আল-হজ্জ (আৰবী: حَجّ,) হজ ইছলামৰ পঞ্চম ৰুকুন। যিসকল বালিকা পুৰুষ বা মহিলাই নিজৰ পৰিয়ালক অন্ততঃ ছ'মাহ পৰ্য্যন্ত চলিব পৰাকৈ প্ৰয়োজনীয় ধন প্ৰদান কৰি নিজৰ ঘৰৰপৰা মক্কা মুঅজ্জমালৈ গৈ আকৌ ঘৰলৈ উভতি আহিব পৰা সামৰ্থ ৰাখে তেওঁলোকৰ ওপৰত হজ ফৰ্জ হয়। হজ হৈছে [1] মুছলমানসকলৰ বাবে আটাইতকৈ পবিত্ৰ চহৰ চৌদি আৰৱৰ মক্কালৈ বাৰ্ষিক ইছলামিক তীৰ্থযাত্ৰা। হজ হৈছে সক্ষম মুছলমানসকলৰ বাবে বাধ্যতামূলক ধৰ্মীয় কৰ্তব্য যিটো জীৱনত এবাৰ হ’লেও সকলো প্ৰাপ্তবয়স্ক মুছলমানে পালন কৰিব লাগিব যিসকলে যাত্ৰাটো গ্ৰহণ কৰিবলৈ শাৰীৰিক আৰু আৰ্থিকভাৱে সক্ষম, আৰু ঘৰৰ পৰা অনুপস্থিত থকাৰ সময়ত পৰিয়াল পোহপাল দিবলৈ সক্ষম।

হজ যাত্ৰী
Hajj যাত্ৰী

[2]

[3]মক্কাত মুআজ্জামাতৰ আগমন পবিত্ৰ চহৰ মক্কা আধুনিক চৌদি আৰৱত অৱস্থিত। প্ৰায় চাৰি হাজাৰ বছৰ আগতে হজৰত ইব্ৰাহিম (আঃ)য়ে নিজৰ পুত্ৰ ইছমাইল (আঃ)ক লৈ আল্লাহৰ ঘৰ কাবা নিৰ্মাণ কৰিছিল। তেতিয়াৰ পৰা সমগ্ৰ বিশ্বৰ মানুহে বিশেষকৈ মুছলমান সকলে এই ঘৰখনক ইবাদত বা উপাসনা কৰে। এই ঘৰত অহৰহ তীৰ্থযাত্ৰী আৰু উমৰা হজযাত্ৰী আহে। ইছলামৰ পূৰ্বৰ যুগত মক্কাৰ বিভিন্ন প্ৰান্তৰ পৰা বৰষুণৰ পানী জমা হ’বলৈ ধৰাৰ সময়তে এই ঘৰটো পুনৰ নিৰ্মাণ কৰা হৈছিল। তেনে কৰাৰ সময়ত ঘৰটো অলপ দক্ষিণ দিশলৈ লৈ যোৱা হ’ল আৰু মূল ভেটিটোৰ উত্তৰ ফালটো এৰি দিয়া হ’ল। এই অংশটো বেৰৰ মাজত আৱদ্ধ হৈ থকা এটা অৰ্ধবৃত্ত। ইয়াৰ নাম হতিম।[4]

মূল কাবাৰ পূব-দক্ষিণ কোণত দেৱালত স্থাপন কৰা হৈছে হজৰত আছৱাদ নামৰ ক’লা শিল।হজযাত্ৰীসকলে নামাজ পঢ়াৰ সময়ত শিলটোক চুমা খায়। আল্লাহৰ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে পবিত্ৰ মছজিদৰ সীমা নিৰ্ধাৰণ কৰিবলৈ তেওঁৰ প্ৰিয় সঙ্গী হজৰত কাব ইবনে আছাদক নিয়োগ কৰিলে। তাৰ পিছত এই কমপ্লেক্সটোত চিহ্নিত কৰা হৈছে। বৰ্তমান কাবাৰ কিছু অংশ মুকলি চৌহদ হিচাপে সংৰক্ষিত আৰু পবিত্ৰ মছজিদৰ অৱশিষ্টসমূহ বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ শীততাপ নিয়ন্ত্ৰিত তিনিমহলীয়া অট্টালিকা। কাবাৰ দক্ষিণে ছাফা আৰু মাৰৱা নামৰ দুটা পাহাৰ আছে আৰু ইয়াৰ মধ্যৱৰ্তী এলেকাক অন্তৰ্ভুক্ত কৰি এখন বৃহত্তৰ দুমহলীয়া অট্টালিকা নিৰ্মাণ কৰা হৈছে। হছযাত্ৰীসকলে উভয় মহলাৰ মাজেদি ছপা আৰু মৰৱাৰ ছঈ অৰ্থাৎ দৌৰ সম্পন্ন কৰে ।


মক্কা মুঅজ্জমালৈ উপস্থিতী :

পৃথিৱীৰ বিভিন্ন দেশৰ পৰা হছযাত্ৰীসকল সাত জিলহজ্জ তাৰিখৰ আগতে মক্কা মুঅজ্জমাত উপস্হিত হয়।[5]

তেওঁলোক মীকাত অতিক্ৰম কৰি আহোতে যথাৰীতি ইব্ৰাহম বান্ধি আহে। তেওঁলোকে পোন প্ৰথমে মছজিদে-হাৰামলৈ যায় আৰু প্ৰথমতঃ পবিত্ৰ কা'বা শ্বৰীফৰ পিনে লক্ষ্য কৰি 'আল্লাহু আকবৰ আৰু লাইলাহা আল্লাহ পাঠ কৰে।

দ্বিতীয়তঃ

হজৱে আছওৱাদৰ সন্মুখত ৰৈ আল্লাহু আকবৰ, লাইলাহা আল্লাহু পাঠ কৰি তাক চুম্বনৰ কৰে।

  1. হজ
  2. আল-হজ্জ তীৰ্থযাত্ৰা
  3. হজ
  4. হজৰ বিবৰণ
  5. হজৰ বিবৰণ