আব্দুল মতলিব মজুমদাৰ
আব্দুল মতলিব মজুমদাৰ (ইংৰাজী: Abdul Motlib Mazumdar) ভাৰতৰ স্বাধীনতা সংগ্ৰামী আৰু একাধিকবাৰ অসম বিধান সভালৈ নিৰ্বাচিত কংগ্ৰেছ প্ৰতিনিধি৷ তেওঁ খিলাফৎ আন্দোলনৰ সমৰ্থক আৰু প্ৰাক্-স্বাধীনতাকালত মুছলিম লীগৰ প্ৰতিদ্বন্দ্বীৰূপে “জমিয়ৎ উলেমা ই হিন্দ’’ নামৰ সংগঠনটোৰ প্ৰতিষ্ঠাতা৷ তেওঁৰ জন্ম ১৮৯০ চনৰ জুন মাহৰ ১ তাৰিখে, হাইলাকন্দি জিলাৰ বৰজুৰাই গাঁৱত৷[1][2]
শিক্ষা সম্পাদনা কৰক
হাইলাকান্দিৰ ভিক্টোৰিয়া মেম’ৰিয়েল হাইস্কুলৰ পৰা প্ৰৱেশিকা পাছ কৰি “আৰ্ল মেডেল’’ লাভ কৰে আৰু ঢাকালৈ গৈ বি,এ আৰু ইংৰাজীত এম,এ উপাধি লৈ তিনিবছৰ পাছত আইনৰো স্নাতক ডিগ্ৰী লাভ কৰে৷[1][2]
কৰ্মজীৱন সম্পাদনা কৰক
শিক্ষা সাং কৰি তেওঁ শ্বিলঙৰ অসম সচিবালয়ত কিছুকাল চাকৰি কৰাৰ পাছত হাইলাকান্দিত ওকালতি কৰিবলৈ লয়, আৰু তেতিয়াই তেওঁ খিলাফৎ আন্দোলনত যোগ দিয়ে৷[1][2]
ৰাজনৈতিক জীৱন সম্পাদনা কৰক
১৯২৫ চনৰ পৰা তেওঁ কংগ্ৰেছৰ সৈতে জড়িত হৈ পৰে আৰু স্বাধীনতা যুঁজত অংশ গ্ৰহণ কৰে৷ ১৯৩৭ চনত তেওঁ হাইলাকান্দি জিলা কংগ্ৰেছ কমিটি গঠন কৰে আৰু তেওঁ তাৰ সভাপতিৰ পদ গ্ৰহণ কৰে৷ ১৯৪৫ চনত তেওঁ হাইলাকান্দি লোকেল বোৰ্ডৰ সভাপতি হয়৷ লোকেল বোৰ্ডৰ তেৱেঁই আছিল প্ৰথম ভাৰতীয় সভাপতি৷ ১৯৪৬ চনত মুছলিম লীগৰ প্ৰাৰ্থীক হৰুৱাই বিধান সভালৈ নিৰ্বাচিত হয় আৰু গোপীনাথ বৰদলৈ মন্ত্ৰীসভাৰ সদস্যপদ লাভ কৰে৷[3] তেওঁ বিষ্ণুৰাম মেধি মন্ত্ৰীসভাতো মন্ত্ৰীপদ লাছ কৰিছিল৷ ১৯৬২ চনত তেওঁ নিৰ্বাচনত পৰাজিত হয় কিন্তু বিমলাপ্ৰসাদ চলিহাৰ অনুৰোধত পুনৰ ১৯৬৭ চনত নিৰ্বাচনত অৱতীৰ্ণ হৈ জয়ী হয় আৰু চলিহা মন্ত্ৰীসভাৰ সদস্য[3] হৈ কিছুকাল থাকি তেওঁ সক্ৰিয় ৰাজনীতি ত্যাগ কৰে৷ স্বাধীনতা লাভৰ সময়ত তেওঁ কাছাৰ জিলাক চিলেটৰ লগত সংযুক্ত কৰাৰ বিৰোধীতা কৰিছিল৷[1][2]