আন্তঃৰাষ্ট্ৰীয় খিলঞ্জীয়া দিৱস

আন্তঃৰাষ্ট্ৰীয় খিলঞ্জীয়া দিৱস বা বিশ্ব আদিবাসী দিৱস প্ৰতি বছৰে আগষ্ট মাহৰ ৯ তাৰিখে গোটেই বিশ্বজুৰি পালন কৰা হয়। বিশ্বৰ খিলঞ্জীয়া লোকসকলৰ অধিকাৰৰ ৰক্ষা কৰিবলৈ আৰু তেওঁলোকৰ অভিব্যক্তিক গোটেই বিশ্বৰ আগত দাঙি ধৰিবলৈ এই দিৱস পালন কৰা হয়। ইয়াৰ লগতে বিশ্বৰ বিভিন্ন সমস্যাৰ প্ৰতি খিলঞ্জীয়া লোকসকলে আগবঢ়োৱা অৱদান আৰু পৰিৱেশতন্ত্ৰৰ সমস্যা সমাধানৰ হকে কাম কৰা ভূমিপুত্ৰ সকলক স্বীকৃতি প্ৰদানৰ উদ্দেশ্যে এই দিৱসৰ সূচনা কৰা হৈছিল। ১৯৮২ চনত ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া জনসংখ্যাৰ কাৰ্যকৰী গোট আৰু মানৱ অধিকাৰৰ প্ৰচাৰ আৰু সংৰক্ষণ উপপৰিষদে এই দিৱস উদযাপনৰ প্ৰস্তাৱ আগবঢ়াইছিল। ১৯৯৪ চনৰ ডিচেম্বৰ মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভা এই দিৱস উদযাপনৰ প্ৰস্তাৱ গৃহীত কৰিছিল। ভূমিপুত্ৰ সকলে পৃথিৱীৰ আনুমানিক ৭,০০০ ভাষাৰ গৰিষ্ঠ সংখ্যক আৰু ৫,০০০ বিভিন্ন সংস্কৃতিক প্ৰতিনিধিত্ব কৰে।

আন্তঃৰাষ্ট্ৰীয় খিলঞ্জীয়া দিৱস

বড়ো জনগোষ্ঠীবাগৰুম্বা নৃত্য
তাৰিখ ৯ আগষ্ট
স্থান বিশ্বজুৰি
অন্য নাম বিশ্ব আদিবাসী দিৱস
প্ৰকাৰ আন্তঃৰাষ্ট্ৰীয়

তথ্য উৎস সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক