পৃথিৱী
পৃথিৱী (ইংৰাজী: Earth) হৈছে মানুহসহ কোটি কোটি প্ৰজাতি জীৱৰ আবাসস্থল। ই এটা মধ্যমীয়া আকাৰৰ গ্ৰহ। সূৰ্যৰ পৰা দূৰত্ব অনুসাৰে পৃথিৱীৰ স্থান তৃতীয়। সূৰ্যৰ পৰা ইয়াৰ গড় দূৰত্ব ১৪.৯৬ কোটি কিলোমিটাৰ। লেটিন ভাষাত এই গ্ৰহৰ নাম টেৰা (Terra)।[1] পৃথিৱীৰ নিজ কক্ষত আৱৰ্তন কৰিবৰ বাবে ২৩ ঘণ্টা ৫৬ মিনিট ৪.০১ ছেকেণ্ড সময় লয়। পৃথিৱীৰ এই আহ্নিক গতিৰ ফলত পৃথিৱীত দিন আৰু ৰাতি হয়। আনহাতে ই সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ ৩৬৫ দিন ৬ ঘণ্টা ৯ মিনিট ১০ ছেকেণ্ড সময় লয়। পৃথিৱীৰ পৃষ্ঠভাগ টান শিলেৰে গঠিত যদিও তাৰ ওপৰত মাটি আৰু পানী পোৱা যায়। এই শিলৰ খোলাটোৰ তলত পৃথিৱীৰ কেন্দ্ৰভাগ ক্ৰমান্বয়ে তপত। পৃথিৱীৰ বায়ুমণ্ডলত যথেষ্ট পৰিমাণে অক্সিজেন পোৱা যায়। তদুপৰি কাৰ্বন ডাই অক্সাইড জলীয় বাষ্প আৰু আন আন গেছো পোৱা যায়। সৌৰজগতৰ আটাইবোৰ গ্ৰহৰ ভিতৰত কেৱল পৃথিৱীতে জীৱ আছে। চন্দ্ৰ পৃথিৱীৰ একমাত্ৰ উপগ্ৰহ। পৃথিৱী হৈছে জীৱন সম্ভৱ হোৱা বৰ্তমানলৈকে জনা একমাত্ৰ গ্ৰহ, আৰু ইয়াৰ প্ৰাকৃতিক বৈশিষ্ট্যবোৰ বহুতো বৈজ্ঞানিক অনুসন্ধানৰ গুৰুত্বপূৰ্ণ বিষয়। ই সৌৰজগতত তৃতীয় গ্ৰহ; ই আটাইতকৈ ডাঙৰ ভূত্বকীয় গ্ৰহ (terrestrial planet) আৰু ই পঞ্চম বৃহৎ গ্ৰহ। ইয়াৰ আটাইতকৈ বৈশিষ্ট্যপূৰ্ণ জলবায়ু হৈছে ইয়াৰ দুই মেৰু অঞ্চল, দুটা তুলনামূলকভাৱে শীতোষ্ণ অঞ্চল, আৰু এটা বহল অক্ষীয় নাতিশীতোষ্ণ আৰু অৰ্ধ নাতিশীতোষ্ণ অঞ্চল।[2]
![]() পৃথিৱীৰ বিখ্যাত "নীলা মাৰ্বল"ৰ চিত্ৰ, এপোলো ১৭ পৰা তোলা | |||||||||||||
বিৱৰণ | |||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|
বিশেষণ | পাৰ্থিৱ | ||||||||||||
কক্ষপথৰ বৈশিষ্ট্য | |||||||||||||
যুগ জে২০০০ | |||||||||||||
অপসূৰ | ১৫২,০৯৭,৭০১ কিমি (১.০১৫ ৭১০ ৩৩৩ ৫ এইউ) ৯৪ ৫০৯ ১৩০ মাইল | ||||||||||||
