আমিনুল হক
এই প্ৰবন্ধটো ৱিকিপিডিয়াৰ ৰচনাশৈলী অনুসৰি ৱিকিফাইড কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি সম্পৰ্কীয় আন্তঃৱিকি সংযোগ অথবা প্ৰবন্ধৰ গঠনশৈলী পৰিবৰ্তন কৰি এই প্ৰবন্ধৰ বিকাশ কৰাত সহায় কৰক। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
এই প্ৰবন্ধত ৱিকিফাই কৰিব লগা সংক্ৰান্তিয় একো কাৰণ দিয়া হোৱা নাই।
|
আমিনুল হক (ইংৰাজী: Aminul Haque; জন্ম: ফেব্ৰুৱাৰী, ১৯৫৬) অসমৰ এগৰাকী প্ৰথিতযশা চিত্ৰশিল্পী।
আমিনুল হক | |
---|---|
জন্ম | ২৫ মাৰ্চ, ১৯৫৬ গুৱাহাটী, কামৰূপ, অসম |
দেশ | ভাৰতীয় |
পেচা | চিত্ৰশিল্প |
জন্ম
সম্পাদনা কৰক১৯৫৬ চনৰ ফেব্ৰুৱাৰীত গুৱাহাটীৰ হেদায়েৎপুৰত আমিনুল হকৰ জন্ম হয়।[1] পিতৃ মফিজুদ্দিন আহমেদ আৰু মাতৃ আনোৱাৰা বেগম। তেখেতে গীতিকাৰ ৰূপেও খ্যাতি আৰ্জিছে আৰু কেবাটাও সংগীতৰ এলবামত তেখেতে লিখা গীতত বিভিন্নজন সংগীতশিল্পীয়ে সুৰাৰোপন কৰাই নহয় তেখেতে ভূপেন হাজৰিকাৰ 'শীতৰে সেমেকা ৰাতি'[2], কেশৱ মহন্তৰ 'কলৰে আগতে কাউৰী পৰিলে' আদি গীতৰ ওপৰত একোখন চিত্ৰও অংকন কৰিছে।
শিক্ষা
সম্পাদনা কৰকতেখেতে গোৱালপাৰা সৈনিক স্কুল পৰা মেট্ৰিক পাছ কৰে আৰু গুৱাহাটী আৰ্যবিদ্যাপীঠ মহ্যাবিদ্যালয়ৰপৰা স্নাতক (বিজ্ঞান শাখা) পৰীক্ষাত উত্তীৰ্ণ হয়।
কৰ্ম জীৱন
সম্পাদনা কৰকআমিনুল হক আছিল অসমৰ ‘চিত্ৰকলা আন্দোলন’ৰ সৈতে সক্ৰিয়ভাৱে জড়িত। তেখেত আছিল ‘গুৱাহাটী আৰ্টিষ্ট গীল্ড’ৰ প্ৰতিষ্ঠাপক সদস্য। তেখেত একেৰাহে তিনিবছৰ- ২০১৬, ১৭ আৰু ১৮ চনত ‘গুৱাহাটী আৰ্টিষ্ট গীল্ড’ৰ কাৰ্যবাহী সভাপতি পদত নিয়োজিত হৈ থকাৰ উপৰিও গীল্ডৰ সম্পাদক আৰু কেইবাবছৰো আলোচনী সম্পাদকো আছিল।
তেখেতৰ প্ৰথম একক প্ৰদৰ্শনী অনুষ্ঠিত হয় ১৯৭৫ চনত হাজী মুচাফিৰখানা গুৱাহাটীত। তাৰপিছত ক্ৰমান্বয়ে ১৯৮৫ চনত গুৱাহাটী ৰাজ্যিক আৰ্ট গেলেৰী, ১৯৯৬ চনত কলিকতাৰ একাডেমি অৱ ফাইন আৰ্ট, ২০০৮ চনত গুৱাহাটী আৰ্টিষ্ট গীল্ডত আৰু ২০১৭ চনত দিল্লী ললিত কলা একাডেমিত আমিনুল হকৰ একক চিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত হয়। ইয়াৰোপৰি যুটীয়াভাৱে তেখেতে শ্বিলং(১৯৭৭), কলকাতা(১৯৯৯), বৰোডা(২০০৮), দিল্লী(২০০২) আৰু ক’হিমাত (২০০১) চিত্ৰকলা প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিছে। ২০১৫ চনত তেখেতে ভাৰতীয় খাদ্য নিগমৰ চাকৰিৰপৰা অৱসৰ গ্ৰহণ কৰে। কৃতি চিত্ৰ-সমালোচকে তেখেতৰ ছবি এম.এফ.হুছেইন আৰু পিকাছোৰ ছবিৰ সৈতে তুলনা কৰিছে।
কেৱল ছবি অঁকাতে নিয়োজিত হৈ নাথাকি তেখেতে চিত্ৰকলা সম্পৰ্কীয় যথেষ্ট প্ৰৱন্ধ পাতিও লিখিছে।
ব্যক্তিগত জীৱন
সম্পাদনা কৰকখ্যাতনামা অসমীয়া কবি-সাহিত্যিক ডাঃ নীলিমা টি হকৰ সৈতে ১৯৮৬ চনৰ ৫ জানুৱাৰী তাৰিখে আমিনুল হকৰ বিয়া হয়। ৰাহাত আমিন শিল্পী দম্পত্তীৰ একমাত্ৰ পুত্ৰ।
তথ্যউৎস
সম্পাদনা কৰকবাহ্যিক সংযোগ
সম্পাদনা কৰক- Aminul Haque: Through spontaneous rhythm, colour and form Archived 2017-06-15 at the Wayback Machine