ইজৰাইলত শিশুৰ মৃত্যুৰ হাৰ কম। ইজৰাইলৰ জীৱন প্ৰত্যাশা ৮২.১ বছৰ। দীৰ্ঘদিনীয়া ৰোগৰ ভাল ব্যৱস্থাপনা আৰু উৎকৃষ্ট প্ৰাথমিক চিকিৎসা ইজৰাইলত আছে। স্বাস্থ্যসেৱাৰ বাবে ব্যয় মুঠ ঘৰুৱা উৎপাদনৰ ৭.২%, যিটো অ’ইচিডিত (Organisation for Economic Co-operation and Development, অৰ্থনৈতিক সহযোগিতা আৰু উন্নয়নৰ বাবে সংস্থা) গড়ে ৯.২%।

ইজৰাইলত জীৱন প্ৰত্যাশাৰ বৃদ্ধি

২০০৩ চনত ইজৰাইলত ছালৰ কৰ্কট ৰোগৰ হাৰ বিশ্বৰ ভিতৰতে দ্বিতীয় সৰ্বাধিক আছিল।[1]কিন্তু তেতিয়াৰ পৰাই জনস্বাস্থ্য অভিযানে দিনৰ আটাইতকৈ গৰম সময় এৰাই চলিবলৈ পৰামৰ্শ দিছিল, ৰ'দত গা ধোৱাটো নিৰুৎসাহিত কৰিছিল আৰু ৰ'দত সুৰক্ষা প্ৰদান কৰা, যেনে: অধিক কাপোৰৰ আৱৰণ আৰু ছানস্ক্ৰীণ ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিছিল।[2]

বংশগত স্তন, ডিম্বাশয় আৰু মেলানোমা কৰ্কট ৰোগৰ হাৰ ইজৰাইলৰ আচকেনাজী ইহুদী জনসমষ্টিত বিশেষভাৱে তীব্ৰ[3](ইজৰাইলী ইহুদীৰ ৩১.৮%)৷ ইয়াৰ কাৰণ আচকেনাজী ইহুদী জনসংখ্যাত আংশিকভাৱে দৃষ্টিগোচৰ হোৱা বিআৰচিএ আৰু বিআৰচিএ২ৰ উৎপৰিৱৰ্তনৰ অধিক প্ৰাদুৰ্ভাৱ (৪০ জনৰ ভিতৰত ১ বনাম বিশ্বৰ বেছিভাগ জনসংখ্যাত ৪০০ জনৰ ভিতৰত ১),[4] যিয়ে বংশগত কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে।

অতিৰিক্ত ওজন আৰু মেদবহুলতা সম্পাদনা কৰক

২০১৩-২০১৫ চনত ইজৰাইলত প্ৰাপ্তবয়স্কৰ অতিৰিক্ত ওজন আৰু মেদবহুলতাৰ হাৰ ক্ৰমে ৩৬.৭% আৰু ১৭.৮% আছিল।[5]বিশেষকৈ মহিলাসকলৰ ক্ষেত্ৰত অতিৰিক্ত ওজন আৰু মেদবহুলতাৰ শতাংশত প্ৰভাৱ পেলোৱা এটা কাৰক আছিল আৰ্থ-সামাজিক অৱস্থা। উচ্চ শ্ৰেণীৰ মহিলাতকৈ নিম্ন শ্ৰেণীৰ মহিলা অতিৰিক্ত ওজনবিশিষ্ট বা মেদবহুল হোৱাৰ সম্ভাৱনা চাৰিগুণ বেছি। সমগ্ৰ জনসংখ্যাৰ মাত্ৰ ২০.২% লোকেহে সপ্তাহত বিশ মিনিট বা তাতকৈ অধিক সময় ব্যায়াম কৰে বুলি জনাইছে।[6]

ইহুদী ইজৰাইলী জনসংখ্যাৰ মাজত ব্যায়ামৰ হাৰ আৰব জনসংখ্যাতকৈ দুগুণ বেছি আছিল। ইহুদী পুৰুষ আৰু মহিলাতকৈ আৰব বংশৰ পুৰুষ আৰু মহিলাৰ ওজন অস্বাস্থ্যকৰ হোৱাৰ সম্ভাৱনা বেছি।[6]ধৰ্মনিৰপেক্ষ ইহুদীতকৈ হাৰেদি ইহুদীসকলৰ মাজতো মেদবহুলতা বহু বেছি।[7]

ধূম্ৰপান সম্পাদনা কৰক

১৯৯৪–২০০৪ চনত পুৰুষৰ মাজত ধূম্ৰপানৰ প্ৰাদুৰ্ভাৱ ৩০% তুলনামূলকভাৱে স্থিৰ হৈ আছিল।[8] মহিলাৰ মাজত ইয়াৰ প্ৰাদুৰ্ভাৱ ১৯৯৮ চনত ২৫%ৰ পৰা ২০০৩ চনত ১৮%লৈ সামান্য হ্ৰাস পায়।[8] ২০০১ চনৰ এক প্ৰতিবেদন মতে, ইজৰাইলৰ ১৪% যুৱক-যুৱতীয়ে সপ্তাহত অন্ততঃ এবাৰ ধূম্ৰপান কৰিছিল।[9]

২০০৫ চনত ইজৰাইলৰ যুৱক-যুৱতীসকলে ধঁপাত সেৱনৰ বিকল্প পদ্ধতি হিচাপে বিড়ি আৰু হুকা ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে।[8] ১৯৯০ চনত ইজৰাইলত ধূম্ৰপানৰ ফলত প্ৰায় ১৮০০ পুৰুষৰ মৃত্যু হৈছিল যিটো সকলো পুৰুষৰ মৃত্যুৰ প্ৰায় ১২% আছিল।[10]ইজৰাইলী মহিলাসকলৰ মাজত ধূম্ৰপান মৃত্যুৰ বিশেষ কাৰণ হিচাপে বিবেচিত হোৱা নাই।[8]

