আকাংক্ষা সিং

ভাৰতীয় অভিনেতা


আকাংক্ষা সিং (ইংৰাজী:  : Aakanksha Singh ; জন্ম: ৩০ জুলাই ১৯৯০) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলতঃ হিন্দী আৰু তেলুগু ভাষাৰ চলচ্চিত্ৰ আৰু টেলিভিছনৰ অনুষ্ঠানত কাম কৰে। তেওঁ থিয়েটাৰৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু কালাৰছ টিভিৰ টেলিভিছন ধাৰাবাহিক না বলে তুম না মেনে কুচ কাহা(২০১২–২০১৪)ৰ জৰিয়তে অভিনয় জীৱনত প্ৰৱেশ কৰিছিল। বদ্ৰীনাথ কী দুলহনিয়া (২০১৭) ছবিৰ অভিনয়েৰে তেওঁ ছবি অভিনয়ৰ অভিষেক ঘটায়।

আকাংক্ষা সিং

২০২২ চনৰ ফটো
জন্ম ৩০ জুলাই, ১৯৯০ (৩৩ বছৰ)
জয়পুৰ, ৰাজস্থান, ভাৰত
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ২০১২ চনৰ পৰা এতিয়ালৈ
দাম্পত্যসঙ্গী কুনাল চেইন

সিঙে মল্লী ৰাভা(২০১৭) ছবিৰে তেলুগু চলচ্চিত্ৰত প্ৰৱেশ কৰে, যাৰ বাবে তেওঁ শ্ৰেষ্ঠ মহিলা নৱাগতাৰ SIIMA বঁটাৰ মনোনয়ন লাভ কৰে৷ ইয়াৰ পিছত তেওঁ তেলুগু ছবি দেৱদাস (২০১৮), কানাড়া ছবি পাইলৱান (২০১৯) আৰু হিন্দী ছবি ৰাণৱে ৩৪(২০২২)ৰ জৰিয়তে সফলতা লাভ কৰে। ৰংবাজ: দাৰ কি ৰাজনীতি আৰু মিট কিউট(দুয়োখনেই ২০২২)কে ধৰি ৱেব ছিৰিজৰ অংশ হৈ আহিছে।

সিং ভাৰতীয় টেলি বঁটা লাভ কৰা ব্যক্তি।[1] অভিনয় কেৰিয়াৰৰ উপৰিও সিং ব্ৰেণ্ড আৰু প্ৰডাক্টৰ বাবে এগৰাকী চেলিব্ৰিটি প্ৰচাৰক।[2]

ব্যক্তিগত জীৱন সম্পাদনা কৰক

আকাংক্ষা সিঙৰ জন্ম হৈছিল ১৯৯০ চনৰ ৩০ জুলাইত ৰাজস্থানৰ জয়পুৰত।[3] তেওঁৰ মাক এগৰাকী নাট্যশিল্পী। সিং শিক্ষাৰ ফালৰ পৰা এগৰাকী ফিজিঅ'থেৰাপিষ্ট।[4] ২০১৪ চনত ৰাজস্থানত তেওঁৰ দীৰ্ঘদিনীয়া প্ৰেমিক কুনাল চাইন নামৰ এজন মাৰ্কেটিং বিষয়াক বিয়া কৰায়।[5]

কৰ্মজীৱন সম্পাদনা কৰক

 
না বলে তুম, না মেইনে কুছ কাহাৰ ছেটত সিং আৰু কাপুৰ

সিঙে ২০১২ চনত টেলিভিছন শ্ব’ না বলে তুম না মেইনে কুচ কাহাৰ জৰিয়তে অভিনয়ত আত্মপ্ৰকাশ কৰে। তেওঁ কুনাল কৰণ কাপুৰৰ বিপৰীতে দুটা সন্তান থকা বিধৱা মেঘা ব্যাস ভাটনগৰৰ চৰিত্ৰত অভিনয় কৰিছিল। অভিনয়ৰ বাবে তেওঁ “মহিলাৰ নতুন মুখ’’ৰ বাবে ইণ্ডিয়ান টেলি বঁটা লাভ কৰে। দুটা ছিজনৰ পিছত ২০১৩ চনত এই অনুষ্ঠানৰ অন্ত পৰে৷[6]

