আফগানিস্তানত নাৰীৰ (ইংৰাজী: Women in Afghanistan)অধিকাৰ সময়বিশেষে সলনি হৈ আহিছে। ১৯২০ চনত ৰজা আমানুল্লাহ খানে দেশত আধুনিকীকৰণৰ প্ৰচেষ্টা চলোৱাৰ পিছত ১৯৬৪ চনৰ সংবিধানৰ অধীনত মহিলাসকলে আনুষ্ঠানিকভাৱে সমতা লাভ কৰে।[1] কিন্তু নবৈৰ দশকত আফগান গৃহযুদ্ধৰ সময়ত মুজাহিদীন আৰু তালিবানৰ দৰে বিভিন্ন অস্থায়ী শাসকৰ জৰিয়তে এই অধিকাৰ কাঢ়ি লোৱা হৈছিল। প্ৰথম তালিবান শাসনৰ সময়ত (১৯৯৬–২০০১) মহিলাসকলৰ স্বাধীনতা আছিল নগণ্য। বিশেষকৈ নাগৰিক স্বাধীনতাৰ ক্ষেত্ৰত ইয়াৰ অভাৱ বাৰুকৈয়ে দৃশ্যমান হৈছিল। আমেৰিকাত ৯/১১ আক্ৰমণৰ পিছত যেতিয়া তালিবানক ক্ষমতাৰ পৰা আঁতৰাই দিয়া হয়, তেতিয়া ইছলামিক ৰিপাব্লিক অৱ আফগানিস্তানৰ অধীনত মহিলাৰ অধিকাৰ ক্ৰমান্বয়ে উন্নত হয়।[2][3][4][5][6]২০০৪ চনৰ সংবিধানৰ অধীনত মহিলাসকল আইনগতভাৱে পুৰুষৰ সমকক্ষ আছিল।[2][3][4][5]

আফগানিস্তানৰ নাৰী

২০২১ চনৰ আগষ্ট মাহত তালিবানে আফগানিস্তান দখল কৰাৰ পিছত তালিবানে প্ৰথম অৱস্থাত বিশ্ববিদ্যালয়ৰ শ্ৰেণীকোঠাসমূহক লিংগৰ হিচাপত পৃথক কৰিছিল, যেতিয়ালৈকে তেওঁলোকে “ইছলামিক মান অনুসৰণ কৰে”।[7]কিন্তু ২০২১ চনৰ ছেপ্টেম্বৰ মাহত পুনৰ বেছিভাগ কিশোৰীক মাধ্যমিক বিদ্যালয়লৈ ঘূৰি আহিবলৈ বাধা প্ৰদান কৰা হয়, আৰু স্বাস্থ্য তথা শিক্ষাৰ বাহিৰৰ বেছিভাগ খণ্ডতে মহিলাসকলক কাম কৰাত বাধা দিয়া হয়। মহিলাসকলক ৰাজহুৱা স্থানত মুখ ঢকা আৱৰণ পিন্ধিবলৈ নিৰ্দেশ দিয়া হৈছিল, আৰু ঘনিষ্ঠ পুৰুষ-আত্মীয় অবিহনে ৭০ কিলোমিটাৰতকৈ অধিক (৪০ মাইল) যাত্ৰা কৰাত বাধা দিয়া হৈছিল। ২০২২ চনৰ ডিচেম্বৰ মাহত তালিবান চৰকাৰে আফগানিস্তানত মহিলাসকলৰ বাবে বিশ্ববিদ্যালয়ৰ শিক্ষা আৰু প্ৰাথমিক শিক্ষাও নিষিদ্ধ কৰে, যাৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোক সমালোচিত আৰু নিন্দিত হয়।[8][9][10]

২০২২ চনৰ জুলাই মাহত তালিবানৰ নেতা হিবাতুল্লাহ আখুণ্ডজাডাই তালিবানৰ মানৱ অধিকাৰৰ নিষেধাজ্ঞাৰ সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ সমালোচনা আৰু দাবীক তীব্ৰভাৱে বিৰোধ কৰি "ইছলামিক ব্যৱস্থা"ৰ শাসন ব্যৱস্থাৰ সম্পৰ্কে উত্থাপিত হোৱা সকলোধৰণৰ আলোচনা বা আপোচ নাকচ কৰিছিল।[11][12][13]

