কামৰূপ জিলা
কামৰূপ জিলা ভাৰতৰ অসম ৰাজ্যৰ এখন প্ৰশাসনিক জিলা। ২০০৩ চনত পুৰণি কামৰূপ জিলা দুভাগত বিভক্ত হয়; বৃহত্তৰ গুৱাহাটী অঞ্চলক লৈ এখন নতুন জিলা কামৰূপ মহানগৰ জিলা গঠন কৰা হয় আৰু অন্যখনৰ নাম আগৰ কামৰূপেই থাকিল।[2] ২০০৪ চনত কামৰূপ জিলাৰ অন্তৰ্গত ৰঙিয়া মহকুমাৰ এটা অংশ নৱগঠিত বাক্সা জিলাত অন্তৰ্ভুক্ত হয়। বিভাজনৰ পাছত কামৰূপৰ সদৰ গুৱাহাটীৰ পৰা আমিনগাঁওলৈ স্থানান্তৰিত কৰা হয়।
কামৰূপ জিলা | |
---|---|
— অসমৰ জিলা — | |
অসমত কামৰূপৰ অৱস্থান | |
দেশ | ![]() |
ৰাজ্য | অসম |
প্ৰশাসনিক বিভাগ | নামনি অসম |
সদৰ | আমিনগাঁও |
মহকুমা | কামৰূপ সদৰ, ৰঙিয়া |
চৰকাৰ | |
- লোকসভা সমষ্টি | গুৱাহাটী, মঙ্গলদৈ |
- বিধানসভা সমষ্টি | বকো (৪৮), ছয়গাঁও (৪৯), পলাশবাৰী (৫০), জালুকবাৰী (৫১) , হাজো (৫৫), কমলপুৰ (৫৬), ৰঙিয়া (৫৭) |
মাটিকালি | |
- মুঠ | ৩,১০৫ কি.মি.২ (১,১৯৮.৮ বৰ্গ মাইল) |
জনসংখ্যা (২০১১)[1] | |
- মুঠ | ১৫,১৭,৫৪২ জন |
- জনঘনত্ব | ৪৮৮.৭ প্ৰতি বৰ্গ কি.মি. (১,২৬৫.৮ প্ৰতি বৰ্গ মাইল) |
জনসংখ্যাৰ তথ্য | |
- সাক্ষৰতা হাৰ | ৭৫.৫৫% |
- লিংগ অনুপাত | ৯৪৯ |
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) |
স্থানাঙ্ক | 26°20′N 91°15′E / 26.333°N 91.25°Eস্থানাংক: 26°20′N 91°15′E / 26.333°N 91.25°E |
গড় বাৰ্ষিক বৰ্ষাপাত | ১৫০০-২৬০০ মিমি |
ৱেবছাইট | আনুষ্ঠানিক ৱেবছাইট |
কামৰূপ নামৰ উৎপত্তিসম্পাদনা কৰক
কামৰূপ নামৰ উৎপত্তি সংক্ৰান্তত পুৰাণত এটা আখ্যান আছে। আখ্যানটো মতে দক্ষৰ জীয়ৰী সতীয়ে পিতৃৰ অমতত মহাদেৱৰ সৈতে বিবাহ হৈছিল। সা-সম্পত্তি নাইকিয়া টোকোনা বুলি মহাদেৱক দক্ষই চকু পাৰি দেখিব নোৱাৰিছিল। এবাৰ দক্ষই এটা যজ্ঞৰ আয়োজন কৰিলে। কিন্তু তালৈ জোৱায়েকক নিমন্ত্ৰণ নকৰিলে। তথাপিও সতীয়ে বিনা নিমন্ত্ৰণে পিতৃৰ যজ্ঞস্থলীত উপস্থিত হ'লগৈ। জীয়েকক দেখি দক্ষৰ খঙে চুলিৰ আগ পালে আৰু মহাদেৱক ভৰ্তসনা কৰিবলৈ ধৰিলে। স্বামীৰ বদনাম সহিব নোৱাৰি সতীয়ে যজ্ঞস্থলীতে প্ৰাণত্যাগ কৰিলে। প্ৰিয়াৰ বিয়োগত মহাদেৱ শোকত বলিয়া হ'ল আৰু সতীৰ মৃতদেহ কান্ধত তুলি লৈ বিশ্ব ভ্ৰমণ কৰি তাণ্ডব নৃত্য আৰম্ভ কৰিবলৈ ধৰিলে। মহাদেৱে