অনুসূৰ | ১৪৭,০৯৮,০৭৪ কিমি (০.৯৮৩ ২৮৯ ৮৯১ ২ এইউ) ৯১,৪০২,৭২৫ মাইল | ||||||||||||
অৰ্ধ-মুখ্য অক্ষ | ১৪৯,৫৯৭,৮৮৭.৫ কিমি (১.০০০ ০০০ ১১২ ৪ এইউ) ৯২,৯৫৫,০৪১ মাইল | ||||||||||||
উৎকেন্দ্ৰতা | ০.০১৫ ৭১০ ২১৯ | ||||||||||||
গড় কক্ষীয় দ্ৰুতি | ২৯.৭৮৩ কিমি/ছে (১০৭,২১৮ কিমি/ঘ) | ||||||||||||
নতি | ০ (সৌৰ বিষুবৰ সৈতে ৭.২৫°) | ||||||||||||
উদ্বিন্দুৰ দ্ৰাঘিমা | ৩৪৮.৭৩৯ ৩৫° | ||||||||||||
অনুসূৰৰ উৎপত্তি | ১১৪.২০৭ ৮৩° | ||||||||||||
উপগ্ৰহসমূহ | ১ (চন্দ্ৰ) | ||||||||||||
ভৌতিক বৈশিষ্ট্যসমূহ | |||||||||||||
গড় ব্যাসাৰ্ধ | ৫,৩৭২.৭৯৭ কিমি | ||||||||||||
বিষুৱীয় ব্যাসাৰ্ধ | ৫,৩৭৮.১৩৭ কিমি | ||||||||||||
মেৰু ব্যাসাৰ্ধ | ৫,৩৫৫.৭৫২ কিমি | ||||||||||||
পৃষ্ঠৰ ক্ষেত্ৰফল | ৫১০,০৫৫,৫০০ কিমি² | ||||||||||||
আয়তন | ১.০৮৩ ২০৭ ৩×10১২ কিমি³ | ||||||||||||
ভৰ | ৫.৯৭৪২×10২৪ কিলোগ্ৰাম | ||||||||||||
গড় ঘনত্ব | ৫,৫১৫.৩ কেজি/মি³ | ||||||||||||
বিষুৱীয় পৃষ্ঠৰ অভিকৰ্ষ | ৯.৭৮০ ১ মি/সে²]] (০.৯৯৭ ৩২ g) | ||||||||||||
পলায়ন বেগ | ১১.১৮৫ কিমি/সে (≅৩৯,৫০০ কিমি/ঘ) | ||||||||||||
নাক্ষত্ৰিক ঘূৰ্ণনকাল | ০.৯৯৭ ২৫৮ দিন (২৩.৯৩৪ ঘণ্টা) | ||||||||||||
বিষুৱীয় অঞ্চলত ঘূৰ্ণন বেগ | ৪৫৫.১১ মি/সে | ||||||||||||
অক্ষীয় ঢাল | ২৩.৪৩৯ ২৮১° | ||||||||||||
উত্তৰ মেৰুৰ বিষুৱাংশ | অসংজ্ঞায়িত° | ||||||||||||
উত্তৰ মেৰুৰ বিষুৱলম্ব | +৯০° | ||||||||||||
প্ৰতিফলন অনুপাত | ০.৩৫৭ | ||||||||||||
| |||||||||||||
বায়ুমণ্ডল | |||||||||||||
পৃষ্ঠৰ চাপ | ১০১.৩ কিলোপাষ্কেল | ||||||||||||
আয়তন অনুসৰি সংযুতি | ৭৮.০৮% নাইট্ৰ’জেন ২০.৯৪% অক্সিজেন ০.৯৩% আৰ্গন ০.০৩৮% কাৰ্বন ডাই অক্সাইড বিৰল বাষ্প (জলবায়ুৰ সৈতে পৰিৱৰ্তন হয়)]J | ||||||||||||
