আল্টা (ইংৰাজী: Alta) অসমকামৰূপ জিলাৰ কমলপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত এটা সৰু উন্নয়নশীল অঞ্চল। ই গুৱাহাটীৰ পৰা প্ৰায় ৪৭ কিলোমিটাৰ দূৰত ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰপাৰে অৱস্থিত।

আল্টা গাঁৱৰ মাজমজিয়াত অৱস্থিত ৪২৯ নং আল্টা প্ৰাথমিক বিদ্যালয়

প্ৰাথমিক তথ্য

সম্পাদনা কৰক

২০১১ চনৰ লোকপিয়ল মতে আল্টা গাঁৱৰ গাঁও ক্ৰমাংক ৩,০২,৪৬৮৷[1] উপ-জিলা সদৰ কমলপুৰৰ পৰা এই গাঁওখনলৈ দূৰত্ব প্ৰায় ২ কিমি আৰু জিলা সদৰ আমিনগাঁৱৰ পৰা এই গাঁওখনলৈ দূৰত্ব ২৭ কিমি।

এই গাঁওখন কমলপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ।

ভৌগলিক তথ্য

সম্পাদনা কৰক

২০১১ চনৰ লোকপিয়ল মতে গাঁওখনৰ মুঠ মাটিকালি ২৮৩.৫৭ বৰ্গ কিমি আৰু মুঠ জনসংখ্যা ১০৪০ জন। ৩৫৫ টা পৰিয়ালৰ বসতিস্থল গাঁওখনৰ নিকটতম মহানগৰী হৈছে গুৱাহাটী (৪৭ কিমি)।

থোৰতে প্ৰাথমিক আৰু ভৌগলিক তথ্যসমূহ[1]
গাঁও পঞ্চায়ত কমলপুৰ
উন্নয়ন খণ্ড কমলপুৰ
জিলা কামৰূপ
ৰাজ্য অসম
ডাক সূচাংক ৭৮১৩৮০
মাটিকালি ২৪৩.৫৭ হেক্টৰ
জনসংখ্যা (২০১১ চনৰ লোকপিয়লমতে) ১৬৪৯ গৰাকী
পৰিয়াল ৩৫৫ টা
নিকটতম দূৰত্বৰ মহানগৰী গুৱাহাটী (৪৭ কিমি)

জনগাঁথনি

সম্পাদনা কৰক

২০১১ চনৰ সমীক্ষা মতে, মুঠ জনসংখ্যা ১৬৪৯ গৰাকীৰ ভিতৰত ৮৩৭ গৰাকী পুৰুষ আৰু ৪১২ গৰাকী মহিলা। গাঁওখনত ০-৬ বছৰৰ শিশুৰ সংখ্যা ১৮৩ গৰাকী।[2] এই গাঁৱত শিশুৰ লিংগ অনুপাত ১১৫৩, যিটো অসমৰ গড় লিংগ অনুপাত ৯৬২তকৈ বেছি।

সাক্ষৰতাৰ হাৰ

সম্পাদনা কৰক

এই গাঁওৰ সাক্ষৰতাৰ হাৰ ৮৮.৪০%, যিটো অসমৰ সাক্ষৰতা হাৰ ৭২.১৯% তকৈ অধিক। পুৰুষৰ ক্ষেত্ৰত এই হাৰ ৯৪.৫৫ হোৱাৰ বিপৰীতে মহিলাৰ ক্ষেত্ৰত এই হাৰ ৮১.৯৩%৷[2]

জীৱন-জীৱিকা

সম্পাদনা কৰক

আল্টা গাঁৱৰ ৫৩১ গৰাকী কৰ্মনিযুক্ত হোৱাৰ বিপৰীতে ৫১০ গৰাকী ব্যক্তি নিবনুৱা। কৰ্মনিযুক্ত ব্যক্তিসকলৰ ৮৭.৭৬ শতাংশৰ জীৱিকাই তেওঁলোকৰ মুখ্য কৰ্ম (ছমাহতকৈ বেছি দিন সংস্থাপিত হৈ থাকিব পৰা) হোৱাৰ বিপৰীতে ১২.২৪ শতাংশৰ জীৱিকা তেওঁলোকৰ অংশকালীন কৰ্ম (ছমাহতকৈ কম দিনহে সংস্থাপিত হৈ থাকিব পৰা কৰ্ম)। আনহাতে কৰ্মনিযুক্ত ব্যক্তি ৫৩১ গৰাকীৰ ভিতৰত ১৭৬ গৰাকীয় ব্যক্তিয়েই জীৱিকা হিচাপে কৃষিৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰশীল, তেওঁলোকৰ ভিতৰত ১৪৬ গৰাকীৰ নিজা কৃষি-মাটি বা আধি-মাটি আছে আৰু বাকী ৩০ জন কৃষি শ্ৰমিক হিচাপে জীৱিকা উপাৰ্জন কৰে।[2]

বিৱৰণ সৰ্বমুঠ পুৰুষ মহিলা
সাক্ষৰতাৰ হাৰ ৮৮.৪০ % ৯৪.৫৫ % ৮১.৯৩ %
মুঠ কৰ্মী ৫৩১ ৪৭২ ৫৯
মুখ্য কৰ্মী ৮৬৬ - -
অংশকালীন কৰ্মী ৬৫ ৩৭ ২৮

শিক্ষানুষ্ঠানসমূহ

সম্পাদনা কৰক
  • অংগনবাদী কেন্দ্ৰ
  • ৪২৯ নং আল্টা প্ৰাথমিক বিদ্যালয়

যাতায়ত আৰু যোগাযোগ

সম্পাদনা কৰক

আল্টাৰ পৰা বাইহাটা চাৰিআলি, কমলপুৰ, গুৱাহাটী আদি প্ৰায়বোৰ মুখ্য অঞ্চললৈ পোনপটীয়া ৰাজহুৱা আৰু ব্যক্তিগত উভয় প্ৰকাৰৰ পৰিবহণ ব্যৱস্থা থকাৰ লগতে নিকটৱৰ্তী ৰেলৱে ষ্টেচন বাইহাটালৈ দূৰত্ব প্ৰায় ২ কিমি। লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা গাঁওখনলৈ দূৰত্ব প্ৰায় ৪৩ কিমি।

তথ্য সংগ্ৰহ

সম্পাদনা কৰক