আঙঠি হৈছে হাতৰ আঙুলিত পিন্ধা এবিধ ঘূৰণীয়া গঢ়ৰ অলংকাৰ।

আঙঠি

সোণ, ৰূপ, তাম, পিতল, শংখ, হাতীদাঁত আদি বিভিন্ন ধাতু আৰু পদাৰ্থেৰে আঙঠি নিৰ্মাণ কৰা হয়। আঙঠিৰ আৰ্হিবোৰ জীৱ-জন্তু,গছ-লতা,তৰু-তৃণ, ফুল-ফল আদিৰ আৰ্হিত গঢ়োৱা হয়।

বিভিন্ন নামৰ আঙঠি

সম্পাদনা কৰক

আৰ্হি অনুযায়ী আঙঠিবোৰৰ বিভিন্ন নাম দিয়া হয়। যেনে- কেৱল সোণেৰে গঢ়া উকা আঙঠি, বাখৰ পতা আঙঠি, জেঠীনেজীয়া আঙঠি, সৰুদৈয়া জাপি আকৃতিৰ আঙঠি, গৰু চকুৱা আঙঠি, শেনপতা আঙঠি,হৰিণচকুৱা আঙঠি,ম'ৰাপখীয়া, পদুমকলি,চিৰিপতা, হীৰাপতোৱা,বাবৰিফুলীয়া,মাছবাকলীয়া আঙঠি,সাপ আঙঠি,পোহাৰী আঙঠি আদি।

তৰ্জনী আঙঠি

সম্পাদনা কৰক

এইবিধ আঙঠি পুৰুষে তৰ্জনী আঙুলিত পৰিধান কৰিছিল।

হীৰাপতোৱা আঙঠি

সম্পাদনা কৰক

এইবিধ বৰ মূল্যবান আছিল বাবে ইয়াক আগতে ৰজা-মহাৰজাসকলেহে পৰিধান কৰিছিল।

টিক ধৰা আঙঠি

সম্পাদনা কৰক

আন এবিধ বিশেষ আঙঠি হ'ল টিক ধৰা আঙঠি। এইবিধ আঙঠি সোণ আৰু ৰূপ মিহলি কৰি গঢ়োৱা হৈছিল। বিবাহৰ নিয়ম-নীতিতহে এই আঙঠিটো ব‌্যৱহাৰ কৰা হয়।

বাখৰ পতোৱা আঙঠি

সম্পাদনা কৰক

এইবিধ আঙঠিত বিভিন্ন ৰঙৰ বাখৰ খজা থাকে।

পোহাৰী আঙঠি

সম্পাদনা কৰক

পোহাৰী আঙঠিটো পোহাৰীবিলাকে মূৰত লৈ ফুৰা পাচিটোৰ দৰে।

মিনা কৰা আঙঠি

সম্পাদনা কৰক

এইবিধ আঙঠিত ৰঙা, সেউজীয়া আদি মিনা কৰোৱা হয়।

মোহৰ আঙঠি

সম্পাদনা কৰক

পুৰুষে পিন্ধা মোহৰ আঙঠিটো মোহৰৰ সাঁচ দি গঢ়োৱা হয়। ই আভিজাত্য আৰু চহকী শ্ৰেণীৰ সূচনা কৰে।

আঙঠিৰ লগত জড়িত বিশ্বাস

সম্পাদনা কৰক

আঙঠিয়ে হতাশা,হৃদৰোগ আদি দূৰ কৰে, অষ্টধাতুৰ আঙঠিত পাথৰ লগাই পিন্ধিলে পিন্ধোতাৰ শক্তিৰ বিকাশ হয় বুলি বিশ্বাস আছে।[1]

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. ড॰ নাৰায়ণ দাস,, ড॰ পৰমানন্দ ৰাজবংশী. অসমীয়া সংস্কৃতিৰ কণিকা. চন্দ্ৰ প্ৰকাশ, পানবজাৰ.