৪৫৪ কোটি বছৰ আগে পৃথিৱী গঠিত হৈছিল। এক বিলিয়ন বছৰৰ ভিতৰত পৃথিৱীৰ বুকুত প্ৰাণৰ আৱিৰ্ভাব ঘটে৷[3] পৃথিৱীৰ জৈবমণ্ডল এই গ্ৰহৰ বায়ুমণ্ডল আৰু অন্যান্য অজৈৱিক অৱস্থাবোৰৰ গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আহিছে। ইয়াৰ ফলত এফালে যেনেকৈ বায়ুজীবী জীবজগতৰ বংশবৃদ্ধি ঘটিছে, আনফালে তেনেকৈ অ'জন স্তৰ গঠিত হৈছে। পৃথিৱীৰ চুম্বক ক্ষেত্ৰৰ লগত একেলগে এই অ'জন স্তৰে ক্ষতিকৰ সৌৰ বিকিৰণৰ গতিৰোধ কৰি গ্ৰহৰ বুকুত প্ৰাণৰ বিকাশ ঘটাৰ পথ প্ৰশস্ত কৰে।[4] পৃথিৱীৰ প্ৰাকৃতিক সম্পদ আৰু ইয়াৰ ভূতাত্ত্বিক ইতিহাস আৰু কক্ষপথ প্ৰাণৰ অস্তিত্ব ৰক্ষাৰ সহায়ক হৈছে। মনে কৰা হৈছে, আৰু ৫০ কোটি বছৰ পৃথিৱী প্ৰাণধাৰণৰ সহায়ক অৱস্থাত থাকিব।[5]
পৃথিৱীৰ উপৰিভাগ একাধিক কঠিন স্তৰত বিভক্ত। এইবোৰক ভূত্বকীয় পাত বোলা হয়। কোটি কোটি বছৰ ধৰি এইবোৰ পৃথিৱীৰ উপৰিভাগত আছে। পৃথিৱীতলৰ প্ৰায় ৭১% লৱণযুক্ত জলৰ মহাসাগৰৰ দ্বাৰা আবৃত।[6] অৱশিষ্টাংশ গঠিত হৈছে মহাদেশ আৰু অসংখ্য দ্বীপৰ দ্বাৰা। স্থলভাগতো আছে অজস্ৰ হ্ৰদ আৰু পানীৰ অন্যান্য উৎস। এইবোৰৰ দ্বাৰাই গঠিত হৈছে বিশ্বৰ জলমণ্ডল। জীৱনধাৰণৰ বাবে অত্যাৱশ্যকীয় তৰল পানী এই গ্ৰহৰ ভূত্বকৰ কোনো ঠাইতে সমভাৰ অৱস্থাত পোৱা নাযায়। পৃথিৱীৰ ভৌগোলিক মেৰু সদায়ে কঠিন বৰফ বা সামুদ্ৰিক বৰফেৰে আবৃত থাকে। পৃথিৱীৰ অভ্যন্তৰভাগ সৰ্বদা ক্ৰিয়াশীল। এই অংশ এক আপেক্ষিকভাবে কঠিন মেণ্টেলৰ শকত স্তৰ, এক তৰল বহিঃকেন্দ্ৰ আৰু এক কঠিন লৌহ অন্তঃকেন্দ্ৰৰ দ্বাৰা গঠিত।
মহাবিশ্বৰ অন্যান্য বস্তুৰ সৈতে পৃথিৱীৰ সম্পৰ্ক বিদ্যমান। বিশেষকৈ সূৰ্য আৰু চন্দ্ৰৰ সৈতে এই গ্ৰহৰ বিশেষ সম্পৰ্ক আছে। বৰ্তমানে পৃথিৱী নিজ কক্ষপথত প্ৰায় ৩৬৫.২৬ সৌৰদিনত বা এক নক্ষত্ৰ বৰ্ষত সূৰ্যক প্ৰদক্ষিণ কৰে।[7] পৃথিৱী নিজ অক্ষৰ ৬৬.১/২ ডিগ্ৰী কোণত হালি আছে। ইয়াৰ ফলত এক বিষুৱীয় বছৰ (৩৬৫.২৪ সৌৰদিন) সময়কালৰ ভিতৰত এই বিশ্বৰ বুকুত ঋতু পৰিৱৰ্তন ঘটি থাকে।[8] পৃথিৱীৰ একমাত্ৰ বিদিত প্ৰাকৃতিক উপগ্ৰহ হল চন্দ্ৰ। ৪.