ইলিয়াড বা ইলিয়াদ ((/ˈɪliəd/; Ancient Greek: Ἰλιάς, Iliás, Attic Greek pronunciation: [iː.li.ás]) হোমাৰৰ দ্বাৰা ৰচিত মহাকাব্য দুখনৰ ভিতৰত এখন। আনখন হ’ল ওডিছী। ট্ৰয় নগৰৰ আন নাম ইলিয়াছ বা ইলিয়াম। সেই ইলিয়াছৰে বৈভৱ, বিক্ৰম আৰু বিধ্বংসনৰ বৃত্তান্ত আছে বাবেই মহাকাব্যখনৰ নাম ইলিয়াড।[1]

গ্ৰীকৰ পুৰণি মানচিত্ৰ

ইলিয়াডসম্পাদনা কৰক

এবাৰ ৰজা পেলিউছৰ ৰাজকীয় বিবাহ উৎসৱলৈ অলিম্পাছৰ সকলো দেৱ-দেৱীকে নিমন্ত্ৰণ কৰে যদিও পেলিউছে অমিল-অসূয়া-অনৈক্য আৰু কন্দলৰ দেৱী হেতু আৰিছৰ ভনী এৰিছক নেমাতে। ক্ষোভে-দুখে জৰ্জড়িত হৈ এৰিছেও তাৰ পোটক তুলিবলৈ মন কৰি এটা সোণৰ আপেল খোলা দুৱাৰেদি বিবাহৰ ঘৰৰ ভোজমেল হৈ থকা বিশাল কক্ষৰ মজিয়াইদি বগৰাই দিয়ে আৰু তাত লিখা থাকে “সকলোতকৈ সুন্দৰী গৰাকীৰ প্ৰতি”। সুন্দৰী গৰাকীৰ বিচাৰ-বিবেচনাৰ পিছত মূল দাবীদাৰ দেৱী কেইগৰাকী হ’ল- আফ্ৰোদাইতী, হেৰা আৰু পালাছ এথেনা। তিনিও গৰাকী দেৱীৰ মাজত শ্ৰেষ্ঠ সুন্দৰী বিচাৰৰ বাবে বিশ্বজগতৰ নৰ-দেৱতা সকলোৰে অধিপতি জ্যুছৰ আগত যায় যদিও বিষয়টো নিষ্পত্তি নহয় বৰং তেওঁ তিনিও গৰাকীকে পেৰিছৰ ওচৰলৈহে যাবলৈ কয়।[2]

তিনিও গৰাকী দেৱীয়েই পেৰিছক অৱগত কৰাই প্ৰলোভিত কৰিবলৈ ধৰিলে। দেৱৰাণী হেৰাই ক’লে যে- যদি তেওঁক সোণালী আপেলটো দিয়ে তেন্তে পেৰিছক তেওঁ সমগ্ৰ ইউৰোপ আৰু এছিয়া মহাদেশৰ সম্ৰাট কৰিব। যুদ্ধৰ দেৱী মিনাৰ্ভাই ক’লে যে- ট্ৰজানসকলৰ দ্বাৰাই তেওঁ সমগ্ৰ গ্ৰীক বাহিনী পৰাস্ত কৰি তেওঁক গ্ৰীচৰৰ অধিপতি কৰিব। ভেনাচে ক’লে যে যদি সেই সোণালী আপেলটো তেওঁক দিয়ে তেন্তে এই বিশ্বজগতৰ সৰ্বশ্ৰেষ্ঠা সুন্দৰ নাৰী গৰাকী তেওঁক উপহাৰ দিব। তিনিওৰে প্ৰলোভন প্ৰবল— কোনটো বেছি কোনটো কম বিচাৰ কৰা কঠিন। কিন্তু ৰাজপুত্ৰ হ’লেও পেৰিছ আছিল দুৰ্বলচিতীয়া লোক। লগতে অলপ কাপুৰুষো আৰু তেওঁ যুদ্ধ-বিগ্ৰহৰ কথাত বৰ উৎসাহিত নাছিল। সেই বিশ্বৰ শ্ৰেষ্ঠা সুন্দৰীক পাব বুলি দেৱী আফ্ৰোদিতিৰ হাততে অৰ্পণ কৰিলে সোণালী আপেল। পৰিসৰ সেই কাব্যই সূচনা কৰিলে ইলিয়াদৰ মহাযুদ্ধ। ভয়ানক ধৰণে বিতুষ্টা হৈ অন্তৰ্ধান হ’ল মহাক্ৰোধী দেৱৰাণী হেৰা আৰু মিনাৰ্ভায়।[2]

প্ৰতিযোগিতাত বিজয়িনী হোৱা প্ৰেমৰ দেৱী মোহনীয় ভেনাচে বৰ ভাল পালে পেৰিছক। সেই যুগৰ বিশ্বৰ শ্ৰেষ্ঠা সুন্দৰী আছিল হেলেন। হেলেনৰ পিতৃ আছিল স্বয়ং জ্যুছ দেৱতা।[2]

