ইয়াংগুন অঞ্চল (মান: ရန်ကုန်တိုင်းဒေသကြီး; পূৰ্বতে ৰেংগুন বিভাগ আৰু ইয়াংগুন বিভাগ) ম্যানমাৰৰ এটা প্ৰশাসনিক অঞ্চল। মধ্য ম্যানমাৰত অৱস্থিত এই বিভাগটোৰ উত্তৰ আৰু পূবে বাগো অঞ্চল, দক্ষিণে মাৰ্টাবান উপসাগৰ আৰু পশ্চিমে আয়েয়াৰৱাডী অঞ্চল। ইয়াংগুন অঞ্চলত ইয়াৰ পূৰ্বৰ ৰাষ্ট্ৰীয় ৰাজধানী আৰু দেশৰ আটাইতকৈ ডাঙৰ চহৰ ইয়াংগুন অৱস্থিত। আন গুৰুত্বপূৰ্ণ চহৰসমূহ হ’ল থানলিন আৰু ট্ৱাণ্টে। এই বিভাগটো দেশখনৰ আটাইতকৈ উন্নত অঞ্চল আৰু আন্তৰ্জাতিকভাৱে মূল প্ৰৱেশদ্বাৰ। এই বিভাগটোৰ আয়তন ১০,১৭০ কিলোমিটাৰ বৰ্গমাইল (৩,৯৩০ বৰ্গমাইল)।

এই অঞ্চলত ঐতিহাসিকভাৱে মানৰ জনবসতি আছিল। ৰাজনৈতিকভাৱে এই অঞ্চলটো ১০৫৭ চনৰ আগতে মান ৰাজ্যৰ দ্বাৰা আৰু ১০৫৭ চনৰ পিছত কিছু ব্যতিক্ৰম বাদ দি উত্তৰৰ পৰা অহা বৰ্মন ৰাজ্যৰ নিয়ন্ত্ৰণত আছিল। এই অঞ্চলৰ নিয়ন্ত্ৰণ ত্ৰয়োদশৰ পৰা ১৬ শতিকাত (১২৮৭–১৫৩৯) আৰু ১৮ শতিকাত (১৭৪০–৫৭) পেগু ভিত্তিক মান ৰাজ্যলৈ ঘূৰি আহে। ১৫৯৯ চনৰ পৰা ১৬১৩ চনলৈকে থানলিন (চিৰিয়াম) আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহ পৰ্তুগীজসকলৰ নিয়ন্ত্ৰণাধীন আছিল।[1]

শতিকাজুৰি ১৮ শতিকাৰ মাজভাগলৈকে থানলিন নিম্ন ম্যানমাৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বন্দৰ চহৰ আছিল, যেতিয়ালৈকে ৰজা আলাউংপায়াই নদীৰ সিপাৰে ডাগন নামৰ মহান শ্বেডাগন পেগোডাৰ ওচৰত এখন সৰু গাঁও বৃদ্ধি কৰিবলৈ বাছি লোৱা নাছিলে।[2]

প্ৰথম এংলো-বাৰ্মিজ যুদ্ধত (১৮২৪–২৬) ব্ৰিটিছে ইয়াংগুন দখল কৰিছিল যদিও যুদ্ধৰ পিছত ইয়াক বাৰ্মিজ প্ৰশাসনলৈ ঘূৰাই দিছিল। ১৮৫২ চনৰ দ্বিতীয় এংলো-বাৰ্মা যুদ্ধত ব্ৰিটিছে ইয়াংগুন আৰু সমগ্ৰ নিম্ন বাৰ্মা দখল কৰে আৰু পৰৱৰ্তী সময়ত ইয়াংগুনক ব্ৰিটিছ বাৰ্মাৰ বাণিজ্যিক আৰু ৰাজনৈতিক কেন্দ্ৰলৈ ৰূপান্তৰিত কৰে। ইয়াংগুন আছিল ব্ৰিটিছ বাৰ্মা আৰু হান্থাৱাডী প্ৰদেশৰ ৰাজধানী, যিয়ে আজিৰ ইয়াংগুন আৰু বাগো বিভাগক সামৰি লৈছিল। ইংৰাজে বহু ভাৰতীয়ক শ্ৰমিক আৰু চৰকাৰী কৰ্মচাৰী হিচাপে সেৱা আগবঢ়াবলৈ লৈ আনিছিল। ১৯৩০ চনৰ ভিতৰত ভাৰতীয়সকলে ইয়াংগুন চহৰৰ আধা অংশ গঠন কৰিছিল আৰু যʼত মাত্ৰ এক তৃতীয়াংশ হে বাৰ্মিজ আছিল।

