মোককচাং জিলা (Mokokchung; Pron:/ˌməʊkɒkˈtʃʌŋ/) ভাৰতনাগালেণ্ড ৰাজ্যৰ এখন জিলা৷ এই জিলাৰ সদৰঠাই হৈছে মোককচাং টাউন৷ এই জিলাখনৰ সংখ্যাগৰিষ্ঠ অধিবাসীয়ে আও নগা জনজাতিৰ৷[1] জিলাখনৰ উত্তৰে অসম, পশ্চিমে ৱখা জিলা, পূবে লংলেং আৰু টুৱেনচাং জিলা আৰু দক্ষিণে জুন্হেব’ট’ জিলা অৱস্থিত৷

মোককচাং জিলা
—  নাগালেণ্ডৰ জিলা  —
নাগালেণ্ডত মোককচাংৰ অৱস্থান
নাগালেণ্ডত মোককচাংৰ অৱস্থান
দেশ  ভাৰত
ৰাজ্য নাগালেণ্ড
মহকুমা মোককচাং, তুলি, Mangkolemba আৰু Changtongya
চৰকাৰ
 - লোকসভা সমষ্টি নাগালেণ্ড
জনসংখ্যা (২০১১)
 - মুঠ ১,৯৩,১৭১ জন
সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০)
স্থানাঙ্ক 26°19′N 94°31′E / 26.317°N 94.517°E / 26.317; 94.517স্থানাংক: 26°19′N 94°31′E / 26.317°N 94.517°E / 26.317; 94.517
ৱেবছাইট আনুষ্ঠানিক ৱেবছাইট

ইতিহাস সম্পাদনা কৰক

ব্ৰিটিছৰ শাসনৰ সময়ত মোককচাং জিলা নাগা হিলছ ডিষ্ট্ৰিক্টৰ অন্তৰ্ভুক্ত আছিল৷ এই জিলাৰ অধীনতে ১৮৮৯ চনত মোককচাং মহকুমা গঠন কৰা হয়৷ ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত ১৯৫৭ চনত এই জিলাৰ পৰা মোককচাং, ক’হিমা আৰু টুৱেনছাং অংশই পৃথক জিলা হিচাপে স্বীকৃতি লাভ কৰে৷ ১৯৬৩ চনত নাগালণ্ড ভাৰতৰ ১৬ তম জিলা হিচাপে পৰিগণিত হয়৷ ১৯৭৩ চনত মোককচাং জিলাৰ একাংশ পৃথক কৰি জুন্হেব’ট’ আৰু ৱখা জিলা হিচাপে ঘোষণ কৰা হয়৷[2]

ভৌগোলিক অৱস্থান সম্পাদনা কৰক

 
মোককচাং জিলা সদৰ
 
মোককচাং টাউন

মোককাং জিলাৰ মুঠ মাটিকালি ১৬১৫ বৰ্গ কিলোমিটাৰ [3] জিলাখনত মুঠ ছটা পৰ্বতশ্ৰেণী আছে৷ পৰ্বতসমূহ প্ৰায় ইটো সিটোৰ সমান্তৰাল ভাৱে অৱস্থিত৷ জিলাখন ৯৪.২৯ আৰু ৯৪.৭৬ দ্ৰাঘিমাংশ আৰু ২৬.২০ আৰু ২৬.৭৭ অক্ষাংশত অৱস্থিত৷ এই জিলাৰ মূল উপত্যকাবোৰ হৈছে Tsurang, Changki আৰু Milak উপত্যকা৷ কৃষি আৰু উদ্যোগৰ ফালৰ পৰা নাগালেণ্ড ৰাজ্যৰ আটাইতকৈ উন্নত জিলাসমূহৰ ভিতৰত এই জিলা প্ৰধান৷ জিলাখনৰ কৃষিৰ ক্ষেত্ৰত প্ৰধান অঞ্চলসমূহ হ’ল Changki-Longnak, Tsurang, Milak আৰু Dikhu উপত্যকা অঞ্চল৷ Tuli-Milak আৰু Changki-Longnak উপত্যকা উদ্যোগৰ ক্ষেত্ৰত আগবঢ়া অঞ্চল৷

