ইব্ৰাহিম বা ইব্ৰাহীম, সম্মানাৰ্থত হজৰত ইব্ৰাহিম (আঃ) (আৰবী: ابراهيم, হিব্ৰু: אַבְרָהָם) তোৰাহ অনুসৰি আব্ৰাহাম (ইংৰাজী: Abraham) (আনুমানিক জন্ম: ১৯০০ খৃষ্টপূৰ্বৰ পৰা ১৮৬১ খৃষ্ট পূৰ্বলৈ – মৃত্যু: ১৮১৪ খৃষ্টপূৰ্বৰ পৰা ১৭১৬ খৃষ্ট পূৰ্বলৈ), ইছলাম ধৰ্মৰ এজন গুৰুত্বপূৰ্ণ নবী আৰু ৰাছুল[1][2] কা'বুল আহবাৰৰ মতে তেখেত ১৯৫ বছৰ জীৱিত[3] আছিল। সৃষ্টিকৰ্তাৰ প্ৰতি তেখেতৰ দৃঢ় বিশ্বাসৰ ফলত সৃষ্টিকৰ্তাই তেখেতক সৰ্ৱকালৰ সকলো জাতিৰ নেতা বনোৱাৰ প্ৰতিজ্ঞা কৰিছে।[4] ইছলামত তেখেতৰ কাৰ্যক্ৰমক স্মৰণ কৰি ঈদুল আজহা পালিত হয়। ইব্ৰাহিম আৰু তেখেতৰ শিশুপুত্ৰ ইছমাইলে ইছলামত কোৰবাণী[5], হজ্জ প্ৰতিষ্ঠা কৰে যিটো বৰ্তমানৰ মুছলিমৰ দ্বাৰাও পালিত হয়। উল্লেখ্য যে কোৰবাণী প্ৰথা আদম (আঃ) সময়ৰ পৰাই আৰম্ভ হৈছে বুলি মুছলিম সকলে বিশ্বাস কৰে।

ইব্ৰাহিম
আলাইহিছ ছালাম ( عليه السلام )

ইব্ৰাহিম নাম ইছলামিক লিপিবিদ্যাত লিখা
স্থানীয় নাম ইব্ৰাহিম - إبراهيم
জন্ম ২৫১০ হিজৰী
ইউআৰ, ইৰাক
মৃত্যু ২৩২৯ হিজৰী (আনুমানিক ১৭৫ বছৰ বয়সী)
হেবৰঢ, পশ্চিম তীৰ
মৃত্যুৰ কাৰণ বাৰ্ধক্য
সমাধিস্থল ইব্ৰাহামী মছজিদ
ধৰ্ম ইছলাম
দাম্পত্যসঙ্গী হাজেৰা, ছাৰাহ
সন্তান ইছমাইল, ইছহাক
ইব্ৰাহিম (আঃ)ৰ কবৰ

জন্ম আৰু বংশ পৰিচয়সম্পাদনা কৰক

তেখেতৰ পিতাৰ নাম আযৰ। তেখেতৰ স্ত্ৰীৰ নাম ছাৰা। তেখেতৰ চাৰিজন পুত্ৰ আছিল: ইছমাইল (ইংৰাজী: Ishmael), ইছহাক (ইংৰাজী: Isaac), মাদয়ান আৰু মাদায়েন। মতান্তৰে, তেখেতৰ ৬-১২জন পুত্ৰ আছিল।[3]

আকাশী কিতাপসম্পাদনা কৰক

ইছলাম ধৰ্মমতে, নবী ইব্ৰাহিমৰ [আঃ] ওপৰত ২০খন ছহীফা অৱতীৰ্ণ হয়।[3]

অন্যান্যসম্পাদনা কৰক

ইছলাম ধৰ্মমতে তেখেতেই প্ৰথম মিছওৱাক কৰে, প্ৰস্ৰাৱৰ পাছত পানীৰ দ্বাৰা পৰিষ্কাৰ হয়, খৎনা কৰে, হালুয়া তৈয়াৰ কৰে আৰু মেহমানদাৰিৰ প্ৰচলন কৰে।[3]

তথ্যসূত্ৰসম্পাদনা কৰক

  1. কোৰআন 87:19
  2. Siddiqui, Mona. "Ibrahim – the Muslim view of Abraham". Religions (BBC). http://www.bbc.co.uk/religion/religions/islam/history/ibrahim.shtml। আহৰণ কৰা হৈছে: 3 February 2013. 
  3. 3.0 3.1 3.2 3.3 ফক্বীহ আবুল লাইছ ছমৰকন্দী (ৰহঃ). "নবী ৰাছূৰ প্ৰসঙ্গ" (বঙালী ভাষাত) (প্ৰিণ্ট). বুস্তানুল আ'ৰেফীন (১৯৯৭ খ্ৰিষ্টাব্দ সম্পাদনা). প্ৰকাশক চকবাজাৰ, ঢাকা: হামিদিয়া লাইব্ৰেৰি লিঃ. 
  4. কোৰআন. পৃষ্ঠা. ২:১২৪. 
  5. কোৰআন. পৃষ্ঠা. ২:১২৮. 

বহিঃসংযোগসম্পাদনা কৰক