প্ৰথম বিশ্বযুদ্ধৰ পৰা দ্বিতীয় বিশ্বযুদ্ধৰ মাজত ইয়াংগুন বাৰ্মিজ জাতীয়তাবাদী আন্দোলনৰ কেন্দ্ৰবিন্দু আছিল। ভৱিষ্যতৰ বহু বাৰ্মিজ ৰাজনৈতিক ব্যক্তি যেনে আং ছান, ইউ নু, উ থাণ্ট আৰু নে উইন আটাইকেইজনেই একালৰ ৰেংগুন বিশ্ববিদ্যালয়ৰ ছাত্ৰ আছিল।[3]১৯৪২ চনৰ এপ্ৰিলৰ পৰা ১৯৪৫ চনৰ মে’ মাহৰ ভিতৰত ইয়াংগুন অঞ্চল জাপানৰ দখলত আছিল।

১৯৪৮ চনৰ জানুৱাৰী মাহত ম্যানমাৰে ব্ৰিটেইনৰ পৰা স্বাধীনতা লাভ কৰাৰ পিছত হান্থাৱাডী প্ৰদেশৰ নাম সলনি কৰি পেগু (বাগো) বিভাগ কৰা হয় আৰু ইয়াৰ ৰাজধানী হিচাপে ইয়াংগুনক নিৰ্বাচন কৰা হয়। ১৯৬৪ চনত পেগু সংমণ্ডলৰ পৰা ৰেংগুন সংমণ্ডল বিভাজিত হয়। পেগু সংমণ্ডলৰ ৰাজধানী ৰেংগুনৰ পৰা পেগুলৈ সলনি কৰা হয়। ১৯৭৪ চনৰ জুন মাহত হান্থাৱাডী (হংছাভাতয়) আৰু হমাৱবি টাউনশ্বিপ পেগু সংমণ্ডলৰ পৰা ৰেংগুন সংমণ্ডললৈ বদলি কৰা হয়।[4]

যুদ্ধৰ পিছৰ ইয়াংগুনৰ পৰিসীমা বৃদ্ধি পালে। তাৰোপৰি, বাৰ্মিজ চৰকাৰে ইয়াংগুনৰ ওচৰত এখন উপগ্ৰহ চহৰ নিৰ্মাণ কৰিছিল। আজি ইয়াংগুন অঞ্চল মূলতঃ গ্ৰাম্য অন্তৰ্দেশেৰে আগুৰি থকা বৃহত্তৰ ইয়াংগুন মহানগৰ।

প্ৰশাসনিক বিভাগসমূহ

সম্পাদনা কৰক

ইয়াংগুন অঞ্চলত মাত্ৰ চাৰিখন হে জিলা আছিল। ২০২২ চনৰ ৩০ এপ্ৰিলত ম্যানমাৰৰ অস্থায়ী চৰকাৰে এই জিলাসমূহ ১৪খন জিলালৈ সম্প্ৰসাৰণ কৰে৷ ৪৫খন চহৰৰ ভিতৰত এতিয়া ইয়াংগুন চহৰখনে ৩৩খন চহৰ সামৰি লৈছে।

জনগাঁথনি

সম্পাদনা কৰক

জনসংখ্যাৰ গৰিষ্ঠসংখ্যকেই হৈছে বাৰ্মিজ জনগোষ্ঠী। এই সংমণ্ডলত বৃহৎ সংখ্যক দক্ষিণ এছিয়ান (মূলতঃ ভাৰতীয়) আৰু বাৰ্মিজ চীনা লোকো বসবাস কৰে। ২০১৪ চনৰ লোকপিয়লৰ প্ৰতিবেদন অনুসৰি ইয়াংগুন অঞ্চলৰ জনসংখ্যা ৭৩.৬ লাখ। বাৰ্মিজ হৈছে সকলো জাতি-জনগোষ্ঠীৰ বাৰ্মিজসকলে ব্যৱহাৰ কৰা প্ৰাথমিক ভাষা। ইয়াংগুনৰ নগৰীয়া অভিজাত শ্ৰেণীৰ ভিতৰত ইংৰাজী হৈছে মূল দ্বিতীয় ভাষা।

লগতে চাওক

সম্পাদনা কৰক

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. Maung Htin Aung (1967). A History of Burma. প্ৰকাশক New York and London: Columbia University Press. https://archive.org/details/historyofburma00htin. 
  2. "History of Yangon". Myanmar's Net. Archived from the original on 21 September 2008. https://web.archive.org/web/20080921211746/http://www.myanmars.net/myanmar-travel/myanmar-yangon/yangon.htm#History_of_Yangon। আহৰণ কৰা হৈছে: 25 December 2008. 
  3. Thant Myint-U (2006). The River of Lost Footsteps, Histories of Burma. প্ৰকাশক New York: Farrar, Straus and Giroux. ISBN 978-0-374-16342-6. 
  4. "Myanmar Divisions". Statoids. http://www.statoids.com/umm.html। আহৰণ কৰা হৈছে: 10 April 2009.