ইণ্ডিয়ান নেচনেল কাউন্সিল

ৰাজনৈতিক সংস্থা

ইণ্ডিয়ান নেচনেল কাউন্সিল বা ভাৰতীয় জাতীয় পৰিষদ (ইংৰাজী: Indian National Council) ভাৰতৰ জাতীয়তাবাদী নেতাসকলে থাইলেণ্ডত ১৯৪১ চনৰ ডিচেম্বৰ মাহত প্ৰতিষ্ঠা কৰিছিল[1]। ১৯৪১ চনৰ ২২ ডিচেম্বৰত থাইলেণ্ডৰ ভাৰতীয় সাংস্কৃতিক ভৱনত শুভাৰম্ভণি কৰা[2] এই সংস্থাটোৰ প্ৰতিষ্ঠাপক সভাপতি আছিল, স্বামী সত্যানন্দ পুৰী আৰু সম্পাদক আছিল, দেৱনাথ দাস।[2][3] ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স লীগৰ সৈতে লগ লাগি এই সংস্থাটোৱে ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰতি জাপানৰ সাহায্যৰ বাবে ফুজিৱাৰাৰ এফ, কিকানৰ সৈতে চিঠি-পত্ৰৰ আদান-প্ৰদান কৰা অন্যতম সংস্থা আছিল।[3][4]

কিন্তু, ভাৰতীয় জাতীয় পৰিষদে ভাৰতীয় জাতীয় কংগ্ৰেছৰ দৃঢ়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল যদিও একে সময়তে, যি সময়ত জাপানে সফলতাৰে মালয় অভিযান আৰম্ভ কৰিছিল, সেই সময়ত পৰিষদে জাপানীসকলৰ মধ্যস্থতাকাৰী হিচাপে কাম কৰিবলৈ ইতস্ততঃ কৰা জাতীয় কংগ্ৰেছৰ মনোভাৱৰ প্ৰতিও সদিচ্ছা দেখুৱাইছিল।[5] ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স লীগৰ সৈতেও পৰিষদৰ মতানৈক্য ঘটিছিল, সভাপতি পুৰীয়ে চীন আৰু টকিঅ’ৰ ওপৰত জাপানে কৰা সাম্ৰাজ্যবাদী কাৰ্যৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিল।[6] ১৯৪২ চনত জ্ঞানী প্ৰীতম সিঙৰ সৈতে টকিঅ’ সন্মিলনলৈ যোৱাৰ পথত এটা বিমান দুৰ্ঘটনাত পুৰীৰ মৃত্যু হৈছিল। তাৰ পিছত ৰাসবিহাৰী বসুক দক্ষিণ পূব এছিয়াৰ প্ৰবাসী ভাৰতীয়সকলৰ আন্দোলনৰ নেতা হিচাপে গ্ৰহণ কৰা হৈছিল। পিছত পৰিষদে বেংকক সন্মিলনত অংশগ্ৰহণ কৰিবলৈ প্ৰতিনিধি প্ৰেৰণ কৰিছিল।[7]

তথ্য সূত্ৰ সম্পাদনা কৰক

  1. Bhargava 1982, পৃষ্ঠা 210
  2. 2.0 2.1 Corr 1975, পৃষ্ঠা 105,106
  3. 3.0 3.1 Kratoska 2002, পৃষ্ঠা 173
  4. Ghosh 1969, পৃষ্ঠা 41,42
  5. Bose 1975, পৃষ্ঠা 289
  6. Kratoska 2002, পৃষ্ঠা 174
  7. Kratoska 2002, পৃষ্ঠা 175,176