ইন্দু জৈন

ভাৰতীয় ব্যৱসায়ী


ইন্দু জৈন (ইংৰাজী: Indu Jain, ৮ ছেপ্টেম্বৰ ১৯৩৬) এগৰাকী বিশিষ্ট ভাৰতীয় মিডিয়া ব্যক্তিত্ব আৰু ব্যৱসায়ী। চাহু জৈন পৰিয়ালৰ অন্তৰ্ভুক্ত ইন্দু জৈন বৰ্তমান ভাৰতৰ সৰ্ববৃহৎ মিডিয়া গোট বেনেট ক'লমেন এণ্ড কো. লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া। তেওঁ টাইমছ গ্ৰুপৰ অধ্যক্ষ। এই গোট টাইমছ অফ ইণ্ডিয়া আৰু অন্যান্য বৃহৎ বাতৰি কাকতৰ মালিক। ফৰ্বছ আলোচনীৰ ২০১৫ চনৰ মূল্যাংকন অনুসৰি ইন্দু জৈনৰ মুঠ অৰ্থমূল্য ৩.১ বিলিয়ন আমেৰিকান ডলাৰ আছিল। তেওঁ ভাৰতৰ ৫৭তম আটাইতকৈ ধনী ব্যক্তি আৰু বিশ্বৰ ৫৪৯তম আটাইতকৈ ধনী ব্যক্তি আছিল। ভাৰত চৰকাৰে তেওঁক ২০১৬ চনত দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ প্ৰদান কৰে।[1]

ইন্দু জৈন
জন্ম ৮ ছেপ্টেম্বৰ, ১৯৩৬ (৮৭ বছৰ)
ফৈজাবাদ, ইউনাইটেড প্ৰভিন্সেছ, ব্ৰিটিছ ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা বেনেট ক'লমেন এণ্ড কো. লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া
জনা যায় দা টাইমছ ফাউণ্ডেচন, দা ওৱাননেছ ফৰাম
মুঠ আয় বৃদ্ধি ৩.১ বিলিয়ন আমেৰিকান ডলাৰ (ফেব্ৰুৱাৰী ২০১৬)
দাম্পত্যসঙ্গী অশোক কুমাৰ জৈন
সন্তান সমীৰ জৈন, বিনীত জৈন
বঁটা, সন্মান, পুৰস্কাৰ আদি পদ্মভূষণ, ২০১৬

ব্যক্তিগত জীৱন সম্পাদনা কৰক

১৯৩৬ চনৰ ৮ ছেপ্টেম্বৰ তাৰিখে ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত ইউনাইটেড প্ৰভিন্সেছৰ ফৈজাবাদত ইন্দু জৈনৰ জন্ম হৈছিল। অশোক কুমাৰ জৈনৰ সৈতে তেওঁৰ বিবাহ হৈছিল। দম্পতীহালৰ দুজন পুত্ৰ সমীৰ জৈন, বিনীত জৈন আৰু এগৰাকী কন্যা আছে। ১৯৯৯ চনৰ ১০ জানুৱাৰীত হৃদযন্ত্ৰ সংৰোপণৰ পিছত ৪ ফেব্ৰুৱাৰীত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ক্ৰিভলেণ্ডত তেওঁৰ স্বামীৰ মৃত্যু হৈছিল।[2][3]

পেশাদাৰী জীৱন সম্পাদনা কৰক

ইন্দু জৈন বৰ্তমান ভাৰতৰ সৰ্ববৃহৎ মিডিয়া গোট বেনেট ক'লমেন এণ্ড কো. লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া। এই কোম্পানী ১৮৩৮ চনত স্থাপন কৰা হৈছিল। ১৯৪৮ চনত ৰামকৃষ্ণ ডালমিয়াই কোম্পানীটো বেনেট ক'লমেনলৈ বিক্ৰী কৰে। বহুতো ব্ৰেণ্ড নাম এই গোটৰ সৈতে সম্পৰ্কিত। ইন্দু জৈন দাতব্য কামৰ সৈতে জড়িত আৰু ধৰ্মীয় স্তম্ভ লিখে। তেওঁ মহিলাৰ অধিকাৰৰ ক্ষেত্ৰতো সক্ৰিয়।

ইন্দু জৈন টাইমছ গ্ৰুপ আৰু টাইমছ ফাউণ্ডেচনৰ অধ্যক্ষ। তেওঁ টাইমছ ফাউণ্ডেচন প্ৰতিষ্ঠা কৰিছিল। টাইমছ ফাউণ্ডেচনে বানপানী, ঘূৰ্ণি বতাহ, ভূমিকম্প আৰু মহামাৰী আদি দুৰ্যোগ ৰক্ষাৰ বাবে সম্প্ৰদায় সেৱা, গৱেষণা ফাউণ্ডেচন আৰু টাইমছ ৰিলিফ ফাণ্ড পৰিচালনা কৰে।[4]

২০১৭ চনৰ মাৰ্চ লৈকে তেওঁ এফএইচিচিআইফিকি (এফ.এল.ও.)ৰ লেডিজ শাখাৰ প্ৰতিষ্ঠাপক সভাপতি আছিল। তেওঁ ভাৰতীয় জ্ঞানপীঠ ন্যাসৰ অধ্যক্ষ। এই ন্যাসে সন্মানীয় জ্ঞানপীঠ বঁটা প্ৰদান কৰে।[5]

তেওঁ ২০০০ চনত ৰাষ্ট্ৰসংঘৰ ধৰ্মীয় আৰু আধ্যাত্মিক নেতাসকলৰ সহস্ৰাব্দ বিশ্ব শান্তি সন্মিলনত তেওঁৰ ভাষণত বিশ্বাসৰ মাজত একতাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। ২০০৩ চনত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে আনুষ্ঠানিকভাৱে আৰম্ভ কৰা ওৱাননেছ ফৰাম বা একত্ব মঞ্চক জৈনে নেতৃত্ব দিয়ে।

বঁটা আৰু সন্মান সম্পাদনা কৰক

 
ভাৰতৰ ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ পৰা পদ্মভূষণ গ্ৰহণ কৰা অৱস্থাত ইন্দু জৈন, ২০১৬

ভাৰত চৰকাৰে তেওঁক ২০১৬ চনত দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ প্ৰদান কৰে। তেওঁক ভাৰতীয় মহিলা কংগ্ৰেছে 'আন্তৰ্জাতিক জীৱনকাল প্ৰাপ্তি বঁটা প্ৰদান কৰিছিল। ২০২০ চনত তেওঁ ইনষ্টিটিউট অফ কোম্পানী চেক্ৰেটাৰীৰ পৰা সন্মানীয় আইচিএছআই লাইফটাইম এচিভমেণ্ট বঁটা লাভ কৰে। তেওঁ মহাত্মা মহাবীৰ বঁটাও লাভ কৰিছিল।

তথ্য উৎস সম্পাদনা কৰক