আইচ ক্ৰীম
আইচ ক্ৰীম (ইংৰাজী: :Ice cream) সাধাৰণতে গাখীৰ বা ক্ৰীমৰ পৰা তৈয়াৰী এবিধ মিঠা ঠাণ্ডা অতি জনপ্ৰিয় খাদ্য। ইয়াক গাখীৰ, চেনি বা বিকল্প মিঠাই আৰু বিভিন্ন ৰুচিৰ মছলা যেনে ক'ক', ভেনিলা আদি আৰু বিভিন্ন সুস্বাদু ৰসাল ফলৰ সোৱাদ দি তৈয়াৰ কৰা হয় । কেতিয়াবা ষ্টেবিলাইজাৰৰ উপৰিও অধিক আকৰ্ষনীয় কৰিবলৈ খাদ্যত দিয়া ৰং যোগ কৰা হয়। উপৰুক্ত সকলোবোৰ বস্তু ভালদৰে মিহলাই পানীৰ হিমাংকতকৈও তলৰ উষ্ণতালৈ নি জমিবলৈ দিয়া হয় আৰু বায়ুৰ কনিকা জমা হৈ বৰফৰ স্ফটিক গঠন নহ’বলৈ মিশ্ৰণ টো সঘনে লৰচৰ কৰি থকা হয়। সোৱাদযুক্ত ক্ৰীম বেচ আৰু তৰল নাইট্ৰজেন একেলগে খৰকৈ ফেটিও আইচ ক্ৰীম তৈয়াৰ কৰিব পাৰি। সঘনে লৰচৰ বা খৰকৈ ফেটাৰ ফলত মিহি কোমল ডাঠ ফেন উৎপন্ন হয় যি অতি কম উষ্ণতাত (২ ডিগ্ৰী চেলছিয়াছ বা ৩৫ ডিগ্ৰী ফাৰেনহাইটৰ তলত) কঠিন হয় আৰু উষ্ণতা বৃদ্ধিৰ লগে লগে ই অধিক নমনীয় হৈ পৰে।
Vanilla ice cream served with whipped cream, chocolate sauce and a wafer | |
প্ৰকাৰ | Frozen dessert |
---|---|
মুখ্য উপাদান | Milk, cream, sweetener, flavoring |
ভিন্ন প্ৰকাৰ | Gelato, frozen custard |
আইচক্ৰীম সৰু প্ৰাত্ৰত লৈ হাতেৰে বা চামুচেৰে পৰিবেশন কৰিব পাৰি, বা হাতেৰে ধৰি ৱেফাৰ আইচক্ৰীমৰ কনৰ পৰা চেলেকিব পাৰি। আইচক্ৰীম আন ডেজাৰ্টৰ সৈতে পৰিবেশন কৰিব পাৰি—যেনে কেক বা পাই—বা ঠাণ্ডা খাদ্যত উপাদান হিচাপে ব্যৱহাৰ কৰিব পাৰি—যেনে আইচক্ৰীম ফ্ল’ট, চাণ্ডে, মিল্কশ্বেক, আৰু আইচক্ৰীম কেক—বা বেকড আলাস্কাৰ দৰে বেকড বস্তুত।
মানদন্দ অনুসৰি পৃথিবীৰ বিভিন্ন দেশত আইচক্ৰীমৰ নামৰ অৰ্থ বেলেগ বেলেগ। কিছুমান দেশত, যেনে আমেৰিকাত, কেৱল এটা নিৰ্দিষ্ট জাতৰ বাবেহে আইচক্ৰীম নামটো প্ৰযোজ্য আৰু আন বেছিভাগ ঠাইতে চৰকাৰে মূল উপাদানসমূহৰ আপেক্ষিক পৰিমাণ অনুসৰি, বিশেষকৈ ক্ৰীমৰ পৰিমাণ অনুসৰি বিভিন্ন নামেৰে ইয়াৰ বাণিজ্যিক ব্যৱহাৰ নিয়ন্ত্ৰণ কৰে।[1] আইচক্ৰীমৰ মাপকাঠী পূৰণ নকৰা সামগ্ৰীসমূহক "ফ্ৰ'জেন ডেইৰী ডেজাৰ্ট" বুলি লেবেল লগোৱা হয়।[2] আন কিছুমান দেশ যেনে, ইটালী আৰু আৰ্জেন্টিনাত সকলো বিধ আইচক্ৰীমৰ বাবে এটাই শব্দ ব্যৱহাৰ কৰা হয়।
ইতিহাস
সম্পাদনা কৰকপ্ৰথম অৱস্থাত ফ্ৰ’জেন ডেজাৰ্টৰ উৎপত্তি অস্পষ্ট যদিও ইয়াৰ ইতিহাসৰ বিষয়ে কেইবাটাও বিৱৰণ আছে। কিছুমান উৎসত হিমায়িত ডেজাৰ্টৰ উৎপত্তি খ্ৰীষ্টপূৰ্ব ৫৫০ চনত পাৰস্য (ইৰাণ)ৰ পৰা হোৱা বুলি বৰ্ণনা কৰা হৈছে।[3] প্ৰথম শতিকাৰ এখন ৰোমান ৰন্ধন পুথিত বৰফ ছটিয়াই দিয়া মিঠা ডেজাৰ্টৰ ৰেচিপি অন্তৰ্ভুক্ত কৰা হৈছে, আৰু দ্বিতীয় শতিকাৰ পৰা বৰফেৰে ঠাণ্ডা কৰা মিঠাযুক্ত পানীয়ৰ বিষয়ে পাৰ্চীত লিপিবদ্ধ আছে।[4]