তাণ্ডৱ নৃত্য কৰিলে পৃথিৱী ধ্বংস হ'ব। সেয়ে বিষ্ণুই বুদ্ধি কৰি মহাদেৱক শান্ত কৰিবৰ বাবে সতীৰ দেহটোক কাটিবলৈ তেওঁৰ অস্ত্ৰ সুদৰ্শন চক্ৰ পঠাই দিলে। শৰীৰৰ অংশবোৰ ঠায়ে ঠায়ে পৰি গ'ল। য'তেই এনে অংশ পৰিল, তাতেই একোখন তীৰ্থস্থান গঢ়ি উঠিল। নীলাচল পাহাৰত সতীৰ যোনীভাগ পৰিল আৰু তাত কামাখ্যা দেৱীৰ মন্দিৰ প্ৰতিষ্ঠা হ'ল। এসময়ত মৃতদেহটো নাইকিয়া হ'ল আৰু মহাদেৱ গভীৰ ধ্যানত মগ্ন হ'ল। বহু দিন পাৰ হৈ গ'ল। দেৱকুলত হাহাকাৰ লাগিল। মহাদেৱ সংহাৰৰ গৰাকী। তেওঁৰ অবিহনে পৃথিৱীত কোনো মানুহৰ মৃত্যু নোহোৱা হ'ল। কিন্তু ধ্বংস নহ'লে সৃষ্টি কেনেকৈ হব? দেৱতাসকলে প্ৰেমৰ দেৱতা কামদেৱক পৃথিৱীলৈ পঠিয়ালে মহাদেৱৰ ধ্যান ভঙ্গ কৰিবলৈ। কামদেৱ আহিল আৰু তেওঁৰ দেহলৈ মদনৰ পঞ্চশৰ মাৰি পঠিয়ালে। মহাদেৱৰ ধ্যান ভঙ্গ হ'ল। প্ৰচণ্ড খঙত তেওঁ তৃতীয় নয়নেৰে অগ্নি বৰষি কামদেৱক ঠিতাতে ভষ্ম কৰি পেলালে। এইবাৰ কামদেৱৰ পত্নী ৰতিদেৱীয়ে স্বামীক জীয়াই তুলিবলৈ মহাদেৱক কাতৰ প্ৰাৰ্থনা জনালে। লাহে লাহে মহাদেৱৰ ক্ৰোধবহ্নি নিৰ্বাপিত হ'ল আৰু কামদেৱক পুনৰ জীৱন দান দিলে। যি ভূমিত কামদেৱে পুনৰ্জীৱন বা পুনৰ ৰূপ ঘূৰাই পাইছিল, সেই ভূমি পাছলৈ কামৰূপ নামেৰে জনাজাত হৈছিল।
ইতিহাসসম্পাদনা কৰক
২০০৩ চনত পুৰণি কামৰূপ জিলাক দুভাগত বিভক্ত কৰি নতুন কামৰূপ জিলাৰ আৰু লগতে কামৰূপ মহানগৰ জিলাৰ গঠন কৰা হয়।
ভৌগোলিক বিৱৰণসম্পাদনা কৰক
কামৰূপ জিলাৰ অৱস্থান ২৫.৪৬-২৬.৮৯ ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু ৯০.৪৮-৯০.৫০ ডিগ্ৰী পূব দ্ৰাঘিমাংশত মাজত। জিলাখনৰ মাটিকালি ৩,১০৫ বৰ্গ কিলোমিটাৰ। কামৰূপ জিলাৰ উত্তৰে ওদালগুৰি আৰু বাক্সা জিলা, পূবে দৰং আৰু কামৰূপ মহানগৰ জিলা, দক্ষিণে মেঘালয় ৰাজ্য আৰু পশ্চিমে গোৱালপাৰা আৰু নলবাৰী জিলা। জিলাখনৰ গড় বাৰ্ষিক বৃষ্টিপাত ১৫০০-২৬০০ মিলিমিটাৰ আৰু গড় আৰ্দ্ৰতা ৭৫%। উচ্চতম তাপমান ৩৮.৫ ডিগ্ৰী চেলচিয়াচ নিম্নতম ৭ ডিগ্ৰী চেলচিয়াচ।
জিলাখনৰ সোঁমাজেৰে ব্ৰহ্মপুত্ৰ নদী বৈ গৈছে। জিলাখনৰ আনকেইখন উল্লেখযোগ্য নদী হ'ল পগলাদিয়া, নোনা, বৰলীয়া, পুঠিমাৰী, বৰনদী, কলাজল আৰু কুলসী।
জনগাঁথনিসম্পাদনা কৰক
