Bharadwaj, Nandita & Kataki, Rupam & Gogoi, Khyanjeet. (2020). Orchid Wealth of North East India and Its conservation: A critical concern.
- ↑ 6.0 6.1 Borah, Dipankar & Gogoi, Khyanjeet & Kafley, Parixit & Das, Niku & Tangjang, Sumpam. (2021). Checklist of orchids of Biswanath district of Assam, India, with a new record for the state.
- ↑ 7.0 7.1 Gogoi, K., 2019. Orchids of Assam - A Pictorial Guide. Dibrugarh University, Dibrugarh, Assam 10 p.
- ↑ Gogoi, Khyanjeet & Gogoi, Rupantar & Sonowal³, Rituraj & Borah, Dipankar. (2021). Checklist of orchids of Lakhimpur district of Assam (India) with the addition of two rare orchids.