আব্দুল ৰহমান মুনিফ
আব্দুল ৰহমান বিন ইব্ৰাহিম আল-মুনিফ (ইংৰাজী: Abdul Rahman Munif; ২৯ মে', ১৯৩৩ - ২৪ জানুৱাৰী, ২০০৪)-ক আব্দুল ৰহমান মুনিফ নামেৰেও জনা যায়। তেওঁ আছিল এগৰাকী ঔপন্যাসিক, চুটি গল্প লেখক, স্মৰণকাৰী, সাংবাদিক, চিন্তাবিদ আৰু সাংস্কৃতিক সমালোচক। তেওঁক কুৰি শতিকাৰ আৰৱী ভাষাৰ অন্যতম গুৰুত্বপূৰ্ণ লেখক হিচাপে গণ্য কৰা হয়।[1] তেওঁৰ উপন্যাসসমূহত শক্তিশালী ৰাজনৈতিক উপাদানৰ লগতে মধ্যপ্ৰাচ্যৰ অভিজাত শ্ৰেণীক কৰা উপহাস সন্নিৱিষ্ট হৈছে। তেলৰ আৱিষ্কাৰে কেনেকৈ পৰম্পৰাগত বেদুইন সংস্কৃতিক ৰূপান্তৰিত কৰিলে সেই বিষয়ে লিখা উপন্যাসৰ পঞ্চক চিটিজ অৱ ছল্টৰ বাবে তেওঁ বেছিকৈ পৰিচিত। মুনিফৰ এই কামে চৌদি আৰৱৰ শাসকসকলক ক্ষুণ্ণ কৰিছিল, যাৰ ফলত তেওঁৰ বহু কিতাপ নিষিদ্ধ কৰা হৈছিল আৰু তেওঁৰ চৌদি আৰৱৰ নাগৰিকত্ব বাতিল কৰা হৈছিল।[2]
আব্দুল ৰহমান মুনিফ | |
---|---|
জন্ম | আব্দুল ৰহমান বিন ইব্ৰাহিম আল-মুনিফ মে' ২৯ , ১৯৩৩ আম্মান-জৰ্ডান |
মৃত্যু | জানুৱাৰী ২৪ , ২০০৪ (৭০ বছৰ) ডামাস্কছ, চিৰিয়া |
সমাধিস্থল | দহদাহ কবৰস্থান |
পেচা | লেখক, সাংবাদিক, ৰাজনীতিবিদ, অৰ্থনীতিবিদ |
ভাষা | আৰৱী |
মাতৃশিক্ষায়তন | বেলগ্ৰেড বিশ্ববিদ্যালয় পেৰিছ বিশ্ববিদ্যালয় |
সময় | ১৯৩৩–২০০৪ |
ধৰণ | উপন্যাস, চুটিগল্প, সমালোচক, জীৱনী |
সাহিত্যিক বিপ্লৱ | সাহিত্যিক বাস্তৱবাদ |
উল্লেখনীয় কৰ্মৰাজি | *চিটিজ অৱ ছল্ট (১৯৮৪–১৯৮৯) |
উল্লেখযোগ্য বঁটা | ওৱাইছ সাংস্কৃতিক বঁটা (১৯৮৯) |
জীৱনী
সম্পাদনা কৰক১৯৩৩ চনত জৰ্ডানৰ আম্মানত মুনিফৰ জন্ম হৈছিল।[3] তেওঁৰ আইতাক আছিল এগৰাকী ইৰাকী।[2][4] তেওঁৰ ষ্ট'ৰী অৱ এ চিটিঃ এ চাইল্ডহুড ইন আম্মান-ত তেওঁৰ লালন-পালনৰ বিষয়ে বৰ্ণনা কৰিছে।