পশ্চিম আফগানৰ হেৰাট চহৰৰ হেৰাট বিশ্ববিদ্যালয়ত ইণ্টাৰনেট ব্যৱহাৰ কৰা ছাত্ৰী।

যোৱা দশকত আফগানিস্তানত শিক্ষাৰ উন্নতি ক্ৰমান্বয়ে হৈছে যদিও ইয়াক আন্তঃৰাষ্ট্ৰীয় মানদণ্ডলৈ আনিবলৈ আৰু বহুখিনি কৰিবলগীয়া আছে।[14][15][16][17][16] আফগানিস্তানত মহিলাৰ সাক্ষৰতাৰ হাৰ মাত্ৰ ২৪.২%।[18] দেশখনত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা প্ৰায় নবৈ লাখ। ইয়াৰে প্ৰায় ৬০% পুৰুষ আৰু ৪০% মহিলা। দেশৰ বিভিন্ন বিশ্ববিদ্যালয়ত ১ লাখ ৭৪ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰিছে। ইয়াৰে প্ৰায় ২১% মহিলা।[19]

সমংগন প্ৰদেশৰ মহিলা বিদ্যালয়ৰ ছাত্ৰী (২০০৬)

১৯৪৭ চনত কাবুল বিশ্ববিদ্যালয় ছোৱালীৰ বাবে মুকলি কৰা হয়। ১৯৭৩ চনলৈকে সমগ্ৰ আফগানিস্তানৰ বিদ্যালয়ত ছাত্ৰীৰ সংখ্যা প্ৰায় ১ লাখ ৫০ হাজাৰ হৈছিলগৈ। দুৰ্ভাগ্যজনকভাৱে কম বয়সতে বিবাহপাশত আবদ্ধ হোৱাৰ ফলত ড্ৰপ আউটৰ হাৰ অধিক হ’ল যদিও এসময়ত কেৱল পুৰুষৰ বাবে বুলি গণ্য কৰা বৃত্তিত অধিক সংখ্যক ছোৱালীয়ে ক্ৰমাৎ প্ৰৱেশ কৰিবলৈ ধৰিলে।[19]

আফগানিস্তানত বিবাহ সাধাৰণতে ইছলাম আৰু আফগানিস্তানৰ সংস্কৃতি অনুসৰি হয়। আফগানিস্তানত বিবাহৰ আইনী বয়স ১৬ বছৰ।[20] আফগানসকলে ধৰ্মীয় সম্প্ৰদায়, জাতি, জনজাতীয় সংগঠনৰ ওপৰত ভিত্তি কৰি ইজনে সিজনক বিয়া কৰায়। চুন্নী পষ্টুন আৰু ছিয়া হাজাৰাৰ বিবাহ দেখা পোৱাটো বিৰল। ইয়াৰ সমাজখন পিতৃতান্ত্ৰিক য'ত সাধাৰণতে বিশ্বাস কৰা হয় যে বয়সস্থ পুৰুষসকলহে নিজৰ পৰিয়ালৰ বাবে সিদ্ধান্ত লোৱাৰ অধিকাৰী। এজন পুৰুষে পত্নীৰ চুক্তিৰ প্ৰয়োজন নোহোৱাকৈয়ে বিবাহ বিচ্ছেদ কৰিব পাৰে। কিন্তু ইয়াৰ বিপৰীত নহয়।

