ঈশ্বৰ মানৱ(ইংৰাজী: God man) হৈছে এক প্ৰকাৰৰ চমৎকাৰী গুৰুক বুজাবলৈ ভাৰতত স্ত্ৰী-পুৰুষ নিৰ্বিশেষে ব্যৱহাৰ কৰা এটা কথিত শব্দ। এই সকলক সাধাৰণতে তেওঁলোকৰ অনুগামী সকলে অৰ্ধদেৱতাৰ দৰে ব্যক্তিত্বলৈ উন্নীত কৰে। সাধাৰণতে এই ব্যক্তিত্বৰ উপস্থিতি উচ্চ পৰ্যায়ৰ, আৰু সমাজৰ বৃহৎ অংশৰ দৃষ্টি আৰু সমৰ্থন আকৰ্ষণ কৰিবলৈ সক্ষম।[1] তেওঁলোকে কেতিয়াবা নিজকে অস্বাভাৱিক শক্তিৰ অধিকাৰী বুলি দাবী কৰে, যেনে যিকোনো ৰোগৰ পৰা সুস্থ কৰাৰ ক্ষমতা, ভৱিষ্যতৰ পৰিঘটনাসমূহ দেখাপোৱা বা প্ৰভাৱিত কৰাৰ ক্ষমতা আৰু মন পাঢ়িব পৰা ক্ষমতা।[2]

নিজক শিৰডীৰ সাই বাবাৰ অৱতাৰ বুলি দাবী কৰাৰ পিছত চৈধ্য বছৰীয়া সত্য সাই বাবা

অৱলোকন সম্পাদনা কৰক

ঈশ্বৰ মানৱ সকলক বিশেষ ব্যক্তি হিচাপে তেওঁলোকৰ অনুসৰণকাৰী সকলে পূজা কৰে।[3] কোনো-কোনো ঈশ্বৰ মানৱ ধৰ্মীয় প্ৰেক্ষাপটত সৃষ্ট। কিন্তু এইসকল কোনো ধৰ্মীয় ব্যৱস্থাৰে সংযুক্ত নহয়। শেহতীয়াকৈ এনে বহু ঈশ্বৰ মানৱে ভাৰতৰ বাহিৰতো তেওঁলোকৰ ভক্ত সৃষ্টি কৰিবলৈ সক্ষম হৈছে আৰু ইয়াৰদ্বাৰা তেওঁলোকে নিজৰ জনপ্ৰিয়তা তথা সম্পত্তি বাঢ়াব পাৰিছে।[2]

সত্য সাই বাবা (১৯২৬–২০১১) হৈছে অগণন ভক্ত থকা এনে এগৰাকী ঈশ্বৰ মানৱ।[2][3][4]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. Mehta, Uday (1993), Modern Godmen in India: A Sociological Appraisal, Mumbai: Popular Prakashan, আই.এচ.বি.এন. 81-7154-708-7.
  2. 2.0 2.1 2.2 James G. Lochtefeld (2002). The Illustrated Encyclopedia of Hinduism: A-M. The Rosen Publishing Group. পৃষ্ঠা. 253. ISBN 978-0-8239-3179-8. https://books.google.com/books?id=5kl0DYIjUPgC&q=253&pg=PA253। আহৰণ কৰা হৈছে: 26 March 2014. 
  3. 3.0 3.1 Linda Woodhead (January 2002). Religions in the Modern World: Traditions and Transformations. Psychology Press. পৃষ্ঠা. 35. ISBN 978-0-415-21783-5. https://books.google.com/books?id=rwqFGUKUb58C&pg=PP5। আহৰণ কৰা হৈছে: 26 March 2014. "By far the most famous Godman of today is Sathya Sai Baba." 
  4. Johannes Quack (22 November 2011). Disenchanting India: Organized Rationalism and Criticism of Religion in India. Oxford University Press. পৃষ্ঠা. 96. ISBN 978-0-19-981260-8. https://books.google.com/books?id=TNbxUwhS5RUC&pg=PR14। আহৰণ কৰা হৈছে: 26 March 2014.