২০১১ চনৰ লোকপিয়ল অনুসৰি কামৰূপ জিলাৰ জনসংখ্যা ১৫,১৭,৫৪২ জন;[3] ইয়াৰে পুৰুষ ৭৭৮,৪৬১ জন আৰু মহিলা ৭৩৯,০৮১ গৰাকী। মহিলাৰ সংখ্যা প্ৰতি ১০০০ পুৰুষৰ বিপৰীতে ৯৪৯ গৰাকী। জন-ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ৪৮৮.৭ জন। দহ বছৰত জনসংখ্যা বৃদ্ধিৰ হাৰ ১৫.৬৯%। শিক্ষিতৰ হাৰ ৭৫.৫৫%।[3]
প্ৰশাসনিক গাঁথনিসম্পাদনা কৰক
কামৰূপ জিলা দুটা মহকুমাৰে গঠিত: কামৰূপ সদৰ মহকুমা আৰু ৰঙিয়া মহকুমা। কামৰূপ সদৰ মহকুমাৰ ১১টা উন্নয়ন খণ্ডত ১০০খন গাঁও পঞ্চায়ত আৰু ৰঙিয়া মহকুমাৰ ৩টা উন্নয়ন খণ্ডত ৩৯খন গাঁও পঞ্চায়ত আছে।[1] কামৰূপ জিলাত চহৰৰ সংখ্যা ২খন: ৰঙিয়া আৰু পলাশবাৰী।
জিলাখনৰ অন্তৰ্গত অসম বিধানসভাৰ সমষ্টিকেইটা হ'ল: বকো (৪৮), ছয়গাঁও (৪৯), পলাশবাৰী (৫০), জালুকবাৰী (৫১), হাজো (৫৫), কমলপুৰ (৫৬), ৰঙিয়া (৫৭)। ৰঙিয়া আৰু কমলপুৰ বিধানসভা সমষ্টি মঙ্গলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত। আন চাৰিটা গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত।
যাতায়তসম্পাদনা কৰক
কামৰূপ জিলাক তিনিটা ৰাষ্ট্ৰীয় ঘাইপথে চুই গৈছে।
- ৩১ নং ঘাইপথ: ৰঙিয়া, বাইহাটা চাৰিআলি, আমিনগাঁৱৰ মাজেৰে গৈ জালুকবাৰীত ৩৭ নং ঘাইপথত লগ লাগিছে।
- ১৭ নং ঘাইপথ: দক্ষিণ কামৰূপৰ বকো, ছয়গাঁও, মিৰ্জা চুই যোৰহাট, ডিব্ৰুগড় অভিমুখে গৈছে।
- ১৫ নং ঘাইপথ: বাইহাটা চাৰিআলিৰ পৰা আৰম্ভ হৈ তেজপুৰ, লখিমপুৰ অভিমুখে গৈছে।
জিলাখনৰ আন কেইটামান প্ৰধান পথ হৈছে ৰঙিয়া-দৰঙা পথ (ভূটান সংযোগী), বাইহাটা চাৰিআলি-গোৰেশ্বৰ পথ, ৰঙিয়া-ডিমু-চেঁচা পথ, বাইহাটা-ডিমু-কমাৰকুছি পথ, চাংসাৰি-বোৰ্কা-কমলপুৰ পথ।
শিক্ষানুষ্ঠানসম্পাদনা কৰক
জিলাখনৰ উল্লেখযোগ্য শিক্ষানুষ্ঠানসমূহ হৈছে:
- ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটী
- শুৱালকুছি ইনষ্টিটিউট অৱ ফেচন টেকনোলজী
- নবোদয় বিদ্যালয়, ৰঙিয়া
- ৰঙিয়া মহাবিদ্যালয়
- পূৱ কামৰূপ মহাবিদ্যালয়
- গেটৱে একাডেমী জুনিয়ৰ কলেজ, বাইহাটা চাৰিআলি
- উত্তৰ গুৱাহাটী মহাবিদ্যালয়
- দক্ষিণ কামৰূপ মহাবিদ্যালয়
- দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়
- ছয়গাঁও মহাবিদ্যালয়
- ৰঙিয়া আৰবিক মহাবিদ্যালয়
