আও ভাৰতনাগালেণ্ড ৰাজ্যৰ এটা প্ৰধান নগা জনজাতি। এওঁলোক খ্ৰীষ্টান ধৰ্মান্তৰিত হোৱা প্ৰথমটো নগা জনাজাতি। খ্ৰীষ্টান ধৰ্মৰ লগতে পশ্চিমীয়া শিক্ষাব্যৱস্থাকো আওসকলে পোনপ্ৰথমে গ্ৰহণ কৰি লয়। ১৮৭২ চনত এমেৰিকান বেপ্টিষ্ট মিছ্যনেৰী এডৱিন ক্লাৰ্ক (Edwin W. Clark) মলুংকিমং, (Molungkimong) নামৰ এখন আও গাঁৱত ভৰি দিয়াৰ পিছৰে পৰাই খ্ৰীষ্টান ধৰ্ম নাগালেণ্ডত প্ৰবেশ কৰে। আওসকলৰ প্ৰধান ভূমি হৈছে পূবে চুলা উপত্যকা (Tsula [Dikhu]) ৰ পৰা পশ্চিমে মোককচাং জিলালৈকে। আও নগাসকলে বছৰজুৰি কৃষিৰ লগত জড়িত নানা উৎসৱ পালন কৰে।

আও নগা জনজাতি
পৰম্পৰাগত সাজপাৰত এগৰাকী আও মহিলা
উল্লেখযোগ্য জন-অধ্যুষিত অঞ্চলসমূহ
 ভাৰত
নাগালেণ্ড ২,২৬,৬২৫ জন [1]
ভাষাসমূহ

আও ভাষা, ইংৰাজী ভাষা

ধৰ্ম

খ্ৰীষ্টান ধৰ্ম

সংশ্লিষ্ট নৃতাত্ত্বিক গোষ্ঠী

আন নগা জনজাতি

বিস্তাৰ সম্পাদনা কৰক

২০১১ চনৰ লোকপিয়ল অনুসৰি নাগালেণ্ডত আওসকলৰ মুঠ জনসংখ্যা ২২৭,০০০ জন। নাগালেণ্ডৰ মোককচাং জিলা এই জনজাতিৰ লোকৰ মূল বাসস্থান। এই জিলাৰ মুঠ মাটিকালি ১৬১৫ বৰ্গ কিলোমিটাৰ। কিছুসংখ্যক আও নগা লোক চুবুৰীয়া অসমতো বাস কৰে। মোককচাং জিলাৰ মুঠ ছটা পৰ্বতশ্ৰেণীত আও নগাসকলে বাস কৰে।

  • Tzurangkong ৰেঞ্জ:এই পৰ্বত শ্ৰেণীটো অসম উপত্যকাৰ কাষৰীয়া আৰু দিচাই (Dissai) আৰু ঝাঞ্জি (Jhanzi) নদীৰ উপত্যকাৰ সমান্তৰালকৈ অৱস্থিত। পাহাৰবোৰ ঘন বাঁহেৰে পৰিপূৰ্ণ।
  • Japukong ৰেঞ্জ: এই পৰ্বত শ্ৰেণী জিলাখনৰ উত্তৰ-পূবৰ পৰা দক্ষিণ-পশ্চিম অঞ্চললৈকে আছে। এই পৰ্বত শ্ৰেণী Tzurangkong ৰেঞ্জৰ দক্ষিণত অৱস্থিত।
  • Changkikong ৰেঞ্জ: এই পৰ্বতশ্ৰেণী Japukong ৰেঞ্জৰ পূবদিশত অৱস্থিত।
  • Asetkong ৰেঞ্জ: এই পৰ্বতশ্ৰেণী আটাইতকৈ চমু দৈৰ্ঘ্যৰ যদিও জিলাখনৰ পূবৰ পৰা পশ্চিমলৈ বিস্তাৰ হৈ থকা প্ৰধান পৰ্বত শ্ৰেণী। এই পৰ্বতসমূহ মেলাক (Melak) আৰু মেনুং (Menung) নদী দুখনৰ মাজত অৱস্থিত। গতিকে ইয়াক নদীদ্বীপ যেন দেখা যায় আৰু সেয়ে ইয়াৰ নাম Asetkong য্ত Aset ৰ অৰ্থ হৈছে দ্বীপ।
  • Langpangkong ৰেঞ্জ: এই পৰ্বতশ্ৰেণী জিলাখনৰ আটাইতকৈ উত্তৰে আৰু দিখু (Dikhu) নদীৰ সমান্তৰালকৈ অৱস্থিত। এই নদীখনে মোককচাং জিলাৰ টুৱেনচাং আৰু মন জিলাৰ সৈতে প্ৰাকৃতিক সীমা নিৰ্ধাৰণ কৰি দিছে।
  • Onpangkong ৰেঞ্জ: এই পৰ্বতশ্ৰেণী জিলাখনৰ আটাইতকৈ দক্ষিণত অৱস্থিত। পৰ্বতসমূহে আও সকলৰ বাসস্থানৰ পৰা অন্যান্য জনজাতি যেনে দক্ষিণৰ লোথা আৰু ছেমাসকল আৰু পূবে চাংটামসকলৰ বাসস্থানৰ সীমা নিৰ্ধাৰণ কৰিছে। Ongpangkong নামটোৰ অৰ্থ উচ্চতৰ যি এই পৰ্বত অন্য পৰ্বতশ্ৰেণীতকৈ উচ্চতৰ হোৱাটো বুজায়।

ধৰ্ম সম্পাদনা কৰক

১৮৭২ চনত আমেৰিকান খ্ৰীষ্টান মিছনেৰীসকলৰ আগমণে আওসকলৰ খ্ৰীষ্টান ধৰ্মান্তকৰণ আৰম্ভ কৰে। গতিকে আওসকল খ্ৰীষ্টান ধৰ্মান্তৰিত হোৱা নাগালেণ্ডৰ প্ৰথমটো জনজাতি। বৰ্তমান আওসকলৰ প্ৰায় সকলো লোকেই খ্ৰীষ্টান ধৰ্মাৱলম্বী।

তথ্যসূত্ৰ সম্পাদনা কৰক

  • Mills, J. P. (1926). The Ao Nagas. London: Macmillan and Co.
  • Smith, William C. (2002). The Ao-Naga tribe of Assam. New Delhi: Mittal.
  • Oppitz, Michael, Thomas Kaiser, Alban von Stockhausen & Marion Wettstein. 2008. Naga Identities: Changing Local Cultures in the Northeast of India. Gent: Snoeck Publishers.
  • Kunz, Richard & Vibha Joshi. 2008. Naga – A Forgotten Mountain Region Rediscovered. Basel: Merian.
  • von Stockhausen, Alban. 2014. Imag(in)ing the Nagas: The Pictorial Ethnography of Hans-Eberhard Kauffmann and Christoph von Fürer-Haimendorf. Arnoldsche, Stuttgart
  • Wettstein, Marion. 2014. Naga Textiles: Design, Technique, Meaning and Effect of a Local Craft Tradition in Northeast India. Arnoldsche, Stuttgart
  1. "A-11 Individual Scheduled Tribe Primary Census Abstract Data and its Appendix". Government of Indiacensusindia.gov.in. http://www.censusindia.gov.in/2011census/PCA/ST.html। আহৰণ কৰা হৈছে: 28 October 2017. 

বাহ্যিক সংযোগ সম্পাদনা কৰক