বৰফ আৰু সোৱাদযুক্ত চিৰাপেৰে তৈয়াৰী ‘কাকিগোৰি’ হৈছে আন এবিধ জাপানীজ ডেজাৰ্ট। যাৰ উৎপত্তি জাপানৰ ইতিহাসৰ ‘হেইয়ান’ যুগৰ বুলি, [5] ‘দ্য পিল'বুক’ নামৰ এখন পৰ্যবেক্ষণৰ কিতাপত উল্লেখ আছে, যি খন হেইয়ান যুগত ইম্পেৰিয়েল ক'ৰ্টত সেৱা আগবঢ়োৱা ছেই শ্বোনাগন নামৰ ব্যক্তি এজনে লিখিছিল।[6][7]
এণ্ডোথাৰ্মিক ইফেক্টৰ আৱিষ্কাৰৰ লগে লগে আইচক্ৰীম উৎপাদন সহজ হৈ পৰিল।[8] ইয়াৰ আগতে ক্ৰীম সহজে ঠাণ্ডা কৰিব পাৰিছিল যদিও ফ্ৰীজত ৰাখিব পৰা নাছিল।
ষোড়শ শতিকাত মোগল সাম্ৰাট সকলে অশ্বাৰোহীৰ ৰিলে ব্যৱহাৰ কৰি হিন্দুকুশ পৰ্ব্বতৰ পৰা ভাৰতৰ পৰা নিয়া মটকা পাত্ৰত বৰফ ভৰাই নিজৰ ৰাজধানী দিল্লীলৈ লৈ আহিছিল,আৰু ভাৰতীয় উপমহাদেশৰ জনপ্ৰিয় ফ্ৰ'জেন ডেইৰী ডেজাৰ্ট কুলফি তৈয়াৰ কৰিছিল, যাক প্ৰায়ে "পৰম্পৰাগত ভাৰতীয় আইচক্ৰীম" বুলি বৰ্ণনা কৰা হৈছিল।[9]
উপাদান আৰু গুণগত মানৰ সংজ্ঞা
সম্পাদনা কৰকআমেৰিকাত এফ ডি এৰ নিয়ম অনুসৰি কোৱা হৈছে যে "আইচক্ৰীম" বুলি বৰ্ণনা কৰিবলৈ হ'লে এটা সামগ্ৰীৰ গঠন তলত দিয়া ধৰণৰ হ'ব লাগিব:[10] ১০%তকৈ অধিক গাখীৰৰ চৰ্বি
৬ৰ পৰা ১০% গাখীৰ আৰু চৰ্বিহীন গাখীৰৰ কঠিন পদাৰ্থ: ইয়াত গাখীৰত পোৱা প্ৰটিন (কেচিন আৰু ৱে প্ৰটিন) আৰু কাৰ্বহাইড্ৰেট (লেক্ট’জ) থাকে ইয়াৰ সাধাৰণতে এইবোৰো আছে:[11] ১২ৰ পৰা ১৬% মিঠাই: সাধাৰণতে চুক্ৰ’জ আৰু গ্লুক’জ ভিত্তিক কৰ্ণ চিৰাপ মিঠাইৰ সংমিশ্ৰণ
০.২ৰ পৰা ০.৫% ষ্টেবিলাইজাৰ আৰু ইমালচাইয়াৰ
৫৫ৰ পৰা ৬৪% পানী, যিটো গাখীৰ বা অন্যান্য উপাদানৰ পৰা আহে।
কানাডাৰ খাদ্য আৰু ঔষধ আইন আৰু নিয়ম অনুসৰি কানাডাত আইচক্ৰীমক "আইচক্ৰীম মিক্স" আৰু "আইচক্ৰীম" বুলি ভাগ কৰা হয়। প্ৰত্যেকৰে নিয়মৰ গোট বেলেগ বেলেগ।[12]
"আইচক্ৰীম"ত কমেও ১০ শতাংশ গাখীৰৰ চৰ্বি থাকিব লাগিব, আৰু প্ৰতি লিটাৰত কমেও ১৮০ গ্ৰাম (৬.৩ অ'জ) কঠিন পদাৰ্থ থাকিব লাগিব। যেতিয়া ক'ক', চকলেট চিৰাপ, ফল, বাদাম বা মিঠাই যোগ কৰা হয়, তেতিয়া গাখীৰৰ চৰ্বিৰ শতকৰা হাৰ ৮ শতাংশ হ'ব পাৰে।[13]
ভৌতিক ধৰ্ম
সম্পাদনা কৰকআইচক্ৰীমক কলয়ডাল ব্যৱস্থা বুলি গণ্য কৰা হয়। ই বৰফৰ কণিকা আৰু ইয়াত থকা গোটা পদাৰ্থ, আইচক্ৰীমৰ সৈতে মিশ্ৰণ নোহোৱা বায়ুৰ সৰু সৰু বুদবুদ আৰু আংশিকভাৱে একত্ৰিত হোৱা চৰ্বিৰ সৰু সৰু কণিকাৰ দ্বাৰা গঠিত। সকলো সৰু সৰু কণিকাৰে গথিত এই পৰ্যায়টোক চেনি, প্ৰটিন, লৱণ, পলিচেকাৰাইড আৰু পানীৰে গঠিত এটা অ ফ্ৰ’জেন স্তৰে আগুৰি থাকে। ইহঁতৰ পাৰস্পৰিক ক্ৰিয়াই আইচক্ৰীমৰ ধৰ্ম নিৰ্ধাৰণ কৰি কোমল আৰু হুইপি বা কঠিন ৰূপত গঢ় দিয়ে ।[14]
ভাৰতবৰ্ষত আইচক্ৰীম
সম্পাদনা কৰকবিশ্বজুৰি বিভিন্ন দেশে নিজৰ নিজৰ সংস্কৃতি, ৰুচি আৰু পছন্দ অনুসৰি আইচক্ৰীমৰ বিভিন্ন সংস্কৰণ প্ৰস্তুত কৰিছে আহিছে। ভাৰতবৰ্ষ বিশ্বৰ ভিতৰতে আইচক্ৰীমৰ অন্যতম বৃহৎ উৎপাদনকাৰী দেশ যদিও ইয়াৰ অধিকাংশ আইচক্ৰীম থলুৱা ভাৱে প্ৰস্তুত কৰি খোৱা হয়। ইয়াত উপলব্ধ আই চক্ৰীমত সাধাৰণ আৰু স্থানীয় ভাবে পোৱা সোৱাদ যুক্ত, যেনে- আম, গোলাপ, বদাম (আলমণ্ড), ষ্ট্ৰবেৰী, কেশৰ, পিষ্টা, চকলেট আৰু ইয়াৰ লগত বাদাম, গোলাপৰ পাহি, কেশৰৰ ডাল, আৰু আন মিঠাইৰ টুকুৰা যেনে ৰাবদ্ৰী আৰু গুলাব জামুন দিয়া হয়।
