উঁইপৰুৱা
উঁইপৰুৱা (ইংৰাজী: White-ant,Termite) উঁইপৰুৱা পৰুৱা নহয় যদিও ইংৰাজীত হোৱাইট এণ্ট বুলি কয়। উঁইপৰুৱা আইছপ্টেৰা (isoptera) বৰ্গৰ। উঁইপৰুৱা প্ৰাচীন,পৰ্যাপ্ত আৰু পৰিৱেশ শুদ্ধক প্ৰাণী। [1]
উঁইপৰুৱা(Termites) জীৱাশ্ম কাল: 228–0Ma Late Triassic - Recent | |
---|---|
Formosan subterranean termite soldiers (red colored heads) and workers (pale colored heads). | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Arthropoda |
শ্ৰেণী: | Insecta |
উপশ্ৰেণী: | Pterygota |
অনুশ্ৰেণী: | Neoptera |
মহাবৰ্গ: | Dictyoptera |
বৰ্গ: | Blattodea |
উপবৰ্গ: | Isoptera |
Families | |
Mastotermitidae |
উঁইপৰুৱাৰ প্ৰকাৰ
সম্পাদনা কৰকউঁইপৰুৱা ঘাইকৈ দুবিধ।
- এবিধে মৰি থকা গছ-গছনিহে খায় আৰু ইহঁত চাফাইকৰ্মী,বৈজ্ঞানিক প্ৰজাতি অডণ্টটাৰ্মিছ (odontotermes )
- এবিধে জীৱন্ত গছ-গছনি খায়। এইবিধৰ প্ৰজাতি হ'ল মিক্ৰটাৰ্মিছ পাকিস্তানিকাছ (microtermes pakistanicus)।[1]
হাফলুবাসী উঁই
সম্পাদনা কৰকঅসমৰ হাবিয়ে-বননিয়ে এইবিধ উঁই পৰ্যাপ্ত হৈ আছে। ধুমুহা,বজ্ৰপাত বা মানুহ নাইবা জন্তুৱে গছ-গছনি ভাঙি মাটিত পেলালে এইবিধ উঁই আহি তাতে হাফলু সাজে। মাটিত থকা টিলাবোৰৰ বহুতো এনে হাফলুৰ পৰা হোৱা। মুখৰ লালবীজ আৰু লেকেটা মাটিৰে এই হাফলু গঢ়ে।
বাসস্থান
সম্পাদনা কৰকউঁইপৰুৱাই ৰাজকক্ষ,শস্যভাণ্ডাৰ,শিশুৰ প্ৰতিপালৰ কোঠা,গৃহ নিৰ্মাণৰ সামগ্ৰী থোৱা গুদামঘৰ,বায়ু চলাচলৰ কাৰণে সুৰুঙা,দূষিত বায়ু নিৰ্গমনৰ চুঙা আৰু সেমেকা কুঠৰীৰ চেঁচা বতাহ চিমনিৰ আদিত বাস কৰা দেখা যায়। [1]
আচৰণ
সম্পাদনা কৰকএবিধ উঁয়ে ভেঁকুৰৰ বাৰী পাতে। ৰান্ধনি জাতৰ শ্ৰমিক উঁয়ে সেইবোৰ সৰু সৰুকৈ কুটি-মেলি মালিক উঁইক খাবলৈ দিয়ে। মাজে-সময়ে ৰাজকক্ষত ৰজাক তপতীয়াকৈ ৰাখে। ৰাণীকো তেতিয়া চাফ-চিকুণকৈ ৰাখে,যাতে তেওঁলোকে বঢ়িয়াকৈ প্ৰেমালিংগন কৰিব পাৰে। ৰাণীয়ে সেই সংগমবোৰৰ ফলত বছৰি তিনি নিযুত কণী পাৰে। ৰাণীৰ মৈথুন শক্তি কেইবা বছৰলৈকে অটুট থাকে। ৰজাৰ যৌন শক্তি অক্ষম হ'লে আনে সেই কাম কৰে। ৰাণীৰ পৰিচৰ্যা