ঈছা ইবনে মাৰিয়াম (আৰবী: عيسى), যিজননক বাইবেলনতুন নিয়মযীশু নামেৰে পৰিচিত) ইছলাম ধৰ্মত তেখেত এজন নবী আৰু ৰাছুল; লগতে মছিহ হিচাপে স্বীকৃত।[1]

আল মছিহ
ঈছা - عسيى
আলাইহিছ-ছালাম
( عليه السلام )

"ঈছা ইবনে মাৰিয়াম" (আলাইহিছ-ছালাম), আৰবী ভাষাত লিখিত
স্থানীয় নাম ‎‏ঈছা, যীশু
জন্ম প্ৰায় ২-৭ খৃষ্টপূৰ্ব
বেথেলহাম, ফিলিস্তিন
জনা যায় মৰিয়ামৰ সন্তান, আল-মাছিহ (মনোনীত ব্যক্তি)
ধৰ্ম ইছলাম

খ্ৰীষ্টান ধৰ্মৰ নিচিনাকৈ ইছলাম ধৰ্মতো তেখেত সম্মানিত এজন নবী আৰু ৰাছুল; কিন্তু ইছলাম ধৰ্মত তেখেতৰ ক্ৰুশবিদ্ধ হোৱাৰ ঘটনাক স্বীকাৰ কৰা নহয়। কোৱা হয় যে, ক্ৰুশবিদ্ধ কৰাৰ আগতেই আল্লাহে তেখেতক ওপৰলৈ উঠাই লয়। ইছলাম ধৰ্মত কোৱা হয়, ঈছা বৰ্তমানে জীৱিত অৱস্থাত জান্নাতত অৱস্থান কৰি আছে। কিয়ামতৰ পূৰ্বে দাজ্জালৰ আবিৰ্ভাৱৰ পাছত ঈছা নবী মুহাম্মাদ (ছাঃ)ৰ এজন উম্মত বা অনুসাৰী হিচাপে পুনৰ পৃথিৱীত অবতৰণ কৰিব আৰু দাজ্জালক হত্যা কৰিব। ইয়াৰ পাছত গোটেই পৃথিৱীৰ শাসনভাৰ গ্ৰহণ কৰিব আৰু পৃথিৱীত শান্তি, সুশাসন প্ৰতিষ্ঠা কৰিব। সৰ্বশেষত তেখেতে এজন ৰজা হিচাপে মৃত্যু বৰণ কৰিব আৰু মুহাম্মাদ (ছাঃ)ৰ কবৰৰ ওচৰত তেখেতক সমাহিত কৰা হ'ব; যি কাৰণত মদীনানবী মুহাম্মাদ (ছাঃ)ৰ কবৰৰ ওচৰত তেখেতক কবৰ দিয়াৰ বাবে ঠাই প্ৰস্তুত কৰি ৰখা হৈছে। ইছলামৰ মতে, তেখেত হ'ল মছিহ; মানে আল্লাহএ তেখেতক মনোনীত কৰিছে যে শেষ কালত তেখেতে দুনিয়াৰ চক্ৰবতি হ'ব আৰু পৃথিৱীত তেখেতে সৰ্ব শান্তি আনিব আৰু সকলো ধৰ্ম একলগ কৰি ইছলামৰ ছাঁ'ৰ তলত আনিব ।

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. Smith, Cyril Glassé; introduction by Huston (2001). The new encyclopedia of Islam (Édition révisée. সম্পাদনা). প্ৰকাশক Walnut Creek, CA: AltaMira Press. পৃষ্ঠা. 239. ISBN 9780759101906. http://books.google.com/books?id=focLrox-frUC&pg=PA240&dq=jesus+in+islam&hl=en&sa=X&ei=wnQ0UfDHF4rRsgbxsICIBg&redir_esc=y#v=onepage&q=jesus%20in%20islam&f=false.