২০০৯ চনৰ অক্টোবৰৰ পৰা ব্যৱহৃত ইউনিক’ডৰ অফিছিয়েল ল’গো

ইউনিক’ড (ইংৰাজী: Unicode) হৈছে কম্পিউটাৰৰ লিখন প্ৰণালীত থকা আখৰ বা চিনবোৰৰ সংহত নিয়মীকৰণ, নিৰ্দেশনা আৰু প্ৰতিনিধিত্ব কৰিব পৰাকৈ ব্যৱহৃত এক কাৰিকৰী মান। ১৯৯১ চনত Unicode Consortium নামৰ অপেছাদাৰী সংগঠনটোৱে ইয়াক উদ্ভাৱন কৰে। ২০১৯ চনৰ মে' মাহৰ তথ্য অনুসৰি শেহতীয়া ইউনিক’ডৰ সংস্কৰণে বিশ্বৰ ১৫০টা লিপিৰ ১,৩৭,৯৯৪টা চিহ্নক সামৰি লৈছে।

কম্পিউটাৰত প্ৰধানতঃ সংখ্যাৰ ব্যৱহাৰ হয়। ই আখৰ বা অন্য চিনক এটা এটা একক সংখ্যাৰে বুজাই সাঁচি থয়। ইউনিক’ড উদ্ভাৱন কৰা হোৱাৰ পূৰ্বে এই সংখ্যাবোৰ প্ৰদান কৰিবলৈ শ শ নিয়মীকৰণ পদ্ধতি আছিল। কিন্তু স্বয়ংসম্পূৰ্ণ নোহোৱাৰ বাবে কোনো এটা পদ্ধতিয়েই যথেষ্ট সংখ্যক চিহ্ন সামৰি ল’ব পৰা নাছিল, যেনে- ইউৰোপৰ সকলো ভাষাক সামৰি ল’বলৈ বহুতো পদ্ধতিৰ দৰকাৰ হয়। কেৱল ইংৰাজীৰ দৰে এটা মাত্ৰ ভাষাৰ সকলোবোৰ আখৰ, ছেদ চিহ্ন আৰু কাৰিকৰী চিহ্ন বুজাবলৈ কোনো এটা পদ্ধতিয়েই উপযুক্ত নাছিল। ইফালে নিয়মীকৰণ পদ্ধতিবোৰৰো ইটো সিটোৰ মাজত অমিল আছিল, যেনে- দুটা পদ্ধতিয়ে একেটা সংখ্যাকে দুটা বেলেগ বেলেগ চিন বুজাবলৈ নাইবা একেটা চিনৰ বাবে দুটা সংখ্যা ব্যৱহাৰ কৰিব পাৰে। গতিকে এটা কম্পিউটাৰত বা চাৰ্ভাৰত কোনো তথ্য বেলেগ বেলেগ প্ৰণালীৰ মাজত বিচৰণ কৰোঁতে সি বেয়া হোৱাৰ আশংকা থাকে। ইউনিক’ডে এই সকলো সমস্যাৰ সমাধান কৰিছে। ইউনিক’ডে প্লেটফৰ্ম, প্ৰ’গ্ৰেম বা ভাষা নিৰ্বিশেষে প্ৰতিটো চিনকে একোটা অদ্বিতীয় সংখ্যা প্ৰদান কৰে। Apple, HP, Microsoft, Oracle, IBM আদি কোম্পানীবোৰে এই ইউনিক’ড মানক আঁকোৱালি লৈছে। এতিয়া প্ৰায় সকলোবোৰ অপাৰেটিং চিষ্টেম আৰু ৱেব ব্ৰাউজাৰত ইউনিক’ড উপলব্ধ। ইউনিক’ডৰ উদ্ভাৱন আৰু ইয়াক ব্যৱহাৰ কৰা সঁজুলিৰ প্ৰচাৰে ছফ্টৱেৰ জগতলৈ এক উল্লেখযোগ্য পৰিৱৰ্তন আনিছে।

লগতে চাওকসম্পাদনা কৰক

বাহ্যিক সংযোগসম্পাদনা কৰক