এপ'ল (ইংৰাজী: Apollo) হৈছে পৌৰাণিক গ্ৰীক তথা ৰোমান কিংবদন্তিৰ বাৰজন অলিম্পিয়ান দেৱতাৰ অন্যতম। তেওঁক ধনুৰ্বিদ্যা, সংগীত আৰু কলা, সত্য আৰু ভৱিষ্যৎবাণী, ৰোগ আৰু নিৰাময়, সূৰ্য আৰু পোহৰ, কবিতা আদিৰ অধিষ্ঠাতা দেৱতা হিচাপে গণ্য কৰা হয়। জ্যুচ আৰু লেট'ৰ পুত্ৰ তথা চিকাৰৰ দেৱী আৰ্টিমিচৰ সহোদৰ এপ'ল'ক এক অন্যতম প্ৰধান দেৱতা হিচাপে স্থান দিয়া হয়। তেওঁ গ্ৰীক দেৱতাসকলৰ মাজত সবাতোকৈ দেখনিয়াৰ। গ্ৰীকসকলৰ দ্বাৰা প্ৰভাৱিত এট্ৰুস্কান কিংবদন্তিত এপ'ল'ক এপুলু নামেৰে জনা যায়।[1]

এপ'ল'
অৰেকলসকল (একপ্ৰকাৰৰ ভৱিষ্যৎবক্তা), ধনুৰ্বিদ্যা, নিৰাময়, সংগীত আৰু কলা, সূৰ্য, জ্ঞান, জীৱ-জন্তৰ পাল, যুৱচামৰ সুৰক্ষা আদিৰ দেৱতা

১২০-১৪০ চনত নিৰ্মিত এপ'ল'ৰ প্ৰতিমূৰ্তি
নিবাস অলিম্পাচ পৰ্বত
প্ৰতীক লেইৰ (এবিধ বাদ্যযন্ত্ৰ), ঘূৰণীয়াকৈ সজ্জিত জলফাইৰ পাত, পাইথন নামৰ সৰ্প, কাউৰী, ৰাজহাঁ‌হ, ধনু-কাঁ‌ড়
পিতৃ-মাতৃ জ্যুচ আৰু লেট'
সহোদৰ আৰ্টিমিচ, এইকাচ, এঞ্জেল'ছ, এফ্ৰোডাইটি, এৰিচ, এথেনা আদি

এপ'ল'ক ডেলফিৰ ৰক্ষক আৰু গ্ৰীক ভৱিষ্যৎবক্তা অৰ্থাৎ অৰেকলসকলৰ দেৱতা হিচাপে গণ্য কৰা হয়। তেওঁ সমুদ্ৰ পথৰ যাত্ৰী আৰু বিদেশী লোকসকলৰ পৃষ্ঠপোষক তথা পলৰীয়া আৰু শৰণাৰ্থীসকলৰো ৰক্ষক।

ঔষধ আৰু নিৰাময়ৰ সৈতে পোনপটীয়াকৈ বা পুত্ৰ এছ্‌ক্লেপিআছৰ জৰিয়তে এপ'ল'ৰ সম্পৰ্ক স্থাপন কৰা হয়। এপ'ল'ই মহামাৰীৰপৰা মানৱ সমাজক বচাই ৰাখে যদিও তেওঁ নিজৰ কাঁ‌ড়বোৰৰ যোগেদি অসুস্থতা আৰু ভয়ংকৰ মহামাৰী কঢ়িয়াই আনিব পাৰে। এপ'ল' আৰুতেওঁৰ ভগ্নী আৰ্টিমিচক ধনুৰ্বিদ্যাৰ উদ্ভাৱক বুলি কোৱা হয়। সততে পোৱা বৰ্ণনা অনুসৰি তেওঁ হাতত সোণোৱালী ধনু আৰু তূণত ৰূপোৱালি কাঁ‌ড় কঢ়িয়াই লৈ ফুৰে। যুৱচামৰ ৰক্ষক হিচাপে এপ'ল' শিশুসকলৰ স্বাস্থ্য আৰু শিক্ষাৰ সৈতে জড়িত। তেওঁ‌ শিশুসকলৰ প্ৰাপ্তবয়স্ক প্ৰাপ্তিৰ ওপৰত নজৰ ৰাখে। বয়স্ক হোৱাৰ পিছত শিশুসকলৰ দীঘল চুলি কাটি এপ'ল'ৰ নামত উছৰ্গা কৰা হয়।