ইয়াৰ পিছত ২০১৫ চনত সসীম ধাৰাবাহিক গুলমোহৰ গ্ৰেণ্ডত অভিনয় কৰে। হোটেল উদ্যোগৰ ওপৰত ভিত্তি কৰি নিৰ্মিত এই অনুষ্ঠানত তেওঁ অনাহিতা, "এনি" মেহতা ফাৰ্নাণ্ডেজৰ চৰিত্ৰত অভিনয় কৰে। ২০১৬ চনত আহমেদাবাদ এক্সপ্ৰেছ দলৰ বক্স ক্ৰিকেট লীগৰ অংশীদাৰো আছিল সিং। ২০১৭ চনত তেওঁ আয়ে জিন্দাগীৰ এটা খণ্ডত উকীলৰ চৰিত্ৰত অভিনয় কৰিছিল।[7] ​ ২০১৭ চনত হিন্দী ছবি বদ্ৰীনাথ কি দুলহনিয়াৰ জৰিয়তে সিঙে প্ৰথমবাৰৰ বাবে চলচ্চিত্ৰত অভিনয় কৰিছিল। একে বছৰতে মল্লী ৰাভাৰ চৰিত্ৰত সুমন্তৰ বিপৰীতে তেলেগু ছবিত অভিনয় কৰিছিল। ই মিশ্ৰিতৰ পৰা ইতিবাচক সমালোচনা লাভ কৰে[8] আৰু তেওঁৰ অভিনয়ৰ বাবে তেওঁ তেলেগু ছবিৰ শ্ৰেষ্ঠ মহিলা নৱাগতাৰ SIIMA বঁটাৰ বাবে মনোনীত হয়৷[9]

২০১৮ চনত তেওঁৰ দ্বিতীয়খন তেলুগু ছবি দেৱদাস (২০১৮)ত অভিনেতা নাগাৰ্জুনৰ বিপৰীতে অভিনয় কৰে। ই ইতিবাচক সমালোচনা লাভ কৰিছিল আৰু ব্যৱসায়িকভাৱে সফলতা লাভ কৰিছিল।[10] সেই বছৰতে তেওঁ দুখন চুটি ছবি মেথি কে লাডু আৰু কাইদত অভিনয় কৰে।[11]

 
২০১৮ চনত আকাংক্ষা

​সিঙে ২০১৯ চনত অভিনেতা সুদীপৰ বিপৰীতে অভিনয় কৰি পাইলৱান ছবিখনৰ জৰিয়তে তেওঁৰ কানাড়া চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰে। ৫টা ভাষাত মুক্তি পোৱা এই ছবিখনে বক্স অফিচত মোটামুটি হিট আছিল।[12] ২০২১ চনত তেলেগু ৱেব ধাৰাবাহিক পৰমপাৰা (২০২১ টিভি ধাৰাবাহিক)ৰ জৰিয়তে ৱেবত আত্মপ্ৰকাশ কৰে।[13] ২০২২ চনত সিঙে তামিল-তেলুগু দ্বিভাষিক ছবি, ক্লেপআধি পিনিচেট্টীৰ বিপৰীতে অভিনয় কৰে। ইয়াক SonyLIVৰ প্লেটফৰ্মত মুকলি কৰা হৈছিল।[14] ইয়াৰ পিছত তেওঁ তামিল ছবি বীৰাপাণ্ডিয়াপুৰমত অভিনয় কৰি নেতিবাচক সমালোচনা লাভ কৰে।[15]ইয়াৰ পিছত তেওঁ দ্বিতীয়খন হিন্দী ছবি ৰাণৱে ৩৪অজয় দেৱগনৰ পত্নীৰ চৰিত্ৰত অভিনয় কৰে৷[16] ছবিখনে সৰ্শকৰ পৰা কিছু মিশ্ৰিত, কিছু ইতিবাচক সমালোচনা লাভ কৰিছিল।[17]