- মানবেন্দ্ৰ শৰ্মা ছোৱালী মহাবিদ্যালয়,ৰঙিয়া
- কেন্দ্ৰীয় বিদ্যালয়, ৰঙিয়া
- শৰাইঘাট মহাবিদ্যালয়, চাংসাৰি
- দগাওঁ উচ্চতৰ মাধ্য়মিক বিদ্যালয়
- শংকৰ-আজান শিক্ষা নিকেতন, কমলপুৰ
- বৰহাটা ১ নং প্ৰাথমিক বিদ্যালয়
- আগডলা চাৰিআলি হাইস্কুল
- জৱাহৰলাল নেহেৰু কলেজ (বকো)
- হেক্ৰা হায়াৰ চেকেণ্ডাৰী স্কুল
- ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয় আৰু ন্যায়িক প্ৰতিষ্ঠান,আমিনগাওঁ
- দমদমা মহাবিদ্যালয়
- ৰামপুৰ উচ্চতৰ মাধ্য়মিক বিদ্যালয়
উল্লেখযোগ্য ঠাইসম্পাদনা কৰক
জিলাখনৰ উল্লেখযোগ্য ঠাইসমূহ হৈছে:
চান্দ সদাগৰৰ মেৰঘৰসম্পাদনা কৰক
ছয়গাঁৱত এতিয়াও মেৰঘৰৰ অৱশেষ দেখিবলৈ পোৱা যায়। ইয়াৰ সৈতে বেউলা-লক্ষীণ্দৰৰ উপাখ্যান জড়িত হৈ আছে।
মদন কামদেৱ দেৱালয়সম্পাদনা কৰক
বাইহাটা চাৰিআলিৰ পৰা মাত্ৰ ৩ কিলোমিটাৰ দূৰত্বত অৱস্থিত। অসংখ্য শৈল স্থাপত্য আৰু ভাস্কৰ্যৰ ভগ্নাৱশেষ অঞ্চলটোত সিঁচৰতি হৈ আছে। নবম-দশম শতিকামানতে শৈৱপন্থী পালবংশীয় শাসকে এই স্থাপত্য আৰু ভাস্কৰ্য নিৰ্মাণ কৰিছিল। পৰ্যটকৰ বাবে অতি আকৰ্ষণীয় ঠাই।
সিদ্ধেশ্বৰ দেৱালয়সম্পাদনা কৰক
শুৱালকুছিত অৱস্থিত। আহোম ৰজা শিৱসিংহৰ শাসনকালত নিৰ্মাণ কৰা এটা শিৱ মন্দিৰ।
গোপেশ্বৰ দেৱালয়সম্পাদনা কৰক
বাইহাটা চাৰিআলিৰ পৰা দূৰত্ব ২ কিলোমিটাৰ। নৱম-দশম শতিকাকে প্ৰতিষ্ঠিত এই দেৱালয়লৈ দূৰ-দূৰণিৰ পৰা ভক্তসকল আহে। স্থাপত্য আৰু ভাস্কৰ্যৰ ভগ্নাৱশেষ দেখিবলৈ পোৱা যায়।
হয়গ্ৰীৱ মাধৱ মন্দিৰসম্পাদনা কৰক
হাজোৰ মণিকূট পাহাৰত অৱস্থিত। ১৫৮৩ খৃষ্টাব্দত কোঁচ ৰজা ৰঘূদেৱে নিৰ্মাণ কৰিছিল। কিছুমান ঐতিহাসিকৰ মতে পাল বংশীয় শাসকসকলে প্ৰথমে এই মন্দিৰ নিৰ্মাণ কৰিছিল।
দৌল গোবিন্দ মন্দিৰসম্পাদনা কৰক
উত্তৰ গুৱাহাটীৰ চন্দ্ৰভাৰতী পাহাৰত অৱস্থিত এটা ঐতিহাসিক মন্দিৰ।
অশ্বক্লান্ত মন্দিৰসম্পাদনা কৰক
১৭২০ খৃষ্টাব্দত আহোম ৰজা শিৱ সিংহই নিৰ্মাণ কৰিছিল। নৰকক বধ কৰিবলৈ আহোঁতে শ্ৰীকৃষ্ণৰ ৰথৰ ঘোঁৰা ইয়াতে ক্লান্ত হৈ পৰিছিল বুলি প্ৰবাদ আছে।[4]।
দীৰ্ঘেশ্বৰী মন্দিৰসম্পাদনা কৰক
এখন অতি উল্লেখযোগ্য দেৱী তীৰ্থ। উত্তৰ গুৱাহাটীত অৱস্থিত। দশম একাদশ শতিকাৰ কিছুমান শৈল মূৰ্তি এয়াত দেখা যায়।