ইজৰাইলত ধঁপাত সেৱন বিৰোধী কেইবাখনো আইন প্ৰযোজ্য। উদাহৰণস্বৰূপে: যুৱমুখী প্ৰকাশন, টেলিভিছন আৰু ৰেডিঅ'ত ধঁপাতৰ বিজ্ঞাপন নিষিদ্ধ।[10] ধঁপাতৰ কৰ যথেষ্ট পৰিমাণে বৃদ্ধি কৰা হৈছে যদিও ইউৰোপৰ বাকীবোৰ দেশৰ তুলনাত ইয়াৰ মূল্য এতিয়াও আটাইতকৈ কম।[10]২০০৪ চনলৈকে ইজৰাইলত ধঁপাতজাতীয় সামগ্ৰী ক্ৰয়ৰ বাবে নূন্যতম বয়সৰ কোনো প্ৰয়োজনীয়তা নাছিল,[11]অৱশ্যে ২০০৪ চনৰ পৰা কাৰ্যকৰী হোৱা ধঁপাত বিপণন আৰু বিজ্ঞাপন আইনখনৰ সংশোধনে ১৮ বছৰৰ ঊৰ্ধৰ লোকৰ মাজত ধঁপাত বিক্ৰী সীমিত কৰি ৰাখিছে। [12]

ইজৰাইল কেন্দ্ৰীয় পৰিসংখ্যা সংস্থাৰ মতে ২০০৯ চনত ইজৰাইলৰ প্ৰাপ্তবয়স্ক জনসংখ্যাৰ মাজত ধূমপানৰ হাৰ আছিল ২০.৯%, যিটো ২০০০ চনত আছিল ৩৪%।[13] ২০১১ চনত স্বাস্থ্য মন্ত্ৰালয়ে দেশজুৰি সম্পন্ন কৰা এক সমীক্ষাত দেখা গৈছে যে ২১ বছৰ আৰু তাতকৈ অধিক বয়সৰ ২০.৬% জনসংখ্যা ধূম্ৰপায়ী।[14]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. Britnell, Mark (2015). In Search of the Perfect Health System. প্ৰকাশক London: Palgrave. পৃষ্ঠা. 69. ISBN 978-1-137-49661-4. 
  2. Foundation, Richard David Kann Melanoma (2019-07-19). "Why Israel's skin cancer rates are dropping | RDK Melanoma Foundation" (en-US ভাষাত). melanomafoundation.com. https://melanomafoundation.com/why-israels-skin-cancer-rates-are-dropping/,%20https://melanomafoundation.com/why-israels-skin-cancer-rates-are-dropping/। আহৰণ কৰা হৈছে: 2022-04-18. [সংযোগবিহীন উৎস]
  3. "The 3 cancers Jews need to worry about most - and how to reduce the risks" (en-US ভাষাত). Jewish Telegraphic Agency. 2017-04-26. https://www.jta.org/2017/04/26/united-states/the-3-cancers-jews-need-to-worry-about-most-and-how-to-reduce-the-risks। আহৰণ কৰা হৈছে: 2022-04-18. 
  4. "Jewish Women and BRCA Gene Mutations | Bring Your Brave | CDC" (en-us ভাষাত). www.cdc.gov. 2021-09-27. https://www.cdc.gov/cancer/breast/young_women/bringyourbrave/hereditary_breast_cancer/jewish_women_brca.htm। আহৰণ কৰা হৈছে: 2022-04-18. 
  5. https://www.health.gov.il/PublicationsFiles/INHIS_3.pdf সাঁচ:Bare URL PDF
  6. 6.0 6.1 Kaluski, D. Nitzan; Berry, E. M. (2005). "Prevalence of Obesity in Israel". Obesity Reviews খণ্ড 6 (2): 115–116. doi:10.1111/j.1467-789X.2005.00168.x. PMID 15836461. 
  7. Galahar, Ari (2011-01-09). "'Haredi sector suffers from obesity'" (en ভাষাত). https://www.ynetnews.com/articles/0,7340,L-4116222,00.html. 
  8. 8.0 8.1 8.2 8.3 Baron-Epel O. Haviv-Messika A. Tamir D. Nitzan-Kaluski D. Green M. Multiethnic differences in smoking in Israel: pooled analysis from three national surveys. European Journal of Public Health. 14(4):384-9, 2004 Dec.
  9. Meijer B. Branski D. Kerem E. Ethnic differences in cigarette smoking among adolescents: a comparison of Jews and Arabs in Jerusalem. Israel Medical Association Journal: Imaj. 3(7):504-7, 2001 Jul.
  10. 10.0 10.1 10.2 Tobacco or Health: A Global Status Report, Centers for Disease Control and Prevention (CDC), accessed July 13, 2005 (site now down)
  11. WHO European Country Profiles on Tobacco Control 2003 Archived 2004-06-27 at the Wayback Machine, World Health Organization, accessed November 24, 2005
  12. [1] Archived 2014-05-31 at the Wayback Machine Israeli Ministry of Commerce and Industry
  13. "Israeli smoking rate for 2009 down to 20.9%". 20 July 2010. http://www.jpost.com/HealthAndSci-Tech/Health/Article.aspx?id=181972. 
  14. "A Record Number of Non-Smokers" (Hebrew ভাষাত). Walla. 31 May 2012. Archived from the original on 4 June 2012. https://web.archive.org/web/20120604060437/http://health.walla.co.il/?w=%2F5059%2F2537905। আহৰণ কৰা হৈছে: 15 June 2012.