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. "An introduction to the constitutional law of Afghanistan". Archived from the original on 10 May 2022. https://web.archive.org/web/20220510191806/https://www-cdn.law.stanford.edu/wp-content/uploads/2015/12/Intro-to-Con-Law-of-Afg-2d-Ed.pdf। আহৰণ কৰা হৈছে: 5 December 2019. 
  2. 2.0 2.1 "Afghan forces could turn guns on Kabul without US air support, cash and troops, among other warnings". military times. 29 March 2019. https://www.militarytimes.com/news/your-military/2019/03/28/afghan-forces-could-turn-guns-on-kabul-without-us-air-support-cash-and-troops-among-other-warnings/. "Of 320 parliamentary seats, 63 are held by women; 68,000 Afghan women are school and university instructors. And another 6,000 serve as judges, prosecutors, defense attorneys, police and soldiers, according to SIGAR’s report." 
  3. 3.0 3.1 "Afghan Girl Wins Reality Show For The First Time". TOLOnews. 2 April 2019. https://www.tolonews.com/arts-culture/afghan-girl-wins-reality-show-first-time. 
  4. 4.0 4.1 Kabul's American university students defiant despite violence. Al Jazeera English. 16 July 2017. Archived from the original on 2021-12-21. Retrieved 18 April 2019.  Unknown parameter |url-status= ignored (help)
  5. 5.0 5.1 Gender and Women's Studies at Kabul University: A Step Towards Addressing the Gender Gap. UNDP Afghanistan. 11 July 2016. Retrieved 18 April 2019. সাঁচ:Dead Youtube links
  6. Inside Afghanistan's First Boarding School for Girls. National Geographic. 26 December 2014. Archived from the original on 2021-12-21. Retrieved 18 April 2019.  Unknown parameter |url-status= ignored (help)
  7. https://www.insider.com/women-can-attend-university-mixed-classes-banned-taliban-education-minister-2021-8
  8. "Afghanistan: Taliban ban women from universities amid condemnation". 21 December 2022. https://www.bbc.com/news/world-asia-64045497. 
  9. "Taliban prohibit university educations for Afghan women in latest revocation of rights". 20 December 2022. https://www.france24.com/en/asia-pacific/20221220-taliban-forbids-university-education-for-afghan-girls-nationwide. 
  10. Faulkner, Charlie (22 December 2022). "Taliban ban all Afghan women from university and girls from primary school" (en ভাষাত). The Times. ISSN 0140-0460. https://www.thetimes.co.uk/article/taliban-bans-all-afghan-women-from-going-to-university-rtq060wfs. 
  11. "'It's our system': Taliban leader hits out at foreign demands on Afghan regime" (en ভাষাত). The Guardian. 1 July 2022. https://www.theguardian.com/world/2022/jul/01/taliban-leader-hits-out-foreign-demands-afghan-government। আহৰণ কৰা হৈছে: 1 July 2022. 
  12. Gul, Ayaz (1 July 2022). "Taliban Chief Slams Foreign 'Interference' in His 'Islamic' Governance" (en ভাষাত). VOA News. https://www.voanews.com/amp/taliban-chief-slams-foreign-interference-in-his-islamic-governance/6641859.html। আহৰণ কৰা হৈছে: 1 July 2022. 
  13. "Taliban supreme leader addresses major gathering in Kabul" (en ভাষাত). Al Jazeera. 1 July 2022. https://www.aljazeera.com/news/2022/7/1/taliban-supreme-leader-addresses-gathering। আহৰণ কৰা হৈছে: 1 July 2022. 
  14. Kabul's American university students defiant despite violence. Al Jazeera English. 16 July 2017. Archived from the original on 2021-12-21. Retrieved 18 April 2019.  Unknown parameter |url-status= ignored (help)
  15. Gender and Women's Studies at Kabul University: A Step Towards Addressing the Gender Gap. UNDP Afghanistan. 11 July 2016. Retrieved 18 April 2019. সাঁচ:Dead Youtube links
  16. 16.0 16.1 Inside Afghanistan's First Boarding School for Girls. National Geographic. 26 December 2014. Archived from the original on 2021-12-21. Retrieved 18 April 2019.  Unknown parameter |url-status= ignored (help)
  17. An Introduction: The American University of Afghanistan. American University of Afghanistan (AUAF). 9 November 2014. Retrieved 18 April 2019. সাঁচ:Dead Youtube links
  18. "Education". United States Agency for International Development (USAID). https://www.usaid.gov/afghanistan/education। আহৰণ কৰা হৈছে: 26 May 2017. 
  19. 19.0 19.1 Skaine, Rosemarie (23 September 2008). Women of Afghanistan In The Post-Taliban Era: How Lives Have Changed and Where They Stand Today. McFarland. ISBN 978-0-7864-3792-4. 
  20. "Afghanistan Has a Tougher Law on Child Marriage than Florida". Human Rights Watch. 20 October 2017. https://www.hrw.org/news/2017/10/20/afghanistan-has-tougher-law-child-marriage-florida। আহৰণ কৰা হৈছে: 31 March 2019. "In Afghanistan, girls can marry at the age of 16, or they can marry at the age of 15 with permission from their fathers or a judge."