উৰ্দু ভাষা

ইন্দো-ইউৰোপীয় ভাষা পৰিয়ালৰ ইন্দো-আৰ্য শাখাৰ ভাষা

উৰ্দু ভাষা (اُردُو) ইন্দো-ইউৰোপীয় ভাষা পৰিয়ালৰ ইন্দো-আৰ্য শাখাৰ ভাষা। পাকিস্তানৰ প্ৰায় ১ কোটি লোক আৰু ভাৰতৰ প্ৰায় ৫ কোটি লোকৰ মাতৃভাষা উৰ্দু। তদুপৰি আফগানিস্তানৰ চহৰসমূহত আৰু পাৰস্য উপসাগৰীয় দেশসমূহত উৰ্দু ভাষা প্ৰচলিত। আমেৰিকা যুক্তৰাষ্ট্ৰ, যুক্তৰাজ্য, কানাডা, ন'ৰৱে', অষ্ট্ৰেলিয়াৰ পাকিস্তানী অধিবাসীসকলে উৰ্দুত কথা পাতে। গোটেই বিশ্বত উৰ্দু মাতৃভাষীৰ সংখ্যা প্ৰায় ৬ কোটি।

উৰ্দু
اُردُو

নাস্তালিক আৰু দেৱনাগৰী লিপিত লিখা জুৱান-ই-উৰ্দূ
থলুৱা অঞ্চল পাকিস্তান, ভাৰত
অঞ্চল দক্ষিণ এচিয়া
স্থানীয় ভাষিক
৬ কোটি মাতৃভাষী
ভাষা পৰিয়াল
ভাৰত-ইউৰোপীয়
  • ইন্দো-ইৰানীয়
    • ইন্দো-আৰ্য
      • উৰ্দু
লিখন প্ৰণালী নাস্তালিক লিপি, দেৱনাগৰী লিপি[1] (ঊনবিংশ শতিকাৰ আৰম্ভণিলৈকে)
আধিকাৰিক স্থিতি
আধিকাৰিক ভাষা
 পাকিস্তান
 ভাৰত (অন্ধ্ৰ প্ৰদেশ, জম্মু আৰু কাশ্মীৰ, দিল্লী, উত্তৰ প্ৰদেশ, বিহাৰ)
ভাষা সংকেত
ISO 639-1 ur
ISO 639-2 urd
ISO 639-3 urd
লিংগোৱাস্ফেয়াৰ 59-AAF-q

হিন্দী নাম ফাৰ্চি ভাষাৰ পৰা আহিছে। পাৰস্যৰ অধিবাসী সকলে ভাৰতীয় লোক আৰু তেওঁলোকৰ ভাষাক হিন্দী বুলিছিল। ৮ম-১০ম শতিকাৰ ফালে ভাৰতত মুছলমানৰ আক্ৰমণৰ সময়ত উত্তৰ ভাৰতৰ খাড়ি বলি কথিত ভাষাৰ পৰা হিন্দীৰ উৎপত্তি ঘটে। খাড়ি বলি দিল্লী এলেকাৰ ভাষা আছিল, আৰু বহিৰাগত মুছলমান শাসক সকলে সাধাৰণ জনগণৰ লগত যোগাযোগৰ বাবে এই ভাষা ব্যৱহাৰ কৰিছিল। এই খাড়ি বলি ভাষাৰ এটি ৰূপ ধীৰে ধীৰে ফাৰ্চি আৰু আৰবি ভাষাৰ পৰা প্ৰচুৰ শব্দ ধাৰ কৰি উৰ্দু নামৰ এক সাহিত্যিক ভাষাৰ উদ্ভব ঘটে। উৰ্দু শব্দ তুৰ্কি ভাষাৰ "ওৰ্দু " শব্দৰ পৰা আহিছে যাৰ অৰ্থ "শিবিৰ" বা "কেম্প।" আনহাতে সাধাৰণ জনগণৰ কথিত ভাষাত আৰবি-ফাৰ্চিৰ প্ৰভাৱ নপৰি সংস্কৃত ভাষাৰ সাহিত্যিক ৰীতি ধাৰ কৰি হিন্দী ভাষাৰ জন্ম হয়।