আইন অধ্যয়নৰ বাবে তেওঁ ১৯৫২ চনত বাগদাদলৈ যায় আৰু পৰৱৰ্তী সময়ত কায়ৰোলৈ যায়। তেওঁ ছ'ছাৰবনৰ পৰা আইনৰ ডিগ্ৰী আৰু বেলগ্ৰেড বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি বিভাগত তেল অৰ্থনীতি বিষয়ত পি.এইচ.ডি. লাভ কৰিছিল।[5] পিছত তেওঁ তেল মন্ত্ৰালয়ত কাম কৰিবলৈ ইৰাকলৈ উভতি আহে আৰু বা'থ পাৰ্টিৰ সদস্য হয়। এই সময়ছোৱাত তেওঁ আল-নাফত ৱা আল-তানমিয়া (পেট্ৰ'লিয়াম এণ্ড ডেভেলপমেণ্ট) নামৰ এখন ঔদ্যোগিক আলোচনী সম্পাদনা কৰিছিল।[6]
ইৰাকৰ মন্ত্ৰালয়ৰ চাকৰিৰ লগতে বা'থ পাৰ্টি এৰি ছিৰিয়াৰ ডামাস্কাছলৈ গুচি যোৱাৰ পিছত, ১৯৭০ চনৰ পৰা তেওঁ লিখিবলৈ আৰম্ভ কৰে আৰু বিৰোধিতা কৰা শাসন ব্যৱস্থাৰ পৰা নিজকে আঁতৰাই নিয়ে। মধ্যপ্ৰাচ্যৰ অভিজাত শ্ৰেণী, বিশেষকৈ ছৌদি আৰৱৰ অভিজাত শ্ৰেণীক কৰা তীব্ৰ ব্যংগৰ বাবে তেওঁ অতি কম সময়তে পৰিচিত হৈ উঠিছিল, তেওঁৰ বহু কিতাপ নিষিদ্ধ কৰাৰ লগতে তেওঁৰ ছৌদি নাগৰিকত্ব কাঢ়ি লোৱা হৈছিল।[7] তেল উদ্যোগৰ বিষয়ে থকা তেওঁৰ জ্ঞান তেওঁ সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰিছিল, ইয়াক চলোৱা ব্যৱসায়ী আৰু তেওঁলোকে সেৱা আগবঢ়োৱা ৰাজনীতিবিদসকলক তেওঁ সমালোচনা কৰিছিল।
মুনিফ পোন্ধৰখন উপন্যাসৰ স্ৰষ্টা আছিল। চিটিজ অৱ ছল্ট-এ আৰৱ উপদ্বীপৰ বিৱৰ্তন অনুসৰণ কৰিছিল, কাৰণ তেলৰ উত্থানৰ ফলত ইয়াত পৰম্পৰাগত বেদুইন সংস্কৃতিৰ ৰূপান্তৰ ঘটিছিল। তেওঁৰ উপন্যাসসমূহত এক বিস্তৃত অঞ্চলৰ ইতিহাস বৰ্ণনা কৰা হৈছে, যাৰ ফলত উইলিয়াম ফকনাৰৰ ইয়োক্নাপাটৱফা কাউণ্টি-ৰ সৈতে তেওঁৰ ৰচনাক তুলনা কৰা হয়। প়ঞ্চকৰ আৰম্ভণিত মুডুন আল-মিলহ (চিটিজ অৱ ছল্ট, ১৯৮৪) হৈছে, য'ত ৱাডি আল-উয়ুনৰ মৰুভূমিৰ অ'এচিছক পশ্চিমীয়া তেলবিদৰ আগমনৰ ফলত ৰূপান্তৰিত আৰু ধ্বংস হোৱাৰ দৃশ্য দেখুওৱা হৈছে, যিটো চিনুয়া আচেবেৰ থিংছ ফল এপাৰ্ট-ৰ নিচিনা কাহিনী বিঘ্নিত গাঁওখনৰ দৰেই। আচেবেয়ে আফ্ৰিকাৰ এখন পৰম্পৰাগত গাঁৱত শক্তিশালী মিছনাৰীসকলৰ আগমনৰ প্ৰভাৱসমূহ বৰ্ণনা কৰাৰ দৰে, মুনিফে যাযাবৰী আৰু অ'এছিছ সম্প্ৰদায়ে মৰুভূমিৰ পৰা আহৰণ কৰা অপৰিসীম সম্পদৰ প্ৰতিশ্ৰুতিসম্পন্ন অৰ্থনৈতিক, সামাজিক আৰু মানসিক প্ৰভাৱৰ বৰ্ণনা দিছে। আল-উখদুদ (১৯৮৫; দ্য ট্ৰেঞ্চ), তাকছিম আল-লেল ৱা-আল-নাহৰ (১৯৮৯; ভেৰিয়েচনছ অন নাইট এণ্ড ডে) অল-মুনবাট (১৯৮৯; দ্য আপৰোটেড) আৰু বদিয়াত আল জুলুমাত (১৯৮৯; দি ডেজাৰ্ট অৱ ডাৰ্কনেছ)ৰ সৈতে পঞ্চক অব্যাহত আছে। ডেনিয়েল বাৰ্ট এই উপন্যাসখনক সৰ্বকালৰ ৭১সংখ্যক শ্ৰেষ্ঠ উপন্যাস হিচাপে স্থান দিছিল।