ইণ্টাৰনেট
ইণ্টাৰনেট বা অন্তৰ্জাল[1] হৈছে কম্পিউটাৰ নেটৱৰ্কৰ এটা অত্যাধুনিক ব্যৱস্থা। ই নেটৱৰ্ক আৰু ডিভাইচসমূহৰ মাজত সংযোগ স্থাপন কৰিবলৈ ইণ্টাৰনেট প্ৰ'ট'কল ছুইট (TCP/IP) ব্যৱহাৰ কৰে। ই হৈছে "নেটৱৰ্কৰ নেটৱৰ্ক" যি ৰাজহুৱা, প্ৰশাসনিক, চৰকাৰী, ব্যৱসায় সংক্ৰান্তিয় ডাটাসমূহ ছেটেলাইট, অপ্টিকেল ফাইবাৰ, ওৱায়াৰলেছ বা কেবুল আৰু অন্যান্য আধুনিক কাৰিকৰী মাধ্যমেৰে প্ৰদান কৰে। ইণ্টাৰনেটে ইলেক্ট্ৰনিক মেইল, অনলাইন চ্চেট, ফাইল স্থানান্তৰ (FTP), অনলাইন ভিডিঅ' আৰু অন্যান্য তথ্য World Wide Web (WWW)-ৰ মাধ্যমেৰে যোগান ধৰে। ইণ্টাৰনেট হৈছে বিশ্বব্যাপী যোগাযোগ ব্যৱস্থা, হাৰ্ডৱেৰ আৰু ছ'ফ্টৱেৰ ব্যৱস্থাৰ সহযোগত কম্পিউটাৰলৈ সংযোগিত হয়। ইণ্টাৰনেটে হাইপাৰলিংক বা URLৰ মাধ্যমেৰে কম্পিউটাৰলৈ ডাটা কঢ়িয়াই আনে। সহজ ভাষাত এটা নেটৱৰ্কত যদি কেইবাহাজাৰ কম্পিউটাৰ আছে তেন্তে এনে হাজাৰ হাজাৰ বিভিন্ন প্ৰকাৰ আৰু আকাৰৰ নেটৱৰ্কৰ সমষ্টিয়েই ইণ্টাৰনেট।
আজিকালিৰ মানুহে প্ৰায়ে সকলো কাম ইণ্টাৰনেটৰ যোগেদি কৰে। সেয়েহে আজিকালিৰ বেছিভাগ মানুহ ইণ্টাৰনেটৰ ওপৰত নিৰ্ভৰশীল। সেই মানুহবোৰক কেন্দ্ৰ কৰি আজিকালিৰ মানুহে ইণ্টাৰনেটক নিজৰ জীৱিকাৰ পথ হিচাপে বাছি লৈছে।
লগতে চাওকসম্পাদনা কৰক
তথ্যসূত্ৰসম্পাদনা কৰক
- ↑ http://xobdo.org/# Search Result