মূল মেনু খোলক

গোলাপ এক প্ৰকাৰ সুপৰিচিত ফুল যি আধুনিক মানুহৰ বাবে সৌন্দৰ্যেৰ প্ৰতীক আৰু ভালপোৱাৰ প্ৰতীক হিচাপে সমাদৃত। গোলাপক ফুলৰ ৰাণী বোলা হয়। Rosaceae পৰিয়ালৰ Rosa গণৰ এক প্ৰকাৰৰ গুল্ম জাতীয় গছত গোলাপ ফুল ফুলে। প্ৰায় ১০০ প্ৰজাতিৰ বিভিন্ন বৰ্ণৰ গোলাপ ফুল আছে। গোলাপৰ পাহিৰ গঠন আৰু বিন্যাসত এক প্ৰকাৰৰ নান্দনিকতা আছে যি মানুহক আকৃষ্ট কৰে। সুগন্ধী গোলাপৰ ঘ্ৰাণো মানুহৰ প্ৰিয়। আনহাতে গোলাপৰ নিজস্ব কোনো গন্ধ নাই। গন্ধ উৎপাদনৰ কোনো ক্ষমতা গোলাপৰ নেই। অনেক বৰ্ণৰ গোলাপ আছে, যেনে গোলাপী, ৰঙা, হালধীয়া, বগা, সেউজীয়া ইত্যাদি। ইতিমধ্যে "গাৰ্ডেন ৰোজ" নামে বিভিন্ন হাইব্ৰিড গোলাপৰো উৎপাদন কৰা হৈছে। যিবোৰৰ একে লগে একে ফুলৰ পাহিত দুই বা ততোধিক ৰঙ থাকে।

গোলাপ
Rosa rubiginosa
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
বৰ্গ: Rosales
পৰিয়াল: Rosaceae
উপপৰিয়াল: Rosoideae
গোত্ৰ: Roseae
গণ: Rosa
প্ৰজাতি

গোলাপৰ প্ৰজাতিসমূহৰ তালিকা চাওক

সমাৰ্থক
  • Hulthemia Dumort.
  • ×Hulthemosa Juz. (Hulthemia × Rosa)
গোলাপ
হালধীয়া গোলাপ

গোলাপ গছৰ কাণ্ডত কাঁইট থাকে। ইয়াৰ পাতৰ কাষতো ক্ষুদ্ৰ কাঁইট থাকে। গোলাপৰ আদি নিবাস এছিয়া মহাদেশ। কিছু প্ৰজাতিৰ আদি বাসস্থান ইউৰোপ, উত্তৰ আমেৰিকা, আৰু উত্তৰপশ্চিম আফ্ৰিকা মহাদেশ। ফুলৰ সৌন্দৰ্য আৰু সুবাসৰ বাবে গোলাপ বিশ্বজুৰি বিখ্যাত। [1]

গোলাপ সমন্ধে ইতিহাসসম্পাদনা কৰক

 
বাংলাদেশৰ গোলাপ ফুল

গ্ৰীক উপকথাযত আছে প্ৰেমৰ দেৱী ভেনাছৰ ৰক্তৰ পৰা গোলাপৰ জন্ম। আৰৱ দেশীয় কাহিনীত আছে বগা গোলাপক বুলবুলি চৰায়ে আলিঙ্গন কৰাত বুলবুলি গোলাপৰ কাঁইটত আহত হৈ বুলবুলিৰ ৰক্তৰ পৰা বগা গোলাপৰ পৰা ৰঙা গোলাপৰ জন্ম। হিন্দু পৌৰাণিক কাহিনীত আছে বিষ্ণুয়ে ব্ৰহ্মাক পদ্মই শ্ৰেষ্ঠ ফুল বুলিলত ব্ৰহ্মাই বিষ্ণুক স্বৰ্গেলৈ নি তাৰ পাতল ৰঙৰ এটি সুগন্ধি গোলাপ দেখুৱাই। গোলাপ সমন্ধে এই ধৰণৰ অনেক গল্প আছে।[2] যশোৰৰ ঝিকৰগাছাৰ গদখালিত গোলাপৰ খেতি কৰা হয়। গদখালী ফুলৰ ৰাজধানী নামে খ্যাতি লাভ কৰিছে।