[8] ধাৰাবাহিকখনৰ শেষৰ দুখন উপন্যাস ইংৰাজীলৈ অনুবাদ হোৱা নাই।
ইংৰাজীত প্ৰকাশিত তেওঁৰ প্ৰথমখন উপন্যাস আছিল এণ্ডিংছ। অনুবাদকে দাবী কৰিছিল যে ই ইংৰাজীলৈ অনুবাদ হোৱা প্ৰথমখন চৌদি আৰব উপন্যাস, আৰু ইয়াৰ দ্বাৰা গ্ৰাম্য জীৱন আৰু পৰিৱেশৰ প্ৰত্যাহ্বানৰ উদ্ভাৱনীমূলক চিত্ৰণক আৰৱী ধাৰাত প্ৰশংসা কৰে যিটোৱে তেতিয়ালৈকে বেছিভাগেই নগৰীয়া, মধ্যবিত্তীয় অভিজ্ঞতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।[9] পশ্চিমীয়া দেশত মুনিফৰ ৰচনা কেতিয়াও বিশেষভাৱে সফল নহ’লেও সমগ্ৰ মধ্যপ্ৰাচ্যতে সমালোচকৰ প্ৰশংসা আৰু অত্যন্ত জনপ্ৰিয়। চিটিজ অৱ ছল্টক এডৱাৰ্ড ছেইদে “এখন উপসাগৰীয় দেশৰ ওপৰত তেল, আমেৰিকান আৰু স্থানীয় অলিগাৰ্চিৰ প্ৰভাৱ দেখুৱাবলৈ চেষ্টা কৰা কল্পকাহিনীৰ একমাত্ৰ গুৰুতৰ ৰচনা” বুলি অভিহিত কৰিছিল।[10]
তেওঁ যদিও ছাদাম হুচেইন আৰু তেওঁৰ শাসনৰ এজন তীব্ৰ সমালোচক আছিল, তথাপি তেওঁ ইৰাকৰ ওপৰত আমেৰিকাৰ আক্ৰমণক সম্পূৰ্ণ বিৰোধিতা কৰিছিল আৰু জীৱনৰ শেষৰ দুবছৰ তেওঁ নবীকৃত সাম্ৰাজ্যবাদ বুলি ভবা কথাটোৰ বিৰোধিতা কৰিবলৈ নন-ফিকশন প্ৰকল্পত কাম কৰিছিল। ৭০ বছৰ বয়সত বৃক্ক আৰু হৃদৰোগত আক্ৰান্ত হৈ ডামাস্কছত তেওঁৰ মৃত্যু হয়।[11]
গ্ৰন্থপঞ্জি
সম্পাদনা কৰকইংৰাজীলৈ অনুবাদ হোৱা কামসমূহ
সম্পাদনা কৰক- — ১৯৮৭. চিটিজ অৱ চল্ট (চিটিজ অৱ চল্ট ট্ৰিলজি, খণ্ড ১) নিউয়ৰ্কঃ ভিনটেজ বুকছ। আই.এচ.বি.এন. 0-394-75526-X
- — ১৯৯১. দ্য ট্ৰেঞ্চ (চিটিজ অৱ চল্ট ট্ৰিলজি, খণ্ড ২) নিউ ইয়ৰ্কঃ ভিনটেজ বুকছ। আই.এচ.বি.এন. 0-394-57672-1আই. এছ. বি. এন. 0-394-57672-1
- — ১৯৯৩. ভেৰিয়েচনছ অন নাইট এণ্ড ডে (চিটিছ অৱ চল্ট ট্ৰিলজী, খণ্ড ৩) নিউ ইয়ৰ্কঃ ভিনটেজ বুকছ। আই.এচ.বি.এন. 0-679-75551-9আই. এছ. বি. এন. 0-679-75551-9
