আঠটা খুটা
আঠটা খুটা বা আকাশৰ আঠটা খুটা চীনৰ পৌৰাণিক কাহিনীৰ এটা ধাৰণা। এই খুটাবোৰ আঠটা কাৰ্ডিনেল দিশত অৱস্থিত আঠটা পৰ্বত বা খুটাৰ এটা গোট যিয়ে আকাশক ওপৰলৈ তুলি ধৰিব পাৰে বুলি জনবিশ্বাসত প্ৰচলিত। পৌৰাণিক কাহিনীত আঠটা খুটাৰ কাম আছিল পৃথিৱী আৰু আকাশ (বা স্বৰ্গ) পৃথক কৰা। ই পৃথিৱী আৰু আকাশৰ মাজৰ জখলা আৰু দেউলগা মানুহ, উদ্ভিদ আৰু জীৱ-জন্তুৰ আশ্চৰ্য্যৰ স্থান আছিল। আঠটা খুটা চীনা পৌৰাণিক কাহিনীৰ এটা কেন্দ্ৰীয় দিশ, আৰু কাব্যিক সাহিত্যটো ইয়াৰ ব্যাপক ব্যৱহাৰ কৰা হৈছে। ইয়াৰ আন এটা ৰূপ হল চাৰিটা খুটা।
ঠাইসমূহ
সম্পাদনা কৰকবিভিন্ন পৌৰাণিক ঠাই আঠটা খুটাৰ সৈতে জড়িত। আঠটা পৰ্বতৰ খুটাৰ ভিতৰত কুনলুন, জেড পৰ্বত, মাউণ্ট পুঝৌ আৰু আন পাঁচটা খুটা অন্যতম।[1] কুনলুনে পৃথিৱী আৰু স্বৰ্গৰ মাজৰ জখলা হিচাপে কাম কৰে যাৰ সহায়ত যাত্ৰা কৰিব পাৰি। যিকোনো মানুহে কুনলুন শৃংগ আৰোহণত সফল হ’লে যাদুকৰীভাৱে অমৰ হৈ পৰিব বুলি বিশ্বাস কৰা হয়।[2]
বু-ঝৌ পৰ্বত
সম্পাদনা কৰকবু-ঝৌ পৰ্বত এটা ত্ৰুটি থকা পৰ্বতৰ খুঁটা আছিল। ইয়াক গংগঙে ক্ষতিগ্ৰস্ত কৰিছিল। আৰু ই অধিক দূৰত্বৰ বাবে পৃথিৱী আৰু স্বৰ্গক পৃথক কৰিব পৰা নাছিল। বু-ঝৌ উত্তৰ-পশ্চিমৰ খুটা আছিল।[3]
কুনলুন
সম্পাদনা কৰককুনলুন পৰ্বতক বিভিন্ন গ্ৰন্থত বৰ্ণনা কৰা হৈছে, লগতে শিল্পত চিত্ৰিত কৰা হৈছে। কেতিয়াবা কুনলুন আকাশৰ (বা পৃথিৱীৰ) খুটা হিচাপে বৰ্ণনা দিয়ে, কেতিয়াবা একাধিক স্তৰেৰে গঠিত হিচাপে বৰ্ণনা দিয়ে।[4]পৌৰাণিক আখ্যানত সাধাৰণতে "ৰহস্য, যাদু বা মহিমা"ৰ ওপৰত গুৰুত্ব দিয়া হয়। কোৱা হয় যে কুনলুন পৰ্বতৰ গুৰি পৃথিৱীৰ ভিতৰত যিমান দূৰলৈকে সোমাই যায়, সিমানেই ইয়াৰ ভূপৃষ্ঠ আকাশৰ ফালে ওলাই থাকে।[5]
জেড পৰ্বত
সম্পাদনা কৰকআঠটা খুটাৰ ভিতৰত আন এটা আছিল জেড পৰ্বত।
সংলগ্ন ঠাইসমূহ
সম্পাদনা কৰকআন বিভিন্ন পৌৰাণিক ভূগোল আঠটা খুটাৰ সৈতে জড়িত। ইয়াৰ ভিতৰত কুনলুন পৰ্বতৰ পৰা বৈ অহা চাৰিখন নদী আৰু চলন্ত বালি অন্যতম। আঠটা খুটাত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈছিল।
নিবাসী
