আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়

আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় (ইংৰাজী: Regional Dental College, Guwahati) অসমৰ গুৱাহাটীত অৱস্থিত এখন চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয়। ই উত্তৰ পূৱ ভাৰতৰ প্ৰথমখন দন্ত চিকিৎসাৰ মহাবিদ্যালয়। ‌ আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয় ১৯৮২ চনত প্ৰতিষ্ঠা কৰা হয়। ‌মহাবিদ্যালয়খন ভাৰতীয় দন্ত পৰিষদ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত আৰু শ্ৰীমন্ত শঙ্কৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।[1]

আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়
স্থাপিত ১৯৮২
স্নাতক শিক্ষাৰ্থী ৫০জন প্ৰতি বছৰ
স্নাতকোত্তৰ শিক্ষাৰ্থী ১০জন প্ৰতি বছৰ
স্থান গুৱাহাটী, অসম, ভাৰত
ভুক্তি শ্ৰীমন্ত শঙ্কৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়,গুৱাহাটী
ভাৰতীয় দন্ত পৰিষদ, নতুন দিল্লী

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "List of Affiliated Colleges/Institutions and Courses under Srimanta Sankaradeva University of Health Sciences". AMTRON, Guwahati, Assam.. SRIMANTA SANKARADEVA UNIVERSITY OF HEALTH SCIENCES. http://ssuhs.in/download/AffiliatedCollegeOct2019.pdf। আহৰণ কৰা হৈছে: 26 March 2020.