কেশৱ মহন্ত

অসমৰ এজন কবি, গীতিকাৰ আৰু শিক্ষাবিদ

কেশৱ মহন্ত (২০ জানুৱাৰী ১৯২৬ – ৩১ মাৰ্চ ২০০৬[3]) অসমৰ এজন কবি, গীতিকাৰ আৰু শিক্ষাবিদ। জীৱনকালত তেখেতে প্ৰকৃতি আৰু মানৱতাক লৈ শতাধিক গীত ৰচনা কৰি যায়। বিভিন্ন বঁটা আৰু সন্মানৰ উপৰিও সাহিত্যৰাজীৰ বাবে তেখেতে ২০০১ চনত অসম চৰকাৰৰ পৰা সাহিত্যিক পেঞ্চনো লাভ কৰিছিল।

কেশৱ মহন্ত
জন্ম ২০ জানুৱাৰী, ১৯২৬
শোণিতপুৰ জিলা, অসম
মৃত্যু ৩১ মাৰ্চ, ২০০৬ (৮০ বছৰ)[1]
গুৱাহাটী, অসম
পেচা কবি, গীতিকাৰ, শিক্ষাবিদ
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
উল্লেখনীয় কৰ্মৰাজি মোৰ যে কিমান হেঁপাহ
তোমাৰ তেজ
উল্লেখযোগ্য বঁটা সাহিত্য অকাডেমি বঁটা (১৯৯৩)[2]
বিষ্ণু ৰাভা বঁটা (২০০০)

জন্ম আৰু শিক্ষাসম্পাদনা কৰক

২০ জানুৱাৰী, ১৯২৬ চনত শোণিতপুৰ জিলাৰ মিজিকাজান চাহ বাগিচাত কেশৱ মহন্ত‍ই জন্মগ্ৰহণ কৰে। তেখেতৰ পিতৃ আছিল থানেশ্বৰ মহন্ত। মাগুৰ মৰা প্ৰাইমাৰী বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা সাং কৰি তেখেতে ১৯৩৭ চনত চতিয়া মজলীয়া চৰকাৰী বিদ্যালয়ত নাম লগায়। ১৯৪৪ চনত মেট্ৰিকুলেচন পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত ১৯৪৬ চনত কটন মহাবিদ্যালয়ৰ পৰা আই. এ. পৰীক্ষাত উত্তীৰ্ণ হয়। তেখেতে ১৯৫৬ চনত বি. এ. ডিগ্ৰী লাভ কৰে।

কৰ্মজীৱনসম্পাদনা কৰক

কেশৱ মহন্ত‍ই ১৯৫২ চনত জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষক হিছাপে যোগদান কৰে। তাৰ পিছত ১৯৫৬ চনত গুৱাহাটী ডনবস্ক’ত শিক্ষক হিচাপে যোগদান কৰে। ১৯৫৯ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰকাশক-অনুবাদক হিচাপে যোগদান কৰে। ১৯৬০-১৯৬৩ লৈ কলিকতাত ছোভিয়েট দেশ কাৰ্যালয়ত "ছোভিয়েট দেশ" আলোচনীখনত মুখ্য সম্পাদক হিছাপে কাৰ্যনিৰ্বাহ কৰে। ইয়াৰ পিছত ১৯৭২-১৯৭৭ চনত বি বৰুৱা মহাবিদ্যালয়ত অংশকালীন প্ৰৱক্তা হিচাপে কাম কৰে আৰু ১৯৮৪ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা প্ৰকাশন বিষয়া হিচাপে অৱসৰ গ্ৰহণ কৰে। ইয়াৰ উপৰি "লুইত", "প্ৰৱাহ", "মিলন", "মুখপত্ৰ", "নতুন সাহিত্য" আদি আলোচনীৰো সম্পাদক ৰূপে তেখেতে কাম কৰিছিল।

২০০৬ চনৰ ৩১ মাৰ্চত গুৱাহাটীৰ নিগাজী পাম বাসগৃহত তেখেতে শেষ নিশ্বাস ত্যাগ কৰে।

সাহিত্য সম্ভাৰসম্পাদনা কৰক

গীতৰ পুথিসম্পাদনা কৰক

  • ৰ’দ জিকিমিকি
  • বুকুত এজাক ধুমুহা
  • কুঁৱলী আঁতৰি যা
  • মোৰ যে কিমান হেঁপাহ
  • দিশ ধৱলীবৰণ আদি।

কবিতা পুথিসম্পাদনা কৰক

  • মোৰ শুকান কলিজাত কুঁহিপাত
  • আগন্তুক
  • আমাৰ পৃথিৱী
  • তোমাৰ তেজ
  • বুকুত এজাক ধুমুহা
  • দিশ ধৱলী বৰণ
  • কুঁৱলী আঁতৰি যা
  • ৰ'দ জিকিমিকি

অনুবাদ সাহিত্যসম্পাদনা কৰক

  • মানৱ জাতিৰ শত্ৰু
  • যোগাযোগ
  • সজ আচৰণ
  • ঘঁৰিয়ালৰ মুখত বেলি
  • হিউৱেন চাঙৰ ভাৰত যাত্ৰা
  • এটা ধুনীয়া মাছ
  • পক্ষীৰাজ ঘোঁৰা
  • কিনো গুৱালৰ গালি
  • ৰক্তকৰবী আদি।

শিশু সাহিত্যসম্পাদনা কৰক

  • বেলি ওলোৱাৰ হাঁহি
  • মা আমি শদিয়ালৈ যামেই
  • ইমান যে কি হিঃ হিঃ আৰু অন্যান্য বহুতো।

গীত ৰচনা কৰা কেইখনমান চলচ্চিত্ৰসম্পাদনা কৰক

বঁটা আৰু সন্মানসম্পাদনা কৰক

কেশৱ মহন্তদেৱে ১৯৮৭ চনত অসম সাহিত্য সভাৰ পৰা "তোমাৰ তেজ" কবিতা পুথিৰ বাবে ৰঘুনাথ চৌধাৰী বঁটা লাভ কৰে। ১৯৯৩ চনত "মোৰ যে কিমান হেঁপাহ" গীতৰ পুথিৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে। ২০০০ চনত অসম চৰকাৰৰ পৰা বিষ্ণু ৰাভা বঁটা লাভ কৰে। ২০০১ চনত অসম চৰকাৰৰ পৰা সাহিত্যিক পেঞ্চন লাভ কৰাৰ তেখেতে অসম সাহিত্য সভাৰ ১৯৭৫ চনৰ কবি সন্মিলনীৰ সভাপতি পদো অলংকৃত কৰিছিল। ২০০১ চনত অসম চৰকাৰে তেখেতক সাহিত্যিক পেঞ্চন প্ৰদান কৰে।

তথ্যসংগ্ৰহসম্পাদনা কৰক