মূল পৰ্বতশ্ৰেণী সম্পাদনা কৰক

  • Ongpangkong
  • Asetkong
  • Jangpetkong
  • Japukong
  • Langpangkong
  • Tsurangkong

ভূমিৰ ব্যৱহাৰ (Land use) সম্পাদনা কৰক

বিভাগ মাটিকালি (বৰ্গ কিমি)
মুঠ মাটিকালি ১৬১৫
বনবিভাগ ক্ৰয় কৰা মাটিকালি ৪৯.৬৬
কৃষি ১৮০.৩৯
টাউন আৰু গাওঁ ১০.৫০
উদ্যানকৃষি (Horticulture) ৮.১২
উন্নয়ন বিভাগ ৩৮৬.০৭
ব্যৱহাৰৰ অনুপযোগী (degraded) ৯৮২.৬২

প্ৰশাসন সম্পাদনা কৰক

মোককচাং জিলাৰ সদৰ ঠাই মোককচাং টাউনত অৱস্থিত৷ জিলাখনৰ মূল প্ৰশাসনিক বিষয়া হৈছে উপায়ুক্ত (Deputy Commissioner)।[2]

জিলাখনৰ মুঠতে চাৰিটা মহকুমা আছে: মোককচাং (Mokokchung), তুলি (Tuli), Mangkolemba আৰু Changtongya৷[4] এই মহকুমাসমূহ নটা প্ৰশাসনিক বৃত্ত (administrative/revenue circles ) বিভক্ত কৰা হৈছে - Ongpangkong, Tuli, Chuchuyimlang, Changtongya, Mangkolemba, Kubolong, Alongkima, Longchem আৰু Merangmen.[5][6][4][2][7]

ইয়াৰ উপৰিও জিলাখনৰ ছটা গ্ৰাম্য উন্নয়ন ব্লক (Rural Development Block, RDBs) আছে৷ Longchem আৰু Kubolong চাৰ্কোলৰ নিজা গ্ৰাম্য উন্নয়ন ব্লক আছে৷ Alongkima, Mangkolemba আৰু Merangmen মিলি Mangkolemba গ্ৰাম্য উন্নয়ন ব্লক; Tuli, Changtongya আৰু Chuchuyimlang মিলি Changtongya গ্ৰাম্য উন্নয়ন ব্লক গঠিত হৈছে৷[2]

জনসংখ্যা সম্পাদনা কৰক

২০১১ চনৰ লোকপিয়ল অনুসৰি মোককচাং জিলাৰ মুঠ জনসংখ্যা ১৯৪,৬২২ জন৷ গতিকে জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ মুঠ ৬৪০ খন জিলাৰ ভিতৰত এই জিলাৰ স্থান ৫৯১ তম৷ এই জিলাৰ প্ৰতি ১০০০ জন পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯২৫ গৰাকী৷ জিলাখনৰ সাক্ষৰতাৰ হাৰ ৯১.৬%৷[8]

এই জিলাৰ সংখ্যাগৰিষ্ঠ লোক (৯৫%) খ্ৰীষ্টান ধৰ্মাৱলম্বী৷ নাগালেণ্ডৰ জিলাসমূহৰ ভিতৰত এই জিলাই পোনপ্ৰথমে খ্ৰীষ্টানধৰ্ম গ্ৰহণ কৰে৷

জিলাখনৰ লোকসকলৰ প্ৰধান ভাষা জংলী আও (Jungli Ao)৷ অন্যান্য প্ৰচলিত উপভাষাসমূহ হৈছে Mongsen Ao আৰু Changki ভাষা৷

২০০১ চলৰ লোকপিয়ল অনুসৰি জিলাখনৰ সাক্ষৰতাৰ হাৰ ৮৪.৬%৷ জিলাখনত প্ৰতি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ১০০৪ গৰাকী৷ গতিকে ভাৰতৰ জিলাসমূহৰ ভিতৰত এই জিলাৰ লিংগৰ হাৰ সপ্তম স্বাস্থ্যকৰ হাৰ বুলি পৰিগণিত হয়৷

