শ্ৰেণী (জীৱবিদ্যা)
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজনত, শ্ৰেণী (লেটিন: classis ) হৈছে, ৰাজ্য, পৰ্ব , বৰ্গ , পৰিয়াল, গণ , আৰু প্ৰজাতি আদিৰ দৰে এটা বৰ্গীয় স্থান, যি পৰ্ব আৰু বৰ্গ মাজত অৱস্থান কৰে।
ইতিহাসসম্পাদনা কৰক
১৬৯৪ চনত, শ্ৰেণী যে এটা সুনিৰ্দিষ্ট নামেৰে সৈতে এটা বিশিষ্ট বৰ্গীয় স্থান, সেইটো ফ্ৰান্সৰ উদ্ভিদবিদ জোছেফ পিট্টন ডে টৰ্নেফৰ্টে তেওঁৰ এলিমেণ্টছ ডে বটেনিকত প্ৰথমবাৰৰ বাবে উল্লেখ কৰিছিল।
কেৰলাছ লিনিয়াছে তেওঁৰ ছিষ্টেমা নেচাৰিয়াৰ (১৭৩৫) প্ৰথম সংস্কৰণত[1]তেওঁৰ ৰাজ্য এনিমেল, ভেজিটেবিল আৰু লেপিডিয়ামক শ্ৰেণী হিচাপেহে বিভক্ত কৰিছিল। আজিকালি ব্যৱহাৰ হোৱা শ্ৰেণীবোৰৰ ভিতৰত কেৱল এনিমেল ( প্ৰাণী )ৰ ক্ষেত্ৰতহে সাদৃশ্য পৰিলক্ষিত হয়। আৰ্নষ্ট হেকেলে ১৯বিংশ শতিকাত, পৰ্বৰ ধাৰণা অৱতাৰনা নকৰালৈকে শ্ৰেণীকেই বৰ্গীকৰণৰ সৰ্বোচ্চ স্থান বুলি গণ্য কৰা হৈছিল।[2]
তথ্য সংগ্ৰহসম্পাদনা কৰক
- ↑ Mayr E. (1982). The Growth of Biological Thought. Cambridge: The Belknap Press of Harvard University Press. ISBN 0-674-36446-5
- ↑ Collins, A.G., Valentine, J.W. (2001). "Defining phyla: evolutionary pathways to metazoan body plans." Evol. Dev. 3: 432-442.