এফ্ৰোডাইটি

(আফ্ৰোডেইটিৰ পৰা পুনঃনিৰ্দেশিত)

এফ্ৰোডাইটি (ইংৰাজী: Aphrodite) হৈছে প্ৰাচীন গ্ৰীচৰ প্ৰেম, সৌন্দৰ্য, সুখলাভ, আকৰ্ষণ আৰু প্ৰজননৰ দেৱী তথা দ্বাদশ অলিম্পিয়ানৰ অন্যতম। ৰোমানসকলে তেওঁক ভেনাচ হিচাপে চিহ্নিত কৰে। এফ্ৰোডাইটিৰ মুখ্য চিহ্নসমূহ হৈছে মিৰটল (চিৰহৰিৎ উদ্ভিদবিশেষ), গোলাপ, কপৌ, ঘৰচিৰিকা আৰু ৰাজহাঁ‌হ।[3][4][3][3] কাইথিৰা, চাইপ্ৰাচ, কৰিন্থ আৰু এথেন্সতেই ঘাইকৈ এফ্ৰোডাইটি পন্থাৰ কেন্দ্ৰসমূহ আছিল। এফ্ৰোডাইছিয়া আছিল তেওঁৰ প্ৰতি উৎসৰ্গিত মূল উৎসৱ। তেওঁক যুঁজাৰু দেৱী হিচাপেও আৰাধনা কৰা হৈছিল। তেওঁ আছিল প্ৰাচীন গ্ৰীচৰ দেহোপজীৱিনীসকলৰ পৃষ্ঠপোষক যাৰ ভিত্তিতেই পণ্ডিতসকলে গ্ৰীক-ৰোমান সংস্কৃতিত প্ৰচলিত পবিত্ৰ দেহ ব্যৱসায়ৰ ধাৰণাটো আগবঢ়ায়।

এফ্ৰোডাইটি
প্ৰেম, সৌন্দৰ্য আৰু যৌন আচৰণৰ দেৱী
নিবাস অলিম্পাচ পৰ্বত
প্ৰতীক ডলফিন, গোলাপ, সামুদ্ৰিক শামুকবিশেষৰ খোলা, মিৰটল (চিৰহৰিৎ গুল্মবিশেষ), কপৌ, ঘৰচিৰিকা, কমৰবন্ধনী, আইনা, মুক্তা আৰু ৰাজহাঁ‌হ
সঙ্গী হেফেইষ্টাচ, এৰিচ, প'জাইডন, হাৰ্মিচ, ডায়'নিচাছ, এড'নিচ আৰু এঙ্কিচাছ
পিতৃ-মাতৃ ইলিয়াদৰ মতে: জ্যুচ আৰু ডায়'নে[1]
থিঅ'গনিৰ মতে: ইউৰেনাচৰ খণ্ডিত অণ্ডকোষ আৰু সাগৰৰ ফেন[2]
সহোদৰ এইকাচ, এঞ্জেল'চ, এপ'ল', এৰিচ, আৰ্টিমিচ, এথেনা, হাৰ্মিচ, পাৰ্চিফোনি আদি
সন্তান এৰিচৰ ঔৰসত: ইৰ'চ, [lower-alpha 1] ফ'ব'চ, ডেইম'চ, হাৰমনিয়া, আদি
হাৰ্মিচৰ ঔৰসত: হাৰ্মাফ্ৰ'ডিটাচ
প'জাইডনৰ ঔৰসত: ৰ'ড'চ, এৰিস্ক
ডায়'নিচাছৰ ঔৰসত: পেইথ', চেৰাইটচ, প্ৰিয়েপাচ
এঙ্কিচাছৰ ঔৰসত: এনিয়াচ
ৰোমান সমাৰ্থক ভেনাচ

জন্ম সম্পাদনা কৰক

হেচিঅ'দৰ থিঅ'গনিৰ মতে পুত্ৰ ক্ৰ'নচৰদ্বাৰা ইউৰেনাচৰ খণ্ডিত যৌনাংগৰদ্বাৰা উৎপন্ন হোৱা সমুদ্ৰৰ ফেনৰ পৰা কাইথিৰাৰ উপকূলত এফ্ৰোডাইটিৰ জন্ম হয়।[5][6] কিন্তু হোমাৰইলিয়াদৰ মতে এফ্ৰোডাইটি জ্যুচ আৰু ডায়'নেৰ জীয়ৰী।[7][3]

আখ্যান সম্পাদনা কৰক

কিংবদন্তি মতে, এফ্ৰোডাইটিৰ বিবাহ হৈছিল অগ্নি, কমাৰশিল্প আৰু ধাতুশিল্পৰ দেৱতা হেফেইষ্টাচৰ সৈতে।[3][8][6] কিন্তু এফ্ৰোডাইটিয়ে প্ৰায়েই হেফেইষ্টাচৰ বিশ্বাসভংগ কৰিছিল আৰু তেওঁৰ বহুসংখ্যক প্ৰেমাস্পদ আছিল। ওডিচীৰ মতে তেওঁক এবাৰ এৰিচৰ সৈতে মিলনৰত অৱস্থাত হেফেইষ্টাচে ধৰা পেলাইছিল। [6] দেৱ-দেৱীসকলৰ মনত প্ৰায়েই মৰণশীল মানৱৰ প্ৰতি প্ৰেমভাৱ জগোৱাৰ বাবে ক্ষুণ্ণ হৈ এবাৰ জ্যুচে এফ্ৰোডাইটিৰ হৃদয়ত এঙ্কিচাছ নামৰ এক মানৱ ভেড়াৰখীয়াৰ প্ৰতি প্ৰেমৰ উন্মেষ ঘটোৱাইছিল। [3] ইলিয়াদএথেনা আৰু হীৰাৰ লগতে ট্ৰয়ৰ যুদ্ধৰ সূচনাৰ (পেৰিছৰ বিচাৰ) সৈতেও এফ্ৰোডাইটি জড়িত।[9]

এফ্ৰোডাইটিৰ সৈতে প্ৰায়েই প্ৰেম আৰু যৌনতাৰ দেৱতা ইৰ'চক দেখা পোৱা যায়।[3]

টোকা সম্পাদনা কৰক

  1. কোনো কোনো আখ্যানৰ মতে ইৰ'চ মহাশূন্য বা কেঅ'চৰ পৰা জন্ম হৈছিল

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. Homer, Iliad 5.370.
  2. Hesiod, Theogony, 188-190
  3. 3.0 3.1 3.2 3.3 3.4 3.5 3.6 Cyrino 2010.
  4. Tinkle 1996.
  5. Hesiod, Theogony, lines 191–192
  6. 6.0 6.1 6.2 Kerényi 1951.
  7. Iliad v. 370 and xx. 105
  8. Stuttard 2016.
  9. Walcot 1977.