জিলাখনৰ মূল চহৰসমূহ হৈছে মোককচাং, তুলি টাউন ( Tuli), Changtongya আৰু Tsudikong৷[2] [9]

অৰ্থনীতি সম্পাদনা কৰক

জিলাখনৰ মূল ঔদ্যোগিক অঞ্চলসমূহ হৈছে Changki উপত্যকা, Tsurang উপত্যকা, নিম্ন Milak-Tuli অঞ্চল আৰু Dikhu-Chichung উপত্যকা৷[1]

মোককচাং জিলাৰ মূল কৃষিৰ উৎপাদনসমূহ গৈছে চাউল, গোমধান, বিলাহী আৰু কমলা৷[7]

জিলাখনত ৪২ খন প্ৰাথমিক, মাধ্যমিক চৰকাৰী বিদ্যালয়, ১০ খন ব্যক্তিগত খণ্ডৰ বিদ্যালয়, দুখন চৰকাৰী মহাবিদ্যালয় আৰু দুখন ব্যক্তিগত খণ্ডৰ মহাবিদ্যালয় আছে৷ [7]

সংস্কৃতি সম্পাদনা কৰক

মোককচাং জিলাৰ মূল উৎসৱ দুটা হৈছে Moatsü আৰু Tsüngremong৷[7]

সংবাদ মাধ্যম সম্পাদনা কৰক

  • আকাশবাণী, মোককচাং
  • Ao Milen (আও ভাষাৰ দৈনিক বাতৰি কাকত)
  • Tir Yimyim (আও ভাষাৰ দৈনিক বাতৰি কাকত)[1]
  • নাগালেণ্ড প’ষ্ট
  • http://www.easternmirrornagaland.com/
  • মৰুং এক্সপ্ৰেছ (Morung Express)

লগতে চাওক সম্পাদনা কৰক

  • নাটৱাৰ ঠাক্কাৰ (Natwar Thakkar), মোককচাং জিলাৰ এগৰাকী প্ৰসিদ্ধ সমাজকৰ্মী আৰু গান্ধীৰ অনুগামী৷

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 "About Mokokchung". National Informatics Centremokokchung.nic.in. 2017. http://mokokchung.nic.in/about.html. 
  2. 2.0 2.1 2.2 2.3 2.4 "District Census Handbook Mokokchung". Census of India. 2011. http://www.censusindia.gov.in/2011census/dchb/1302_PART_B_DCHB_MOKOKCHUNG.pdf. 
  3. "Home : Mokokchung : Nagaland". mokokchung.nic.in. http://mokokchung.nic.in/index.html#. 
  4. 4.0 4.1 Deloitte (4 December 2011). "Project Report: e-District Mission Mode Project Implementation". Government of Nagalandedistrict.gov.in. পৃষ্ঠাসমূহ: 10,28. https://edistrict.gov.in/system/files/dpr/Final%20DPR%20e-District%20Nagaland%20Ver%205.0.pdf. [সংযোগবিহীন উৎস]
  5. "Circles in Mokokchung District, Nagaland". www.census2011.co.in. http://www.census2011.co.in/data/district/609-mokokchung-nagaland.html. 
  6. "Districts". Government of Nagaland. 29 October 2012. https://www.nagaland.gov.in/portal/portal/StatePortal/GovernmentAndPrivateBodies/DistrictProfiles. 
  7. 7.0 7.1 7.2 7.3 "District Profile". Department of Information & Public Relations, Nagalandipr.nagaland.gov.in. Archived from the original on 12 November 2017. https://web.archive.org/web/20171112021602/https://ipr.nagaland.gov.in/Districtprofile?ID=Mokokchung। আহৰণ কৰা হৈছে: 11 November 2017. 
  8. "District Census 2011". Census2011.co.in. 2011. http://www.census2011.co.in/district.php। আহৰণ কৰা হৈছে: 2011-09-30. 
  9. "Mokokchung District Population Census 2011, Nagaland literacy sex ratio and density". www.census2011.co.in. http://www.census2011.co.in/census/district/609-mokokchung.html. "Metros in Mokokchung District" 

বাহ্যিক সংযোগ সম্পাদনা কৰক