সম্পাদনা কৰকআঠটা পাহাৰৰ খুটা আছিল সকলো ধৰণৰ চৰিত্ৰৰ ভ্ৰমণ বা বসবাসৰ প্ৰিয় ঠাই। ইয়াৰ ভিতৰত বিভিন্ন দেৱতা, অমৰ আৰু শ্বেমান আদি আছিল।
দেউসকল
সম্পাদনা কৰকআঠটা পৰ্বতৰ খুটাৰ এটা বা ততোধিক খুটাৰ ভিতৰত বিভিন্ন দেউ বাস কৰিছিল বা ভ্ৰমণ কৰিছিল। ইয়াৰ ভিতৰত ছীৱাংমু আৰু অন্য দেউসকল আছে।
পশ্চিমৰ আই কুঁৱৰী
সম্পাদনা কৰকযদিও আই কুঁৱৰী প্ৰথমে কুনলুনত নাছিল, আৰু পূৰ্বে উত্তৰৰ (আৰু চলন্ত বালিৰ পশ্চিমে) কাষৰীয়া জেড পৰ্বত এটাত আছিল। পিছৰ বিৱৰণী অনুসৰি, পশ্চিমে মেং হাওৰ কুঁৱৰী আই ছিয়াংমু, সোণালী প্ৰাসাদৰ পহৰা দিয়া এটা ৰাজকাৰেংলৈ গুচি গৈছিল। এই ৰাজকাৰেংত অমৰ (ছিয়ান) সকলে ভালুকৰ পাখি, বান্দৰৰ ওঁঠ আৰু অজগৰৰ যকৃতৰ ভোজ খাইছিল, আৰু এইবোৰ মুকুটৰ বিলৰ পাৰত পৰিবেশন কৰা হৈছিল। প্ৰতি ৬০০০ বছৰৰ মূৰে মূৰে আহোম বগৰী খাবলৈ দিয়া হয়, যাক খোৱাসকলক অমৰত্ব প্ৰদান কৰা হয়। অমৰত্বৰ বনৌষধি ৰক্ষাৰ দায়িত্বত থকা মহামাৰীৰ দেউ যি বাঘৰ দাঁত আৰু নাহৰফুটুকীৰ ঠেঙে নিৰ্মিত আছিল, তেওঁ এগৰাকী সুন্দৰী আৰু সু-শিষ্ট গোসাঁনী হৈ পৰিছিল।[6]
অমৰ চিয়ান সকল
সম্পাদনা কৰকঅমৰ বা চিয়ান সকল আছিল টাওবাদী অমৰ মানু্হ (অতিমানৱীয় ৰূপলৈ ৰূপান্তৰিত হোৱা মানুহ)। চিয়ানসকলক প্ৰায়ে অস্থায়ী বাসিন্দা হিচাপে দেখা গৈছিল যি যাদুকৰী ক্ৰেন বা ড্ৰেগনৰ পিঠিত উৰি গৈ ভ্ৰমণ কৰিছিল।
ৱো চামানকল
সম্পাদনা কৰকৱু বা চামানকল আছিল এনে লোক যিয়ে সাধাৰণতে আত্মাৰ সহায়ত মঙ্গল চোৱা, প্ৰাৰ্থনা, বলিদান, বৰষুণ আৰু নিৰাময়ৰ অভ্যাস কৰিছিল। সাধাৰণতে তেওঁলোক অমৰ আছিল যেন লাগে।
তথ্য সংগ্ৰহ
সম্পাদনা কৰকউৎস প্ৰসংগ
সম্পাদনা কৰক- Christie, Anthony (1968). Chinese Mythology. Feltham: Hamlyn Publishing. ISBN 0600006379.
- Hawkes, David, translation, introduction, and notes (2011 [1985]). Qu Yuan et al., The Songs of the South: An Ancient Chinese Anthology of Poems by Qu Yuan and Other Poets. London: Penguin Books. ISBN 978-0-14-044375-2
- Yang, Lihui, et al. (2005). Handbook of Chinese Mythology. New York: Oxford University Press. ISBN 978-0-19-533263-6