আচ্ছাদন তন্ত্ৰ হৈছে এক অংগ তন্ত্ৰ যি জীৱদেহক পানীৰ অৱক্ষয় বা বাহ্যিক আঘাট আদিৰ পৰা ৰক্ষা কৰে।[1] চৰ্ম বা চাল আৰু ইয়াৰ উপাংগ (নোম বা চুলি, বাকলি, পাখি আৰু নখ আদি) সমূহৰ দ্বাৰা এই তন্ত্ৰ গঠিত হৈছে।[2] আচ্ছাদন তন্ত্ৰই বিভিন্ন কাৰ্য সমাপন কৰে; জলৰোধক হিচাপে কাম কৰে, ভিতৰৰ কলাবোৰক সুৰক্ষা দিয়ে, বৰ্জ্য পদাৰ্থ নিষ্কাশন কৰে, উষ্ণতা নিয়ন্ত্ৰণ কৰে, আৰু সংবেদন তন্ত্ৰক বিষ, সংবেদন, চাপ, আৰু তাপ অনুভৱ কৰোৱাই। তাৰোপৰি চালে সূৰ্যৰ ৰশ্মিৰ পৰা ভিটামিন-ডি আহৰণ কৰিবও পাৰে।

আচ্ছাদন তন্ত্ৰ

চালৰ বিভিন্ন তৰপসমূহ
চিনাক্তকাৰক
MeSH D034582
TA98 A16.0.00.001
TA2 7040
TH সাঁচ:TerminologiaHistologica
FMA 72979
দেহতাত্ত্বিক পৰিভাষা

চাল হৈছে শৰীৰৰ আটাইতকৈ ডাঙৰ অংগ। মানুহৰ মুঠ ওজনৰ শতকৰা ১২ৰ পৰা ১৫ শতাশই চাল আৰু ইয়াৰ মুঠ পৃষ্ঠকালি ১.৫ মি.[3] ই জীৱক তাৰ পাৰিপাৰ্শ্বিকতাৰ পৰা পৃথক আৰু ৰক্ষা কৰে। সেমেকা ঠাই আৰু পানীত বাস কৰা ক্ষুদ্ৰ জীৱবোৰে চালৰ বাহিৰৰ তৰপেদি শ্বসন কাৰ্য সম্পন্ন কৰে।


তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "The Integumentary System". Encyclopedia.com. http://www.encyclopedia.com/doc/1G2-3437000015.html। আহৰণ কৰা হৈছে: 3 June 2013. 
  2. Marieb, Elaine; Katja Hoehn (2007). Human Anatomy & Physiology (7th সম্পাদনা). Pearson Benjamin Cummings. পৃষ্ঠা. 142. 
  3. Martini & olivia: "Fundamentals of Anatomy & Physiology" 8th Edition, pp.158, Pearson Education, 2009