- — ১৯৯৮. এণ্ডিংছ, লণ্ডন কোৱাৰেট বুকছ। আই.এচ.বি.এন. 0-7043-2651-5আই. এছ. বি. এন. 0-7043-2651-5
- — ১৯৯৮. ষ্ট 'ৰী অৱ এ চিটিঃ এ চাইল্ডহুড ইন আম্মান , লণ্ডন, কোৱাৰেট বুকছ। আই.এচ.বি.এন. 0-7043-8023-4আই. এছ. বি. এন. 0-7043-8023-4
আৰবী ভাষাত কৰা কাম
সম্পাদনা কৰকফিকশন
- — ১৯৭৩. আল-আশ্জাৰ ৱা-ঘত্যাল মাৰ্জুক আল আশ্জাৰ ওঘ্তিয়াল মাৰ্জোক, বেইৰুটঃ আল-মুৱাছাছা আল-আৰবিয়া লিড-দিৰাচত ৱান-নাশ্ৰ।
- — ১৯৭৪. কিসসাত হুব মাজুসিয়্যা কুসসিয়াহ হাবন মাজুসিয়াহ, বেইৰুটঃ আল-মুৱাচাছা আল-আৰবিয়া লিড-দিৰাচাট ৱান-নাশ্ৰ।
- — ১৯৭৫. শ্বৰ্ক আল-মুটাৱাচিত শ্বৰ্ক আলমটোছট, বেইৰুটঃ আল-মুৱাছাছা আল-আৰবিয়া লিড-দিৰাচত ৱান-নাশ্ৰ।
- — ১৯৭৬. হিনা তাৰকনা আল-জিসৰ হিনে তৰকনা আলজসৰ, বেইৰুটঃ আল-মুয়াসাসা আল-আৰাবিয়া ঢাকনা-দিৰাসাত ওয়ান-নাশৰ।
- — ১৯৭৭. আন-নিহায়াত নহাইয়াত, বেইৰুটঃ আল-মুৱাছাছা আল-আৰবিয়া লিদ-দিৰাচত ৱান-নাশ্ৰ।
- — ১৯৭৯. ছিবাক আল-মাছাফাত আত-তাৱিলা ছবক আলমাছাফাত ইলতুইলাত, বেইৰুটঃ আল-মুৱাছাছা আল-আৰবিয়া লিড-দিৰাছাত ৱান-নাশ্ৰ।
- জাবৰা ইব্ৰাহিম জাবৰাৰ সৈতে। ১৯৮২. আলম বি-লা খৰাইত আলম ব্লাইট্, বেইৰুটঃ আল-মুৱাছাছা আল-আৰবিয়া লিড-দিৰাচত ৱান-নাশ্ৰ।
- — ১৯৮৪. মুদুন আল-মিল ১: আল-তিহ মান্দিহ আলম্লাহ, বেইৰুটঃ আল-মুৱাছাছা আল-আৰবিয়া লিদ-দিৰাশত ৱান-নাশ্ৰ।
- — ১৯৮৫. মুদুন আল-মিল ২: আল-উখদুদ মদন আলমাহ, বেইৰুটঃ আল-মুৱাছাছা আল-আৰবিয়া লিড-দিৰাশত ৱান-নাশ্ৰ।
- — ১৯৮৯. মুদুন আল-মিলহ ৩: তাকাছিম আল-লাইল ৱান-নাহৰ ம்னால் மில்ல் வால்னார், বৈৰুটঃ আল-মুয়াছাছা আল-আৰবিয়া ঢাকনি-দিৰাছাত ৱান-নাশ্বৰ।
- — ১৯৮৯. মুদুন আল-মিলহ ৪:আল-মুকনবাট মদন আলমাহ, বেইৰুটঃ আল-মুৱাছাছা আল-আৰবিয়া লিড-দিৰাশত ৱান-নাশ্ৰ।
- — ১৯৮৯. মুদুন আল-মিলহ ৫:বদিয়াত আজ-জুলমত மின் மிந்த மில்ல் மால் நாம் பாருத்தியால்மாட், বৈৰুটঃ আল-মুয়াছাছা আল-আৰবিয়া ঢাকনি-দিৰাছাত ৱান-নাশ্বৰ।