৩৫ বিলিয়ন বছৰ আগত ই পৃথিৱীক প্ৰদক্ষিণ কৰা আৰম্ভ কৰিছিল। চন্দ্ৰৰ গতিৰ ফলতেই পৃথিৱীত সামুদ্ৰিক জোৱাৰ−ভাঁটা হয় আৰু পৃথিৱীৰ কক্ষৰ ঢাল সুস্থিত থাকে। চন্দ্ৰৰ গতিয়ে ধীৰে ধীৰে পৃথিৱীৰ গতিক কমাই আনিছে। ৩.৮ বিলিয়নৰ পৰা ৪.১ বিলিয়ন বছৰৰ ভিতৰত পৰৱৰ্তী মহাসংঘৰ্ষৰ সময়ত একাধিক গ্ৰহাণুৰ সৈতে পৃথিৱীৰ সংঘৰ্ষত গ্ৰহৰ উপৰিভাগৰ পৰিৱেশৰ উল্লেখযোগ্য পৰিৱৰ্তন সাধিত হৈছিল।
গ্ৰহৰ খনিজ সম্পদ আৰু জৈৱ সম্পদ উভয়ই মানৱজাতিৰ জীৱনধাৰণৰ বাবে অপৰিহাৰ্য।

পৃথিৱীৰ খোলাটোত থকা বিভিন্ন মৌলৰ পৰিমাণসম্পাদনা কৰক
মৌল | পৰিমাণ |
---|---|
ছালফাৰ | ০.০০৬ শতাংশ |
মেংগানিজ | ০.০০৯ শতাংশ |
কাৰ্বন | ০.০০৯ শতাংশ |
ফছফৰাছ | ০.১২ শতাংশ |
হাইড্ৰ’জেন | ০.১৪ শতাংশ |
থ’ৰিয়াম | ০.৬২ শতাংশ |
মেগনেছিয়াম | ২.০৭ শতাংশ |
পটেছিয়াম | ২.৫৮ শতাংশ |
ছ’ডিয়াম | ২.৪৩ শতাংশ |
কেলছিয়াম | ৩.৬৪ শতাংশ |
আয়ৰন | ৫.০৬ শতাংশ |
এলুমিনিয়াম | ৮.০৭ শতাংশ |
ছিলিকন | ২৭.৬১ শতাংশ |
অক্সিজেন | ৪৬.৪৬ শতাংশ |
তথ্যসূত্ৰসম্পাদনা কৰক
- ↑ Oxford English Dictionary, 1st ed. "terra, n." Oxford University Press (Oxford), 1911.
- ↑ "World Climates". Blue Planet Biomes. http://www.blueplanetbiomes.org/climate.htm। আহৰণ কৰা হৈছে: September 21, 2006.
- ↑ Dalrymple, G. Brent (2001). "The age of the Earth in the twentieth century: a problem (mostly) solved". Special Publications, Geological Society of London. 190 (1): 205–221. Bibcode:2001GSLSP.190..205D. doi:10.1144/GSL.SP.2001.190.01.14.
- ↑ Burton, Kathleen (2002-11-29). "Astrobiologists Find Evidence of Early Life on Land"
- ↑ Kunin, W.E.; Gaston, Kevin, eds. (31 December 1996). The Biology of Rarity: Causes and consequences of rare—common differences.
