আজ জানে কী জিদ না কৰো (উৰ্দু: آج جانے کی ضد نہ کرو; অনুবাদ: আজি যাওঁ বুলি জেদ নকৰিবা) হৈছে পাকিস্তানৰ প্ৰখ্যাত কবি ফায়াজ হাশ্মিৰ দ্বাৰা ৰচিত এটি গীতি-কবিতা।[1] এই গীতটিত সুৰ আৰোপ কৰিছিল প্ৰসিদ্ধ পাকিস্তানী সুৰকাৰ চোহেইল ৰাণাই।[2] বিখ্যাত ধ্ৰুপদী গায়ক হাবিব ৱালি মহম্মদৰ কণ্ঠত এই গীতটিয়ে বিপুল জনপ্ৰিয়তা অৰ্জন কৰিছিল। ১৯৭৩ চনৰ জনপ্ৰিয় পাকিস্তানী চলচ্চিত্ৰ 'বাদল ঔৰ বিজলী'ত পাৰ্শ্বগীত হিচাপেও এই গীতটো হাবিব ৱালি মহম্মদে পৰিৱেশন কৰিছিল। খ্যাতনামা গজল গায়িকা ফৰিদা খানুমে গোৱা এই গীতটিৰ ৰূপটো বহুলভাৱে প্ৰসিদ্ধ হৈছিল আৰু তেওঁ PTV (পাকিস্তান টেলিভিছন)ৰ লগতে ৰাজহুৱা সংগীতানুস্থানসমূহত গীতটো ব্যাপক ৰূপত পৰিৱেশন কৰিছিল।[3] গীতটো য়মন কল্যাণ ৰাগত পৰিৱেশিত হয়।[4]

"আজ জানে কী জিদ না কৰো"
হাবিব ৱালি মহ'ম্মদ-ৰ গীত
প্ৰকাৰ গজল (ৰাগ: য়মন কল্যাণ)
সুৰকাৰ চোহেইল ৰাণা
গীতিকাৰ ফায়াজ হাশ্মি

পৰৱৰ্তী কালত অতিশয় সুললিত স্বৰমাধুৰ্য আৰু প্ৰগাঢ় ৰোমাণ্টিক গীতিকথাৰ বাবেই এই গীতটি বহুকেইজন শিল্পীয়ে পুনঃপৰিৱেশন কৰিছে। তেওঁলোকৰ ভিতৰত বিখ্যাত ভাৰতীয় সংগীতশিল্পী আশা ভোঁচলে অন্যতম ('আশা ভোঁচলে: Love Supreme, ২০০৬')।[5] এই গীতটো মীৰা নায়াৰৰ গ'ল্ডেন লায়ন বঁটা বিজয়ী চলচ্চিত্ৰ 'মনচুন ৱেডিং' (২০০১)-ত পাৰ্শ্বসংগীত ৰূপে ব্যৱহৃত হৈছিল।[6] উল্লেখ্য যে, এই গীতটোৰ হাবিব আলি মহ'ম্মদৰ প্ৰথম আৰু মূল ৰূপটো এতিয়াও অতীৱ জনপ্ৰিয়। এই গীতটোক মূল ৰূপত আমেৰিকান সংগীতজ্ঞ শংকৰ টাকাৰৰ অনলাইন সংগীত শৃংখল 'দ্য শ্ৰুতি বক্স'ৰ অংশ হিচাপে ৰোহিণী ৰাৱাডাই পুনৰ পৰিৱেশন কৰিছিল। এ আৰ ৰহমানে এম টি ভি ভাৰতৰ 'এম টি ভি আন্-প্লাগড্ (২য় বৰ্ষ)'ত পৰিৱেশন কৰিছিল।[7]

চ’নী টিভিত প্ৰদৰ্শিত 'ক্ৰাইম পেট্ৰ’ল' নামৰ টেলিভিছন শৃংখলাটোৰ ২০১৬ চনৰ ৯ ফেব্ৰুৱাৰী তাৰিখৰ খণ্ডত এই গীতটো ব্যৱহাৰ কৰা হৈছিল।

যশ ব্যাস গোষ্ঠীৰ সহযোগত মহেশ ভাটে 'নামকৰণ' নামৰ টেলিভিছন শ্ব'ৰ বাবে আজ জানে কী জিদ না কৰো গীতটি পুনঃসৃষ্টি কৰিছিল, য'ত কণ্ঠ নিগৰাইছিল অৰিজিত সিঙে। এই খণ্ডটি ষ্টাৰ প্লাছ চেনেলত ২০১৬ চনৰ আগষ্ট মাহত প্ৰচাৰিত হৈছিল।

২০১৬ চনত বলিউডৰ চলচ্চিত্ৰ 'এ' দিল হ্যেঁ মুস্কিল'ৰ বাবে প্ৰীতম এই গীতটো পুনৰ সৃষ্টি কৰিছিল আৰু ইয়াত কণ্ঠদান কৰিছিল শিল্পা ৰাওৱে।[8]

বলিউডৰ গায়ক অংগৰাগ পাপন মহন্তয়ো এই গীতটোৰ এটি ৰূপ 'এম টি ভি আন্-প্লাগড্' অনুষ্ঠানৰ সপ্তম বৰ্ষত পৰিৱেশন কৰিছিল।[9]

'ইণ্ডিয়ান আইড'ল' নামৰ ৰিয়েলিটী শ্ব'ৰ ২০১৮ চনৰ এগৰাকী বিচাৰক তথা বলিউডৰ গায়িকা নেহা কক্কৰে চুপাৰষ্টাৰ জীতেন্দ্ৰৰ অনুৰোধ মৰ্মে অনুষ্ঠানটিত ৩৬তম খণ্ডটিত পৰিৱেশন কৰিছিল।

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. "When mood and melody merged". The Hindu (Chennai, India). 2006-11-13. Archived from the original on 2013-12-03. https://web.archive.org/web/20131203053307/http://www.hindu.com/mp/2006/11/13/stories/2006111300340800.htm. , Retrieved 31 October 2016
  2. "আৰ্কাইভ কপি". Archived from the original on 2018-06-23. https://web.archive.org/web/20180623225635/http://www.sohailrana.com/biography.html। আহৰণ কৰা হৈছে: 2021-09-28. 
  3. "New Delhi News : Bollywood tales of stardom and the big bad world Cinema". The Hindu (Chennai, India). 2008-01-13. Archived from the original on 2008-01-16. https://web.archive.org/web/20080116163305/http://www.hindu.com/2008/01/13/stories/2008011356990200.htm। আহৰণ কৰা হৈছে: 31 October 2016. 
  4. Ramnarayan, Gowri (2010-11-16). "The romance of the verse". The Hindu (Chennai, India). http://www.thehindu.com/arts/music/article889941.ece. , Retrieved 31 October 2016
  5. Love Supreme- Asha Bhosle- View More by This Artist 2006 iTunes, Retrieved 31 October 2016
  6. "Soundtracks for Monsoon Wedding (2001)". IMDb. https://www.imdb.com/title/tt0265343/soundtrack। আহৰণ কৰা হৈছে: 31 October 2016. 
  7. [1] Retrieved 31 October 2016
  8. https://www.youtube.com/watch?v=gbG0SG9flmQ
  9. https://www.youtube.com/watch?v=crQcAGNJQtc

বাহ্যিক সংযোগ সম্পাদনা কৰক