উত্তৰ-পূব ভাৰত

উত্তৰ-পূব ভাৰতৰ ৰাজ্যসমূহৰ গোট


উত্তৰ-পূব ভাৰত বুলিলে ভাৰতৰ একেবাৰে পূবদিশত থকা সাতভনী ৰাজ্যসমূহ, ছিক্কিম আৰু উত্তৰ বংগৰ কিছু অংশক (দাৰ্জিলিং, জলপাইগুৰি আৰু কোচবিহাৰ জিলা) বুজোৱা হয়। গোষ্ঠীগতভাৱে এই অংশ ভাৰতৰ আন ঠাইতকৈ পৃথক। পূব এছিয়া আৰু দক্ষিণ-পূব এছিয়াৰ লগত ইয়াৰ জাতিগত আৰু সাংস্কৃতিক মিল আছে, আৰু সংস্কৃতকৰণৰ পৰা আঁতৰত থকা কুকি বা অন্যান্য কিছুমান জনগোষ্ঠীও দেখিবলৈ পোৱা যায়। ভাষাতাত্ত্বিক দিশৰ পৰা এই অঞ্চলত তিব্বতীয়-বাৰ্মীয় ভাষাৰ প্ৰভাৱ দেখা যায়। এই আঠখন ৰাজ্যক অধিকাৰিকভাৱে এটা সুকীয়া শ্ৰেণীৰ স্বীকৃতি দিয়া হৈছে: উত্তৰ পূব পৰিষদ (North Eastern Council-NEC)[1] ১৯৭১ চনত উত্তৰ-পূৰ্বাঞ্চলৰ আৰ্থিক আৰু সামাজিক উন্নয়নৰ বাবে গঠন কৰা হয়; North Eastern Development Finance Corporation Ltd (NEDFi)[2] গঠন কৰা হয় ১৯৯৫ চনৰ ৯ আগষ্টত, আৰু ২০০১ চনৰ চেপ্টেম্বৰত Ministry of Development of Northeastern Region (DoNER)[3][4] গঠন কৰা হয়।

উত্তৰ-পূব ভাৰত
Location of Northeast India
ভাৰতত উত্তৰ-পূৰ্বাঞ্চলৰ স্থিতি
জনসংখ্যা 38,857,769
মাটিকালি 2,62,230 বৰ্গ কি.মি. (2.6223×1011 বৰ্গ মিটাৰ)
ঘনবসতি ১৪৮  /বৰ্গ কিমি
সময় স্থান IST (UTC+5:30)
ৰাজ্য আৰু অঞ্চল অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিক্কিম, ত্ৰিপুৰা
বৃহৎ নগৰসমূহ (২০০৮) গুৱাহাটী, ডিমাপুৰ, আগৰতলা, ছিলং, আইজল,
ধৰ্ম খ্ৰীষ্টান, বৌদ্ধ, হিন্দু, ইছলাম
১৯৫০ চনত অসম ৰাজ্যৰ মানচিত্ৰ

উত্তৰ-পূবৰ ৰাজ্যসমূহৰ ভিতৰত ছিক্কিমে ১৯৪৭ চনত ভাৰতৰ অধীনস্থ ৰাজ্য আৰু ১৯৭৫ চনৰ পূৰ্ণাঙ্গ ৰাজ্যৰ স্বীকৃতি পায়। ২১-৪০ কি:মি: গড় প্ৰস্থতাৰ পশ্চিম বংগৰ শিলিগুৰি ক'ৰিডৰে উত্তৰ পূৰ্বাঞ্চলক ভাৰতৰ আন ঠাইৰ লগত সংযোগ কৰিছে। উত্তৰ পূৰ্বাঞ্চলৰক ২০০০তকৈও অধিক কি:মি: দৈৰ্ঘ্যৰ সীমাই আন দেশ যেনে- নেপাল, চীন, ভূটান, ম্যানমাৰ আৰু বাংলাদেশৰ পৰা পৃথক কৰিছে। উত্তৰ-পূব ভাৰত আঠখন ৰাজ্যৰে গঠিত: অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰা; এইবোৰক সাধাৰণতে "সাতভনী" বুলি জনা যায়, আৰু "ভাই" ৰাজ্য ছিক্কিম। এই অঞ্চলৰ পৰ্যটন ভাৰতৰ বাকী অংশতকৈ পৃথক অনন্য হিমালয়ৰ ভূ-প্ৰকৃতি আৰু সংস্কৃতিক কেন্দ্ৰ কৰি গঢ় লৈ উঠিছে।[5]

উত্তৰ-পূব ভাৰতৰ সাতভনী ৰাজ্যসমূহ





তথ্য সংগ্ৰহ

সম্পাদনা কৰক

বাহ্যিক সংযোগ

সম্পাদনা কৰক