এপ'ল' পশুপালক আৰু ভেঁ‌ড়াৰখীয়াসকলৰ পৃষ্ঠপোষক। পশু-পক্ষীৰ জাক আৰু শস্যসমূহক ৰোগ, অপকাৰী কীট-পতঙ্গ আৰু চিকাৰী জন্তুৰ হাতৰপৰা ৰক্ষা কৰাটো তেওঁৰ প্ৰাথমিক দায়িত্বসমূহৰ অন্যতম। এপ'ল'ক আইন প্ৰদানকাৰীৰূপেও গণ্য কৰা হয় আৰু নগৰত আইন প্ৰণয়নৰ আগতে তেওঁৰ লগতে তেওঁৰ অৰেকলসকলৰ পৰামৰ্শ লোৱা হয়।

এপ'ল' সকলোপ্ৰকাৰৰ সঙ্গীত, গীত, নৃত্য আৰু কাব্যৰ অধিষ্ঠাতা। তেওঁ তাঁ‌ৰযুক্ত বাদ্যসঙ্গীতৰ উদ্ভাৱক আৰু মিউজসকলৰ সংগী। এপ'ল'ক সূৰ্যৰে অন্য ৰূপ বুলি ভবা হয়।[2][3]

আখ্যানসমূহ

সম্পাদনা কৰক
 
সন্তানদ্বয়ৰ সৈতে লেট'

​ এপ'ল' হৈছে দেৱতাসকলৰ ৰজা জ্যুচ আৰু তেওঁৰ পূৰ্বৰ পত্নী লেট'ৰ সন্তান।[4] বনদেৱী কৰ্থেলিয়া আৰু এলেথিয়াৰ সৈতেই এপ'ল' ডাঙৰ-দীঘল হৈছিল।[5] ​ লেট' গৰ্ভৱতী হোৱাৰ সম্ভেদ পাই জ্যুচৰ পত্নী হীৰাই তেওঁক ভূমিত প্ৰসৱ কৰাত প্ৰতিবন্ধকতা আৰোপ কৰে। লেট'ই বহু ঠাইত আশ্ৰয় বিচাৰি যায় যদিও হীৰাৰ ৰোষত পৰাৰ ভয়ত সকলোৱে তেওঁক নিৰাশ কৰে। অৱশেষত গৰ্ভস্থ এপ'ল'ই মাকক ডিল'ছ নামৰ এক ভাসমান ভূখণ্ডৰ বিষয়ে জনায় যি পূৰ্বতে লেট'ৰেই নিজা ভগ্নী এষ্টেৰিয়া আছিল।[6] যিহেতু ডিল'ছ এক মূল ভূমিখণ্ডও নহয় বা দ্বীপো নহয় সেয়েহে সেই ঠাইখণ্ডত লেট'ক আদৰণি জনোৱা হয় আৰু এজোপা পাম গছৰ তলতেই লেট'ই তেওঁৰ দুই সন্তানৰ জন্ম দিয়ে। হীৰাৰ বাহিৰে সকলো দেৱী সেই ঠাইত উপস্থিত থাকে। এই কথাৰো উল্লেখ পোৱা যায় যে লেট'ৰ প্ৰসৱ বেদনাৰ পৰ্যায় পোৱাটো ৰোধ কৰিবলৈ হীৰাই প্ৰসূতি দেৱী এইলেথিয়াক অপহৰণ কৰি ৰাখিছিল। কিন্তু বাকী দেৱতাসকলে ছলেৰে হীৰাক এডাল ৮.২ মিটাৰ দৈৰ্ঘ্যৰ এডাল হাৰ উপহাৰ দি এইলেথিয়াক মুকলি কৰে।[7]

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. Krauskopf, I. 2006. "The Grave and Beyond." The Religion of the Etruscans. edited by N. de Grummond and E. Simon. Austin: University of Texas Press. p. vii, p. 73-75.
  2. For the iconography of the Alexander–Helios type, see H. Hoffmann, 1963. "Helios", in Journal of the American Research Center in Egypt 2, pp. 117–23; cf. Yalouris 1980, no. 42.
  3. Joseph Fontenrose, "Apollo and Sol in the Latin poets of the first century BC", Transactions of the American Philological Association 30 (1939), pp 439–55; "Apollo and the Sun-God in Ovid", American Journal of Philology 61 (1940) pp 429–44; and "Apollo and Sol in the Oaths of Aeneas and Latinus" Classical Philology 38.2 (April 1943), pp. 137–138.
  4. Homer, Iliad 21.499
  5. Plutarch, Moralia 657e
  6. Callimachus, Hymn to Delos
  7. Homer, Hymn to Apollo