- ↑ National Oceanic and Atmospheric Administration. "Ocean". NOAA.gov.
- ↑ Yoder, Charles F. (1995). T. J. Ahrens, ed. Global Earth Physics: A Handbook of Physical Constants. Washington: American Geophysical Union. p. 8.
- ↑ Williams, David R. (2004-09-01). "Earth Fact Sheet".
- ↑ বিজ্ঞান জেউতি, ড॰ অনুপ কুমাৰ তালুকদাৰ, ড॰ মোহন চন্দ্ৰ কলিতা, ৩৫/৩, অক্টোৱৰ-নৱেম্বৰ, ২০০০
বহিঃসংযোগসম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত Earth সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- উইকিমেপিয়াৰ মাধ্যমত কৃত্ৰিম উপগ্ৰহৰ পৰা প্ৰাপ্ত পৃথিৱীৰ চিত্ৰ
- USGS -ৰ ভূ-চুম্বকত্ব বিষয়ক অনুষ্ঠান
- Overview of the Seismic Structure of EarthPDF
- NASA Earth Observatory
- The size of Earth compared with other planets/stars
- Beএইউtiful Views of Planet Earth Pictures of Earth from space
- Flash Earth A Flash-based viewer for satellite and aerial imagery of the Earth
- Java ৩D Earth's Globe
- Projectshum.org's Earth fact file (for younger folk)
- Geody Earth World's search engine that supports Google Earth, NASA World Wind, Celestia, GPS, and other applications.
- Planet Earth From AOL Research & Learn: Photos, quizzes and info about Earth's climate, creatures and science.
- Earth From Space Some Photos From the Exhibit
সূৰ্য • সৌৰ গোলক সৌৰ আৱৰণ হেলিওপজ হাইড্ৰজেন দেৱাল |
গ্ৰহসমূহ ☾ = প্ৰাকৃতিক উপগ্ৰহ ∅ = বলয়সমূহ |
বুধ | শুক্ৰ | পৃথিৱী ☾ | মঙ্গল ☾ | |
বৃহস্পতি ☾ ∅ | শনি ☾ ∅ | ইউৰেনাচ ☾ ∅ | নেপচুন ☾ ∅ | |||
বাওনা গ্ৰহসমূহ | চেৰেছ | প্লুটো ☾ | এৰিছ ☾ | |||
সুক্ষ্ম সৌৰ জাগতিক অৱয়ব |
গ্ৰহাণু (সুক্ষ্ম গ্ৰহ) |
গ্ৰহাণু শ্ৰেণী আৰু পৰিবাৰ: ভালকানয়েডসমূহ · পৃথিৱীৰ নিকটৱৰ্তী গ্ৰহাণু · গ্ৰহাণু বেষ্টনী বৃহস্পতি ট্ৰজানসমূহ · চেন্টাউৰ · নেপচুন ট্ৰজান · গ্ৰহাণু চন্দ্ৰ · উল্কা | ||||
আৰু চাওক: গ্ৰহাণুসমূহৰ তালিকা, অৰ্থ আৰু গ্ৰহাণুসমূহৰ নামৰ উচ্চাৰণ. | ||||||
নেপচুন- উত্তৰ |
কুইপাৰ বেষ্টনী – প্লুটিনো: অৰকাচ · ইক্সিয়ন – কিউৱানো: | |||||
ধূমকেতু | পৰ্যাবৃত্ত আৰু অপৰ্যাবৃত্ত ধূমকেতুসমূহৰ তালিকা · ডেমোক্লয়েড · ওৰ্ট মেঘ | |||||
আৰু চাওক: জ্যোতিৰ্বৈজ্ঞানিক অৱয়ব, সৌৰজগতৰ অৱয়বসমূহৰ তালিকা, যাৰ ভিত্তি হৈছে; ব্যাসাৰ্ধ অথবা ভৰ, আৰু জ্যোতিৰ্বিজ্ঞান |