সুমেৰু বা উত্তৰ মেৰু (ইংৰাজী: North Pole) পৃথিৱীৰ সকলোতকৈ উত্তৰত অৱস্থিত বিন্দু (৯০° অক্ষাংশ)। ইয়াক ভৌগোলিক উত্তৰ মেৰু নামেৰেও জনা যায়। সুমেৰুৰ বিপৰীতে পৃথিৱীৰ দক্ষিণতম প্ৰান্ত কুমেৰু বা দক্ষিণ মেৰু অৱস্থিত। বৈজ্ঞানিক সংজ্ঞা অনুসৰি পৃথিৱীৰ উত্তৰ গোলাৰ্ধৰ যি বিন্দুত ইয়াৰ ঘূৰ্ণন অক্ষ পৃষ্ঠতলৰ সৈতে মিলিত হয় তাকে উত্তৰ মেৰু বোলা হয়।

সুমেৰু আৰু আশপাশে থকা দেশসমূহ

অন্যহাতে সুমেৰু অঞ্চল বা আৰ্কটিক (ইংৰাজী: Arctic) পৃথিৱীৰ উত্তৰৰ অঞ্চলটিৰ নাম। ই সুমেৰুৰ আশপাশে থকা অঞ্চলসমূহেৰে গঠিত। ইংৰাজী আৰ্কটিক নামটি আহিছে গ্ৰীক শব্দ arktos-ৰ পৰা যাৰ অৰ্থ "ভালুক"। আকাশৰ উত্তৰ-পূৰ্ব কোণত দেখা পোৱা এটি তাৰকামণ্ডলৰ আকৃতি ভালুকৰ দৰে হোৱা বাবে এই নাম দিয়া হয়। বহু সময়ত সুমেৰু অঞ্চলৰ সীমা হিচাপে সুমেৰু বৃত্তক নিৰ্ধাৰণ কৰা হয়, যি বিষুৱ ৰেখাৰ পৰা ৬৬ ডিগ্ৰী ৩০ মিনিট উত্তৰে কল্পিত এডাল গাণিতিক ৰেখা। এই ৰেখাৰ উত্তৰৰ সকলো স্থানত বছৰৰ অন্তত এটা এনে সময় আহে যেতিয়া ২৪ ঘণ্টাৰ ভিতৰত সূৰ্য এবাৰো অস্ত নাযায়, একেদৰে ২৪ ঘণ্টাৰ ভিতৰত সূৰ্য এবাৰো উদিত নহয়। অৱশ্যে ইয়াৰ কোনো ভৌগোলিক চিহ্ন নাই, অৰ্থাৎ এই ৰেখা অতিক্ৰম কৰাৰ সময়ত কোনো তাৎক্ষণিক ভৌগোলিক পৰিৱৰ্তন লক্ষ্য কৰা নহয়।

ভৌগোলিক অৱস্থান সম্পাদনা কৰক

কোনো সুস্পষ্ট বিভাজন চিহ্ন নাথাকিলেও সুমেৰু অঞ্চল আন্দাজ কৰাৰ এটা সহজ উপায় আছে। যদি অনিয়মিত আৰু বক্ৰ ৰেখা ডালৰ পৰা একেবাৰে উত্তৰত অৱস্থিত গাছবোৰক চিহ্নিত কৰিব পৰা যায় তাৰ পৰা উত্তৰৰ সমগ্ৰ অঞ্চলকেই সুমেৰু অঞ্চলৰ অন্তৰ্ভুক্ত কৰা যায়, কিয়নো সুমেৰু অঞ্চলৰ পৰিৱেশ কোনো বৃক্ষ ধাৰণ কৰিবলৈ সক্ষম নহয়। বৃক্ষৰেখাৰ উত্তৰে অৱস্থিত স্থান বোৰৰ মাজত আছে গ্ৰীণলেণ্ড; নৰৱেৰ Svalbard আৰু অন্যান্য মেৰুদ্বীপ; চাইবেৰীয়া, আলাস্কা আৰু কানাডা; লাব্ৰাডৰ উপকূল; আইচ লেণ্ডৰ উত্তৰাংশ আৰু ইউৰোপৰ আৰ্কটিক উপকূলৰ কিছু অংশ। উত্তৰ মেৰু তথা সুমেৰু কোনো ভূমি নহয়, বৰং বৰফাচ্ছাদিত সমুদ্ৰৰ ওপৰত অৱস্থিত, যাক আৰ্কটিক মহাসাগৰ বা উত্তৰ মহাসাগৰ বোলা হয়। বছৰৰ অধিকাংশ সময় এই মহাসাগৰৰ অংশবিশেষ সামুদ্ৰিক বৰফে ঢাকা খাই থাকে।[1] এই বৰফৰ আৱৰণ গলা আৰু পুনৰ গোট মৰাৰ ওপৰত নিৰ্ভৰ কৰি উত্তৰ মহাসাগৰৰ পৃষ্ঠীয় উষ্ণতা (surface temperature) আৰু লুণীয়া গুণ (লৱণত্ব) (salinity) ৰ ঋতু অনুযায়ী তাৰতম্য ঘটে।[2] ৰাজনৈতিক ও সামাজিকভাবে আঠটা সুমেৰু আঞ্চলিক ৰাষ্ট্ৰ (কানাডা, ৰাছিয়া, ডেনমাৰ্ক, নৰৱে, আমেৰিকা যুক্তৰাষ্ট্ৰ, চুইডেন, ফিনলেণ্ড আৰু আইচলেণ্ড) এই উত্তৰৰ স্থানসমূহকেই সুমেৰু অঞ্চলৰ ভিতৰত ধৰা হয়, যদিও বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা ইয়াৰে বহু অংশই সুমেৰু বৃত্তৰ দক্ষিণে।

পৰিৱেশ আৰু বতৰ সম্পাদনা কৰক

সুমেৰু অঞ্চলত সাধাৰণত শীত আৰু গ্ৰীষ্মকালৰ তাপমাত্ৰা আৰু পৰিৱেশৰ মাজত এক বিশাল পাৰ্থক্য দেখা যায়। অঞ্চলটিৰ উত্তৰাংশ গোটেই বছৰ বৰফাচ্ছাদিত থাকে, আৰু দক্ষিণাংশত ঘাঁহ,বা গুল্মজাতীয় গছ দেখা যায়। গ্ৰীষ্মকাল সংক্ষিপ্ত হ'লেও তেতিয়া সূৰ্যই দীৰ্ঘসময়লৈ পোহৰ আৰু তাপ দিব পাৰে।

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. Since the beginning of the 21st century, sea ice covers only 1/3 to 1/2 the surface of the Arctic Ocean at the end of summer.
  2. Some Thoughts on the Freezing and Melting of Sea Ice and Their Effects on the Ocean K. Aagaard and R. A. Woodgate, Polar Science Center, Applied Physics Laboratory University of Washington, January 2001. Retrieved 7 December 2006.

স্থানাংক: 90°N 0°W / 90°N 0°W / 90; -0