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ "Ice Cream Labeling: What Does it all Mean?"". International Foodservice Distributors Association.. 9 August 2008..
- ↑ ""Ice Cream's Identity Crisis".". The New York Times.17 April 2013. Archived from the original on 2 January 2017. Retrieved 1 January 2017.. 17 April 2013.
- ↑ Marks, Gil ((17 November 2010).). Encyclopedia of Jewish Food. HMH.. ISBN ISBN 978-0-544-18631-6..
- ↑ Clarke, Chris ((2004).). Science of Ice Cream.. Royal Society of chemistry.. পৃষ্ঠা. p. 4..
- ↑ ""Nice ice, baby: what's in those pricier Japanese shaved ice desserts".Retrieved 8 April 2020.". South China Morning Post. Archived from the original on 22 May 2020.. 18 August 2019..
- ↑ "The Pillow Book".on 13 April 2021 Retrieved 8 April 2020.. Archived from the original. 2021..
- ↑ Yako, Nao Retrieved 9 April 2020. (26 September ( 2019).). ""Natural ice becoming popular source for shaved frozen treat".". Honolulu Star-Advertiser..
- ↑ Goldstein, Darra, ed. ((2015).). The Oxford Companion to Sugar and Sweets..
- ↑ Frozen Desserts: The Definitive Guide to Making Ice Creams, Ices, Sorbets, Gelati, and Other Frozen Delights, Macmillan, 1996, ... (15 July 1996),. ISBN ISBN 978-0-312-14343-5,.
- ↑ "§135.110 Ice cream and frozen custard". Retrieved 15 September 2019.. Archived from the original on 23 February 2020.. 23 February 2020..
- ↑ Goff, H. Douglas.. "Ice Cream Ingredients". Dairy Science and Technology Education Series. Retrieved 15 September 2019.. Archived from the original on 1 August 2020..
- ↑ ""Consolidated federal laws of canada, Food and Drug Regulations".". Archived from the original on Retrieved 16 July 2019.. Branch, Legislative Services (3 June 2019).. laws.justice.gc.ca.. 2 September 2019..
- ↑ ""Consolidated federal laws of canada, Food and Drug Regulations". Retrieved 6 July 2017.". laws.justice.gc.ca.. Branch, Legislative Services.. Archived from the original on. 13 July 2017..
- ↑ Arana, Ignacio ((2012).). Physical Properties of Foods: Novel Measurement Techniques and Applications. p. 385.. CRC Press.. ISBN ISBN 978-1439835364..