তথ্য সূ্ত্ৰ সম্পাদনা কৰক

  1. Hooli, Shekhar H. "SIIMA Awards 2018 - Telugu, Kannada nomination list out: Date, place of 7th edition revealed". International Business Times, India Edition. https://www.ibtimes.co.in/siima-awards-2018-telugu-kannada-nomination-list-out-date-place-7th-edition-revealed-777016. 
  2. "Exclusive! Aakanksha Singh: As actors we should readily take up challenges" (en ভাষাত). Hindustan Times. https://www.hindustantimes.com/entertainment/web-series/aakanksha-singh-as-actors-we-should-readily-take-up-challenges-101660658302147-amp.html. 
  3. "'Na Bole Tum Na Maine Kuch Kaha' fame Aakanksha Singh celebrates her birthday in London". The Times of India. 3 August 2018. https://timesofindia.indiatimes.com/tv/news/hindi/na-bole-tum-na-maine-kuch-kaha-fame-akanksha-singh-celebrates-her-birthday-in-london/articleshow/65199207.cms. 
  4. Shukla, Richa (4 June 2014). "Jaipur girl Akanksha is officially a physiotherapist". The Times of India. http://timesofindia.indiatimes.com/entertainment/hindi/tv/news-interviews/Jaipur-girl-Akanksha-is-officially-a-physiotherapist/articleshow/36002186.cms. 
  5. "Lesser-known husbands of TV bahus" (en ভাষাত). The Indian Express. 26 March 2020. https://indianexpress.com/photos/entertainment-gallery/lesser-known-husbands-of-tv-bahus-anita-hassanandani-drashti-dhami-disha-vakani-kavita-kaushik-6329517/9/. 
  6. "'Na Bole...' to return with season 2" (en ভাষাত). India TV News. IANS. 27 September 2012. https://www.indiatvnews.com/entertainment/bollywood/na-bole-to-return-with-season-2-5154.html. 
  7. "Aakanksha Singh to play a lawyer in an episode of Aye Zindagi". India Today. 4 September 2017. https://www.indiatoday.in/amp/television/top-stories/story/naa-bole-tum-naa-maine-kuch-khaha-fame-actress-aakanksha-singh-comeback-tv-show-aye-zindagi-lifetv-339115-2016-09-04। আহৰণ কৰা হৈছে: 28 July 2022. 
  8. Kumar, Hemanth (8 December 2017). "Malli Raava movie review: This Sumanth, Aakanksha Singh starrer is a pleasant surprise" (en ভাষাত). Firstpost. https://www.firstpost.com/entertainment/malli-raava-movie-review-this-sumanth-aakanksha-singh-starrer-is-a-pleasant-surprise-4249009.html. 
  9. Bollywood Hungama (17 September 2018). "SIIMA 2018: Baahubali multi-lingual film soars high in the Telugu category". The Free Press Journal. https://www.freepressjournal.in/cmcm/siima-2018-baahubali-multi-lingual-film-soars-high-in-the-telugu-category. 
  10. Hooli, Shekhar H. (10 September 2018). "Tollywood box office report of 2018: highest grossing Telugu movies of year; List of hits and flops". IB Times. https://www.ibtimes.co.in/2018s-tollywood-movies-box-office-collection-list-highest-grossing-telugu-films-year-780150. 
  11. "Aakanksha Singh roped in for Mayday" (en ভাষাত). Tribune. 18 December 2020. https://www.tribuneindia.com/news/entertainment/aakanksha-singh-roped-in-for-mayday-186037. 
  12. "Top 8 highest-grossing Kannada movies of all time". Times Now. 25 March 2021. https://www.timesnownews.com/entertainment-news/kannada/article/top-8-highest-grossing-kannada-movies-of-all-time/737261. 
  13. "Aakanksha Singh to make her digital debut with 'Gharshana' series". Telangana Today. 20 August 2021. https://telanganatoday.com/aakanksha-singh-to-make-her-digital-debut-with-gharshana-series। আহৰণ কৰা হৈছে: 24 April 2022. 
  14. "Aadhi's upcoming sports drama titled Clap" (en ভাষাত). The Times of India. 13 June 2019. https://timesofindia.indiatimes.com/entertainment/telugu/movies/news/aadhis-upcoming-sports-drama-titled-clap/articleshow/69757955.cms. 
  15. "Veerapandiyapuram Movie Review: A generic village drama which fails to create an impact". https://timesofindia.indiatimes.com/entertainment/tamil/movie-reviews/veerapandiyapuram/movie-review/89644738.cms. 
  16. "Aakanksha Singh joins the cast of Ajay Devgn's Mayday". The New Indian Express. 14 December 2020. https://www.newindianexpress.com/entertainment/hindi/2020/dec/14/aakanksha-singhjoins-the-cast-of-ajay-devgns-mayday-2235797.html. 
  17. "Runway 34 Movie Review : Ajay Devgn's aviation drama lands well within the runway". https://timesofindia.indiatimes.com/entertainment/hindi/movie-reviews/runway-34/movie-review/91149917.cms.