মাত্ৰ নপুংসক উঁয়েহে কৰিব পাৰে। এই প্ৰাণীবিধে কোনো ৰহস্যজনক উপায়েৰে দিন,ঘণ্টা আনকি মিনিট বাছি বৈবাহিক সংগমৰ অভিসাৰত লিপ্ত হয়। সেই ক্ষণৰ কাৰণে ৰাজকুমাৰ আৰু ৰাজকুমাৰীক সজায়। ৰাজকুমাৰৰ এবিধ নেজত ওলমা পাখি আৰু ৰাজকুমাৰীৰো দুখন পাখি গজে। প্ৰেমিক উঁইবোৰেও আকাশত জাক ফুৰি গাৰ পৰা পাখি গুচাই ঘৰৰ চালে-বেৰে,পথাৰে-সমাৰে থিত লয় আৰু সিহঁতৰ বেছিভাগেই চৰাই-চিৰিকটি,জন্তু আনকি মানুহৰো ভক্ষ হয়গৈ।[1]
অভিযোজ্যতা
সম্পাদনা কৰকউঁইপৰুৱাৰ অৱস্থা চাই ব্যৱস্থা লোৱাত পটু। বতৰৰ ইফাল-সিফাল হ'লে সিহঁতে বাহ,গেলেৰি হাফলুৰ প্ৰয়োজনীয় মেৰামতি কৰিব পাৰে। আনকি পৰিবৰ্তিত অৱস্থাত তিষ্ঠিবৰ কাৰণে যৌন প্ৰজনন বা অংগজ জনন প্ৰক্ৰিয়াৰে বেলেগ জাতি উদ্ভৱ কৰে। নতুবা,পৰ্যাপ্ত প্ৰসাৰণেৰে সংখ্যা বৃদ্ধি কৰি বংশ ৰক্ষা কৰে। আনকি উঁয়ে বিহৰ প্ৰতিৰোধ ক্ষমতাও অৰ্জন কৰিব পাৰে।
উঁইপৰুৱাৰ সামাজিক জীৱন
সম্পাদনা কৰকউঁইপৰুৱাৰ জাতি বিভাগৰ প্ৰচলন আছে। উচ্চ জাতৰ হ'ল ৰজা,ৰাণী,ৰাজকুমাৰ আৰু ৰাজকুমাৰী। ৰাজকুমাৰ আৰু ৰাজকুমাৰী পাছলৈ ৰজা-ৰাণী হয়গৈ। ইহঁতৰ ৰাজপৰিয়ালৰ উঁয়ে মাত্ৰ সংগম কৰি বংশবৃদ্ধি আৰু যুঁজাৰু ক্ষত্ৰিয় জাতৰ উঁয়ে যুঁজ কৰাৰ বাহিৰে একো নকৰে। ৰাণী অন্দৰ মহলত শ্ৰমিকবোৰৰদ্বাৰা সুৰক্ষিত হৈ পৰি থাকে। শত্ৰুক কাটিবলৈ যুঁজাৰু উঁইৰ গাত তৰোৱালৰ দৰে চোকা অস্ত্ৰ থাকে। আচৰিত কথা ইহঁতৰ গাত ক্ষেপণাস্ত্ৰও আছে। এই যুঁজাৰু উঁইৰ পায়ুৰ পিনে থকা আশয়ত ৰাসানিক বিহ মজুত থাকে। আৱশ্যক হ'লে শত্ৰুৰ ফালে সেই বিহ ক্ষেপণ কৰে। শ্ৰমিক শ্ৰেণীৰ ভিতৰত কিছুমান নিৰ্মাতা অভিযন্তা আৰু আন এবিধ প্ৰতিপালক অভিযন্তা থাকে। উঁয়ে অন্য পৰুৱাৰ আক্ৰমণৰ বিৰুদ্ধে প্ৰতিৰক্ষাৰ কাৰণে মুখৰ পৰা এবিধ মম উলিয়াই শত্ৰুৰ গাত ঢালি অচল কৰি দিয়ে। পৰুৱাটোক কামুৰি প্ৰতিঘনভূতকাৰক দ্ৰব্য শত্ৰুৰ ঘা-টুকুৰাত সানি দিয়ে। ইয়াৰ ফলত সেই পৰুৱাটোৰ ঘা-ৰপৰা অনবৰত গাৰ ৰস নি:সৰণ হৈ সি মৰি থাকে। নেছুটি টৰ্মিছ নামৰ এবিধ উঁয়ে তাৰ মূৰত থকা ভাণ্ডাৰৰ পৰা এবিধ বিষাক্ত আঠা ফিচকাৰী মৰাদি মাৰি শত্ৰুক ঠেঙে সৈতে জপটিয়াই অসহায় কৰি তোলে।[1]