ত্ৰয়োদশ শতিকাৰ পৰা ঊনবিংশ শতিকাৰ শেষলৈকে আজি উৰ্দু নামেৰে জনাজাত ভাষাটো একে সময়তে হিন্দী[2], হিন্দৱী, হিন্দুস্তানী[3] ভাষা হিচাপে জনাজাত আছিল।

উৰ্দু শব্দটো পাৰ্চী ভাষাৰ বাবে ব্যৱহাৰ কৰা হৈছিল, কিন্তু ইংৰাজ ঔপনিৱেশিক চৰকাৰৰ সময়ত, ঐতিহাসিক মূল হিন্দুস্তানী ভাষাক ১৯০০ চনত উৰ্দু নাম দিয়া হৈছিল। আৰু সেই হিন্দুস্তানী ব্যাকৰণত হিন্দীৰ নামত সংস্কৃত শব্দৰ সৈতে এটা ভাষা পঞ্জী সৃষ্টি কৰা হৈছিল।[4]

এই প্ৰভাৱৰ কাৰণে হিন্দী ভাষা দেবনাগৰী লিপিত লিখা হয় আৰু ইয়াৰ শব্দভাণ্ডাৰৰ বেছিভাগেই সংস্কৃতৰ পৰা আহিছে। আনহাতে উৰ্দু ভাষা ফাৰ্চি লিপিত লিখা হয় আৰু শব্দভাণ্ডাৰ ফাৰ্চি আৰু আৰবিৰ পৰা আহিছে। তদুপৰি এই দুই ভাষাৰ ধ্বনি ব্যৱস্থা আৰু ব্যাকৰণৰ সামান্য পাৰ্থক্য আছে। ১২শ শতিকাৰ পৰা উৰ্দু আৰু হিন্দী উভয় ভাষা সাহিত্যৰ ভাষা হিচাপে ব্যৱহৃত হয়। ১৮শ শতিকাত ইংৰাজৰ প্ৰভাৱত উৰ্দু আৰু হিন্দী সাহিত্যেৰ বিকাশ ঘটে। হিন্দী আৰু উৰ্দুৰ এটি সাধাৰণ কথ্য ৰূপ হল হিন্দুস্তানী ভাষা। কিন্তু হিন্দুস্তানী ভাষা সাহিত্যিক ভাষাৰ মৰ্যাদা পোৱা নাই। মহাত্মা গান্ধীয়ে ইংৰাজবিৰোধী আন্দোলনত একতা প্ৰদৰ্শনৰ বাবে হিন্দুস্তানী ভাষা ব্যৱহাৰ কৰিছিল।

চৰকাৰী ভাষা

সম্পাদনা কৰক

উৰ্দু আৰু ইংৰাজী ভাষা পাকিস্তানৰ চৰকাৰী ভাষা। পাকিস্তানৰ সমস্ত চৰকাৰী, ব্যৱসায়িক, গণমাধ্যমমূলক আৰু শিক্ষায়তনিক কাম কাজ উৰ্দুত সম্পন্ন হয়।

উৰ্দু ভাৰতৰো এটি আঞ্চলিক চৰকাৰী ভাষা। অন্ধ্ৰ প্ৰদেশ, দিল্লী, জম্মু আৰু কাশ্মীৰ, বিহাৰ আৰু উত্তৰ প্ৰদেশত উৰ্দু চৰকাৰী ভাষাৰ মৰ্যাদা আছে। এই ৰাজ্য সমূহত উৰ্দু চৰকাৰী প্ৰশাসন আৰু প্ৰাথমিক বিদ্যালয় সমূহত শিক্ষাৰ মাধ্যম হিচাপে ব্যৱহৃত হয়। ভাৰতত হাজাৰখন মান উৰ্দু সংবাদপত্ৰ ছপা হয়।

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. YATES, W. (1847). A DICTIONARY, HINDUSTANI AND ENGLISH. প্ৰকাশক Calcutta, British India: Baptist Mission Press. পৃষ্ঠা. iv. 
  2. সাঁচ:বই উদ্ধৃতি
  3. সাঁচ:বই উদ্ধৃতি
  4. "कुछ उर्दू रस्म-उल-ख़त के बारे में". 2022-07-20. Archived from the original on 2022-07-20. http://archive.today/9zjnz.