- — ১৯৯১. আল-আন... হুনা, আৱ শৰ্ক আল-মুটাৱাচিত মাৰা উখৰা আন.. ইয়াত, আৰু অধিক তথ্যৰ বাবে, বেইৰুটঃ আল-মুয়াছাছা আল-আৰবিয়া ঢাকনি-দিৰাছাত ৱান-নাশ্বৰ। বেইৰুটঃ আল-মুৱাছাছা আল-আৰবিয়া লিড-দিৰাচত ৱান-নাশ্ৰ।
- — ১৯৯৯. আৰ্দ আছ-ছাৱাদ ১-৩ উৰ্জ আল-ছোৱাদ ই-ই, বেইৰুটঃ আল-মুৱাছাছা আল-আৰবিয়া লিড-দিৰাশত ৱান-নাশ্ৰ।
- — ২০০৫. উম্ম আন নুধুৰ আম আল-নাছুৰ, বেইৰুটঃ আল-মুৱাছাছা আল-আৰবিয়া লিদ-দিৰাচত ৱান-নাশ্ৰ।
নন ফিকশন
- — ১৯৭৩. মাবদা আল-মুছাৰাকা ৱা-তামিন আল-বিতৰুল আল-আৰাবি মওদা আল-মশৰকাতা ও আমেইন আল-বাতৰুল আৰবি, বেইৰুটঃ দাৰ আল-আওদা।
- — ১৯৭৫. আল-বিতৰুল আল-আৰাবি, মুছাৰাকা আৰু তাত-তামিন ইলব্ৰুল আৰবি, মাশাৰকাহ অউ আলতা আৰবিঁ, বেইৰুট।
- — ১৯৭৬. তামিন আল-বিতৰুল আল-আৰাবি তামিন আলবত্ৰুল আৰবি, বাগদাদ।
- — ১৯৯২. আল-কাতিব ওয়াল-মানফা-হুমুম ৱা-আফাক আৰ-ৰিৱায়া আল-আৰাবিয়া আল-কাতব ৱালমেনফেই, বেইৰুটঃ আল-মুৱাছাছা আল-আৰৱিয়া লিড-দিৰাচাট ৱান-নাশ্ৰ।
- — ১৯৯২. আদ-ডিমুক্ৰাতিয়া আৱিলান আদ-ডিমুক্ৰাতিয়া দৈমান, বেইৰুটঃ আল-মুআছাছা আল-আৰবিয়া ঢাকনি-দিৰাছাত ৱান-নাশ্বৰ।
- — ১৯৯৪. ছিৰাত মদিনা-আম্মান ফি ল-আৰ্বা 'ইনাত চিৰাত-আমন ফি আল আৰ্বা, বেইৰুটঃ আল-মুৱাছাছা আল-আৰবিয়া লিড-দিৰাছাট ৱান-নাশ্ৰ।
- — ১৯৯৮. বাইন আথ-থেকাফা ৱাছ-চিয়াছা বিন থেচকাফা আৰু আলচিয়াছাহ, কাছাব্লাংকা: আল-মাৰ্কাজ আত-তাকাফি আল-আৰবী।
- — ১৯৯৮. লাউআত আল-ঘিয়াব, বেইৰুটঃ আল-মুআছাছা আল-আৰবিয়া ঢাকনি-দিৰাছাত ৱান-নাশ্বৰ।
- — ২০০১. ৰিহলাত দাউ ৰহলাথ জৌ, বেইৰুটঃ আল-মুৱাচাছা আল-আৰবিয়া লিদ-দিৰাচাট ৱান-নাশ্ৰ।
- — ২০০১. ধাকিৰা লিল-মুস্তাকবাল জাক্ৰাত ল্লমষ্টাকবল, বেইৰুটঃ আল-মুৱাছাছা আল-আৰবিয়া লিড-দিৰাচাট ৱান-নাশ্ৰ।
শ্ৰদ্ধাৰ্ঘ্য
সম্পাদনা কৰক- জিয়াদ, আব্দুল-হাদি (২০০৪ চনৰ ৫ ফেব্ৰুৱাৰী). "Abdul Rahman Munif". The Guardian. https://www.theguardian.com/obituaries/story/0,3604,1141038,00.html.