বিভিন্ন জাতৰ বিদেশী গোলাপসম্পাদনা কৰক

১. ৰাণী এলিজাবেথ, ২. ব্লেক প্ৰিন্স, ৩. ইৰান, ৪. মিৰিণ্ডা, ৫. পাপা মিলাঁ, ৬. আইছবাৰ্গ, ৭. ৰোজ গুজাৰ্ড, ৮. বেংগলি, ৯. কুইন এলিজাবেথ, ১০. জুলিয়াছ ৰোজ, ১১. ডাচ গোল্ড, ১২. ছানসিল্ক, ১৩. কিংছ ৰ‌ান্সন, উল্লেখযোগ্য।[2]

বিভিন্ন জাতৰ বাংলাদেশী গোলাপসম্পাদনা কৰক

১. ফাতেমা ছাত্তাৰ ২. মল্লিক ৩. ৰাহেলা হামিদ ৪. পিয়াৰী ৫. ভাছানী ৬. শেৰ-এ-বাংলা ৭. ১৯৫২ ৮. জয়ন্তি, ৯. শিবলী উল্লেখযোগ্য। [2]

গোলাপৰ ব্যৱহাৰসম্পাদনা কৰক

গোলাপ ফুল কেৱল সৌন্দৰ্যেৰ প্ৰতীক নহয়, ইয়াৰ বহুমুখী ব্যৱহাৰ আছে। গোলাপৰ পাহিৰ পৰা জাম, জেলি প্ৰস্তুত কৰা হয়। পাৰ্ছি, চীন আৰু ভাৰতত গোলাপজলৰ প্ৰচলন ঘটে। সুগন্ধিৰ বাবে গোলাপজল ব্যৱহাৰ কৰা হয়। গোলাপ ফুলেৰ সুৱাসৰ পৰা বিভিন্ন প্ৰসাধনী সামগ্ৰী তৈয়াৰ কৰা হয়। যেনে: পাৰফিউম ইত্যাদি। গোলাপত গেনাৰিয়ল নামৰ এটি এৰোমেটিক এলকহল জাতীয় সুগন্ধি পদাৰ্থ পোৱা যায়। মহিলাৰ অন্তৰ্বাস আৰু নেপকিনতো গোলাপৰ সুগন্ধ ব্যৱহাৰ কৰা হয়। আলংকাৰিক উদ্ভিদ হিচাবে গোলাপৰ ব্যৱহাৰ উল্লেখযোগ্য। গোলাপৰ পৰা তেলো উৎপাদিত হয়।[3]

বংশবিস্তাৰসম্পাদনা কৰক

গোলাপৰ বংশ বিস্তাৰৰ বাবে  পৰিস্থিতিভেদে শাখা কলম, দাবা কলম, গুটি কলম আগি প্ৰক্ৰিয়া ব্যবহাৰ কৰা হয়। নতুন নতুন গোলাপৰ জাত উদ্ভাৱনৰ বাবে বীজ উৎপাদন কৰি তাৰ পৰা পুলি উৎপাদন কৰা হয়।

ভূমি নিৰ্বাচনসম্পাদনা কৰক

গোলাপ ৰোপণৰ বাবে উৰ্বৰ মাটিৰ নিৰ্বাচন কৰা সকলোতকৈ উত্তম। পানী জমা নোহোৱা, ওখ ৰদঘাই মাটিত গোলাপ ভালকৈ জন্মে।

চিত্ৰসম্ভাৰসম্পাদনা কৰক

তথ্য সংগ্ৰহসম্পাদনা কৰক

  1. http://www.britannica.com/EBchecked/topic/509710/rose
  2. 2.0 2.1 2.2 "সংৰক্ষণাগাৰভুক্ত অনুলিপি". ৩১ জুলাই ২০১৩. http://www.banglapedia.org/HT/R_0219.HTM। আহৰণ কৰা হৈছে: ২০ এপ্ৰিল ২০১৯. 
  3. [1]

বহিঃসংযোগসম্পাদনা কৰক