পোৱামক্কাসম্পাদনা কৰক
হাজোত অৱস্থিত। সন্ত গিয়াচুদ্দিন আউলিয়াৰ সমাধিস্থল। মুছলমানসকলৰ এখন পবিত্ৰ তীৰ্থস্থান। অনা-মুছলমানসকলেও শ্ৰদ্ধা সহকাৰে এই তীৰ্থ দৰ্শন কৰে। মক্কাৰ পৰা এপোৱা মাটি আনি ইয়াত দিয়া হৈছিল বাবেই ইয়াৰ নাম পোৱামক্কা হোৱা বুলি কঠিত আছে।
চানডুবি বিলসম্পাদনা কৰক
গুৱাহাটীৰ পৰা দূৰত্ব ৬৪ কিলোমিটাৰ। বৰশী বোৱা আৰু নাও চালনাৰ বাবে আকৰ্ষণীয় ঠাই। অতি জনপ্ৰিয় বনভোজস্থলী।
শুৱালকুছিসম্পাদনা কৰক
পূবৰ মানচেষ্টাৰ বুলি জনা যায়। পাট-মুগাৰ শিল্পৰ বাবে অতি প্ৰসিদ্ধ। অসমৰ আটাইতকৈ ডাঙৰ গাঁও।
শৰাইঘাটৰ যুদ্ধ সোঁৱৰণী উদ্যানসম্পাদনা কৰক
লাচিত বৰফুকন আৰু শৰাইঘাটৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ আজ্ঞাঠুৰীত এই পাৰ্কখন নিৰ্মাণ কৰা হৈছে।
দীপ্তেশ্বৰী দেৱালয়সম্পাদনা কৰক
ৰঙিয়াৰ নগৰৰ পৰা কিছু আঁতৰত দীপ্তেশ্বৰী দেৱালয়। দীপ্তেশ্বৰীক কামাখ্যাৰ আন এটা ৰূপ বুলিও কোৱা হয়। এই দেৱালয়খন মাটিত পোত খাই আছিল বুলি বহু ঐতিহাসিকে মত পোষণ কৰে। কামাখ্যাৰ নিচিনাকৈ এই দেৱালয়ৰ গুহাৰ তলেৰে পানী বৈ গৈছে। কিছু বছৰ আগেয়ে বংগ দেশৰ বণিক এজনে ইংৰাজৰ দিনৰ জাহাজত ব্যাবহাৰ কৰা চাকি এই দেৱালয়ত দি থৈ যায়। সেই চাকিগচা ৫ পোৱা তেলেৰে জলোৱা হয়। বংগদেশৰ বণিকজনক কামাখ্যাদেৱীয়ে সপোনত দেখাইছিল যে বণিকজনে কামাখ্যাধামৰ পৰা ৫৫ কিমি দূৰত থকা দীপ্তেশ্বৰী দেৱালয়ত তেওঁৰ লগত থকা চাকিগচা দি আহিব লাগিব। সেই বাবে তেওঁ চাকিগচা দেৱালয়ত দি থৈ যায়।
তথ্যসূত্ৰসম্পাদনা কৰক
- ↑ 1.0 1.1 kamrup.nic.in. "District Profile: Kamrup". http://kamrup.nic.in/glancefr.htm। আহৰণ কৰা হৈছে: 29 December 2018.
- ↑ Law, Gwillim (2011-09-25). "Districts of India". Statoids. http://www.statoids.com/yin.html। আহৰণ কৰা হৈছে: 2011-11-25.
- ↑ 3.0 3.1 "District Census 2011". Census2011.co.in. 2011. http://www.census2011.co.in/census/district/155-kamrup.html। আহৰণ কৰা হৈছে: 29 December 2018.
- ↑ আসামীছ অনলাইন আহৰণ কৰা তাৰিখ ০৩ জুন, ২০১২
বাহ্যিক সংযোগসম্পাদনা কৰক
- আধিকাৰিক ৱেবছাইট
- ৱিকিমিডিয়া কমন্সত কামৰূপ জিলা সম্পৰ্কীয় মিডিয়া ফাইল।