- হাফেজ, ছাব্ৰি (জানুৱাৰী–ফেব্ৰুৱাৰী ২০০৬). "An Arabian master". New Left Review (New Left Review) খণ্ড II (37). http://newleftreview.org/II/৩৭/sabry-hafez-an-arabian-master.
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ Sakkut, Hamdi; Monroe, Roger. The Arabic novel. American Univ in Cairo Press. পৃষ্ঠা. 93. ISBN 978-977-424-502-2. https://books.google.com/books?id=pewdETYrR6IC&pg=PA93। আহৰণ কৰা হৈছে: February 24, 2011.
- ↑ 2.0 2.1 "On an 81st Birthday: Why Does Abdelrahman Munif Not Make the ‘World Literature’ Canon?". https://arablit.org/2014/05/29/on-an-81st-birthday-why-does-abdelrahman-munif-not-make-the-world-literature-canon/। আহৰণ কৰা হৈছে: 2 December 2024.
- ↑ Tariq Ali (2001). "Kingdom of corruption: Keeping an eye on the ball: the Saudi connection". Index on Censorship (4): 16. doi:10.1080/03064220108536972.
- ↑ . প্ৰকাশক London. February 5, 2004. http://www.theguardian.com/news/2004/feb/05/guardianobituaries.booksobituaries.
- ↑ Petri Liukkonen. "Abdul Rahman Munif". Books and Writers. প্ৰকাশক Finland: Kuusankoski Public Library. Archived from the original on April 5, 2010. https://web.archive.org/web/20100405190812/http://www.kirjasto.sci.fi/munif.htm.
- ↑ Abd al Rahman Munif (1988). Endings. প্ৰকাশক London: Quartet Books. পৃষ্ঠা. v-x. ISBN 0704326515. https://archive.org/details/endings00muni.
- ↑ Abdelrahman Munif (1987). Cities of Salt. প্ৰকাশক New York: Vintage International. পৃষ্ঠা. 629. ISBN 0-394-75526-X.
- ↑ Daniel Burt (2004). The Novel 100: A Ranking of the Greatest Novels of All Time. New York: Checkmark Books. ISBN 0-8160-4558-5.
- ↑ Abd al Rahman Munif (1988). Endings. London: Quartet Books. পৃষ্ঠা. v–x. ISBN 0704326515.
- ↑ "Modern Arab writers: Abdelrahman Munif". Archived from the original on September 17, 2008. https://web.archive.org/web/20080917000134/http://www.al-bab.com/arab/literature/munif.htm। আহৰণ কৰা হৈছে: August 12, 2008.
- ↑ "Abdul Rahman Munif, 71, Political Novelist". New York Times. February 2, 2004. https://www.nytimes.com/2004/02/02/nyregion/abdul-rahman-munif-71-political-novelist.html। আহৰণ কৰা হৈছে: August 9, 2020.