সুন্দৰী লেডা নামে এক ৰাজকুমাৰী গৰ্ভত জ্যুছে জন্ম দিছিল হেলেনক। হেলেন দুজন ভ্ৰাতৃ আছিল কেষ্টৰ আৰু পলাক্স। যৌৱনকালত হেলেন এনে অতুলনীয়া সুন্দৰী হ’ল যে, তেওঁৰ ৰূপৰ খ্যাতি দেশে-বিদেশে ৰৈ-বৈ যাবলৈ ধৰিলে। হেলেনৰ মাতৃ লেডাৰ মানুহ স্বামী ৰজা টিণ্ডাৰিউছৰ ৰাজপ্ৰাসাদত সমগ্ৰ গ্ৰীচৰ সৰু-বৰ সকলো ৰাজ্যৰ ৰজা ৰাজকুমাৰ এজনো বাদ নপৰাকৈ আহি উপস্থিত হ’লহি ৰূপৱতী হেলেনৰ পাণিপ্ৰাৰ্থী হৈ। জ্ঞানী টিণ্ডাৰিউছে অনুমান কৰিলে যে সেইসকলৰ মাজত এজনক যদি হেলেনৰ বাবে উপযুক্ত বুলি ভাবি নিৰ্বাচন কৰে তেন্তে বাকী সকলো লগলাগি তেওঁৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰিব।[2]

সকলো পাণিপ্ৰাৰ্থী ৰজা-ৰাজকুমাৰে আহোঁতেই শপত খাব লাগিব যে যিয়েই হেলেনক বিয়া কৰাব তেওঁক মিত্ৰ বুলি গণ্য কৰিব। যদি হেলেনক কোনো দুৰাত্মাই অপহৰণ কৰিবলৈ যত্ন কৰে অথবা হেলেনক বিবাহ কৰোৱাৰ বাবে যদি তেওঁৰ ভৱিষ্যতৰ পতি বিপদগ্ৰস্ত হ’ব লগাত পৰে তেন্তে প্ৰত্যেকে অকুণ্ঠচিত্তে হেলেনক উদ্ধাৰ কৰিবলৈ আৰু তেওঁৰ স্বামীক সহায় কৰিবলৈ সকলোৱে সাজু হ’ব লাগিব।[2]

সকলো পাণিপ্ৰাৰ্থী ৰজা-ৰাজকুমাৰে ভাবিলে যে তেনে ধৰণে শপত খোৱা তেওঁৰ নিজৰ বাবেই সুবিধাজনক। কাৰণ প্ৰত্যেকৰ মনতে দৃঢ় বিশ্বাস আছিল যে প্ৰাৰ্থী হিচাপে তেৱেঁই নিৰ্বাচিত হ’ব হেলেনৰ বাবে। সেইবাবে প্ৰত্যেকেই দ্বিৰুক্তি নকৰি সেই শপত গ্ৰহণ কৰিছিল। সমগ্ৰ গ্ৰীচৰ ৰাজপুৰুষসকলে সেই শপতত বান্ধ খালে। অৱশেষত টিগুৰিউছে প্ৰাৰ্থী হিচাপে নিৰ্বাচন কৰিলেগৈ থিব্‌ছৰ ৰজা আট্ৰিউছনন্দন এগেমেম্‌ননৰ ভায়েক মেনিছক।

আফ্ৰোদাইতীয়ে বিবাহিত হেলেনক চৰ্ত অনুযায়ী স্পাৰ্টালৈ যায় আৰু হেলেনক লৈ আহে পেৰিছৰ বাবে।

পিছত হেলেনক উদ্ধাৰ কৰিবলৈ সেই সকলোবোৰ ৰজা ৰাজকুমাৰ একত্ৰিত হৈ পেৰিছৰ বিৰুদ্ধে যুঁজ দিয়ে আৰু এনেদৰে ট্ৰয় নগৰত যুদ্ধ আৰম্ভ হয়। ট্ৰয় নগৰৰ আন নাম ইলিয়াছ বা ইলিয়াম। সেই ইলিয়াছৰে বৈভৱ, বিক্ৰম আৰু বিধ্বংসনৰ বৃত্তান্ত আছে বাবেই মহাকাব্যখনৰ নাম ইলিয়াদ।[2]

সেনাবাহিনীসম্পাদনা কৰক

১/ গ্ৰীক সেনাবাহিনী[3]

২/ ট্ৰয় সেনাবাহিনী[3]

৩/দেৱ-দেৱী[3]

লগতে চাওকসম্পাদনা কৰক

তথ্য উৎসসম্পাদনা কৰক

  1. শইকীয়া, প্ৰদীপ (2015). ইলিয়াদ. বনলতা. 
  2. 2.0 2.1 2.2 2.3 2.4 2.5 শইকীয়া, প্ৰদীপ (2015). ইলিয়াদ. বনলতা. 
  3. 3.0 3.1 3.2 sparknotes|url=https://www.sparknotes.com/lit/iliad/characters/