আগুৰণ (ইংৰাজী: Aguron) অসমৰ কিছুমান জনগোষ্ঠীৰ মহিলাই মূৰত লোৱা কাপোৰ৷ অতীজত অসমীয়া মহিলাৰ পৰিধেয় সাজ আছিল, কঁকালত মেখেলা পিন্ধা, বুকুত মেথনি মৰা, মূৰত এখন কাপোৰ লোৱা৷[1] এই কাপোৰখনকে আগুৰণ বোলা হৈছিল৷ সম্ভৱতঃ মেখেলা আৰু মেথনিয়ে ঢাকিব নোৱাৰা অংশ আগুৰি লয় বাবেই, এই কাপোৰখনক আগুৰণ বোলা হৈছিল৷ মঙলদৈৰ পৰা কামৰূপ, গোৱালপাৰা অঞ্চলৰ মহিলাসকলে মেখেলাখন বুকুৰ পৰা ভৰিপতালৈ পিন্ধি মেখেলাই নঢকা বুকু আৰু মূৰ অংশ আগুৰণেৰে মেৰিয়াই লৈছিল৷[2] অসমীয়া মহিলাৰ সাজ “ৰিহা’’ আহোম যুগৰ পৰাহে জনপ্ৰিয় হয়৷ তাৰ আগতে সকলো শ্ৰেণীৰ মানুহৰ মাজতে মূৰত কাপোৰ বন্ধাৰ নিয়ম আছিল৷ অৱশ্যে জনজাতীয় মহিলাৰ মাজত মূৰত কাপোৰ লোৱা দেখা নগৈছিল৷[1] বৰ্তমান সময়ত পুৰণিচাম মহিলাৰ দুই একত বাদে, আগুৰণ কোনেও ব্যৱহাৰ কৰা দেখা নাযায়৷ আগুৰণ কপাহী সূতাৰে বোৱা৷ আগৰ দিনৰ মহিলাসকলে বুকুত মেথনি মাৰি ঘৰুৱা কামবন কৰি বাহিৰলৈ ওলাই যাবৰ পৰত আগুৰণখন মূৰত লৈ ওলাই গৈছিল৷ তেওঁলোকে আগুৰণৰ এটা মূৰ কঁকালত খুচি লৈ আনটো মূৰেৰে মূৰ আৰু দেহৰ বাকী অংশ মেৰিয়াই লৈছিল৷[3] আজিকালি আগুৰণ উজনি অসমৰ ঠাইভেদে দিহা নামৰ নামতীয়ে নাম পৰিৱেশনৰ সময়ত লোৱা দেখা যায়৷ অৱশ্যে ই পুৰুষে গাত লোৱা কপাহী চেলেং এখনিহে যদিও ইয়াক আগুৰণ বুলিয়েই কোৱা হয়৷

তথ্য সূত্ৰ

সম্পাদনা কৰক
  1. 1.0 1.1 গগৈ, ড° লীলা (১৯৯৪). অসমৰ সংস্কৃতি. বনলতা. পৃষ্ঠা. ৩৫. ISBN 978-91-7339-078-9. 
  2. ওজা, ৰত্ন (২০১০). কৃষ্টিৰ সুৰভি. বিশাল প্ৰকাশন. পৃষ্ঠা. ৯৪. 
  3. শৰ্মা, ড° নবীনচন্দ্ৰ (২০১৪). জনকৃষ্টিৰ ৰূপৰেখা. জ্যোতি প্ৰকাশন. পৃষ্ঠা. ৫১.