আল-ইখলাছ
কোৰআনৰ ১১২ নং ছূৰা।
ছূৰা আল ইখলাছ (আৰবী:الإخلاص) মুছলিম সকলৰ ধৰ্ম গ্ৰন্থ কোৰআনৰ ১১২ নম্বৰ ছূৰা, ইয়াৰ আয়াতৰ সংখ্যা ৪ টা আৰু ইয়াৰ ৰূকুৰ সংখ্যা এটা। আল ইখলাছ ছূৰাটো মক্কাত অৱতীৰ্ণ হৈছে। এই ছূৰাটোক ইছলামৰ শেষ পয়গম্বৰ মুহম্মদ(ছাঃ)ৰ দ্বাৰা বিশেষ তাৎপৰ্যপূৰ্ণ বুলি ব্যাখ্যা কৰা হৈছিল। কাৰণ এই আয়াতত আল্লাহৰ অস্তিত্ব আৰু সত্বাৰ সবাতোকৈ সুন্দৰ ব্যাখ্যা দিয়া হৈছে। ইছলামৰ আৰম্ভণিতে এই ছূৰাসমূহ বিভিন্ন নামেৰে জনাজাত হৈছিল, কেতিয়াবা অঞ্চলভেদেও নামৰ ভিন্নতা আছিল।[1]
শ্ৰেণী | মক্কী ছূৰা |
---|---|
নামৰ অৰ্থ | একত্ব |
পৰিসংখ্যা | |
ছূৰাৰ ক্ৰম | ১১২ |
আয়াতৰ সংখ্যা | ৪ |
পাৰাৰ ক্ৰম | ৩০ |
ৰুকৰ সংখ্যা | ১ |
পূৰ্বৱতী ছূৰা | ছূৰা আল লাহাব |
পৰৱৰ্তী ছূৰা | ছূৰা আল ফালাক |
----
|
অসমীয়াত অনুবাদ
সম্পাদনা কৰকছূৰাত থকা আয়াত সমূহৰ অসমীয়া অৰ্থ তলত দিয়া হ'লঃ
- "কওক, তেওঁ আল্লাহ, এক, একক
- আল্লাহ অমুখাপেক্ষী,
- তেওঁ কাকো জন্ম দিয়া নাই আৰু কোনেও তেওঁক জন্ম দিয়া নাই
- আৰু তেওঁৰ সমতুল্য একোৱেই নাই। [2]
লগতে চাওক
সম্পাদনা কৰক