উপনিষদ সমূহ হিন্দু ধৰ্মৰ প্ৰধান শাস্ত্ৰ বেদৰ শেষাংশ বুলিব পাৰি। হিন্দু ধৰ্মৰ আদি আৰু প্ৰধান শাস্ত্ৰ বেদ চাৰি ভাগত বিভক্ত। প্ৰতিখন বেদৰে তিনিটা ভাগ থাকে। সেয়া হ’ল (১) সংহিতা বা মন্ত্ৰ, (২) ব্ৰাহ্মণ আৰু (৩) আৰণ্যক। ইয়াৰে আৰণ্যকৰ শেষাংসক উপনিষদ বোলা হয়। বেদৰ শেষ (অন্ত) ভাগ হোৱা বাবে উপনিষদক বেদান্ত অৰ্থাৎ বেদৰ অন্ত বুলিও জনা যায়। উপনিষদৰ দ্বাৰা ব্ৰহ্মত্ব প্ৰাপ্তি হয় বাবে এই শাস্ত্ৰক ব্ৰহ্মবিদ্যাও বোলা হয়। উপনিষদ শব্দ সংস্কৃত শব্দ ষদ্লৃ ধাতুৰ পৰা নিষ্পন্ন হৈছে।

উপনিষদৰ সংখ্যা আৰু নাম:সম্পাদনা কৰক

উপনিষদৰ প্ৰকৃত সংখ্যা নিৰূপণ কৰিব পৰা হোৱা নাই। তথাপিও ১০৮খন উপনিষদৰ নাম উল্লেখ পোৱা যায়। এইসমূহৰ ভিতৰত প্ৰধান ১০খন উপনিষদ হ’ল:

  1. ঐতৰেয়
  2. ছান্দোগ্য
  3. কেন
  4. কঠ
  5. তৈত্তিৰীয়
  6. শ্বেতাশ্বতৰ
  7. বৃহদাৰণ্যক
  8. মুণ্ডক
  9. মাণ্ডুক্য আৰু
  10. প্ৰশ্ন।

এই দহখনকে প্ৰধান, প্ৰাচীন আৰু প্ৰামাণ্য উপনিষদ বুলি জনা যায়। এই ১০খন উপনিষদৰ লগতে কোনো কোনোৱে ঈশোপনিষদ আৰু কৌষাণ্ডুকিক অন্তৰ্ভুক্ত কৰি প্ৰধান উপনিষদৰ সংখ্যা ১২খন বুলি ক’ব বিচাৰে।

উপনিষদৰ বৈচিত্ৰসম্পাদনা কৰক

ৰচনাভংগীৰ দিশৰ পৰা উপনিষদ সমূহৰ সাহিত্যিক বৈচিত্ৰ্য লক্ষণীয়। কোনোবাখন সম্পূৰ্ণৰূপে পদ্যত বিৰচিত হোৱাৰ বিপৰীতে কোনোবাখন উপনিষদ আকৌ সম্পূৰ্ণ গদ্য ৰীতিত ৰচিত। কোনোবাখন আংশিক গদ্য আৰু আংশিক পদ্য। কিন্ত্ত পদ্যৰ তুলনাত গদ্য ৰচনাই অধিক। ঐতৰেয়, বৃহদাৰণ্যক, ছান্দোগ্য আদি গদ্য ৰীতিত ৰচিত উপনিষদ। কেন উপনিষদ সম্পূৰ্ণ পদ্যত ৰচিত। পৰৱৰ্তীকালৰ ঈশা, কঠ, শ্বেতাশ্বতৰ আংশিকভাৱে পদ্যত ৰচিত উপনিষদ।[1]

উপনিষদৰ গুৰুত্ব:সম্পাদনা কৰক

উপনিষদত প্ৰধানকৈ বিভিন্ন হিন্দু দেৱ-দেৱীৰ কৰ্তৃত্বৰ উল্লেখ আছে। ই মূলতঃ ক্ষত্ৰিয় ৰজাসকলৰ আধ্যাত্মিক জ্ঞানেৰে পৰিপূৰ্ণ শাস্ত্ৰ। হিন্দু দৰ্শনত উপনিষদৰ প্ৰভাৱ আৰু গুৰুত্ব অপৰিসীম। কেৱল ভাৰতীয় দৰ্শনতে নহয়, পাশ্চাত্য চিন্তাজগততো উপনিষদ সমূহৰ যথেষ্ট প্ৰভাৱ দেখা পোৱা যায়। বৰ্তমানলৈকে ফৰাচী, লেটিন, জাৰ্মান, ইংৰাজী আদি প্ৰায়সমূহ ভাষালৈকে উপনিষদ সমূহ অনুবাদ কৰা হৈছে। প্ৰাচ্য আৰু পাশ্চাত্য বহু চিন্তাবিদৰ দৰ্শনত উপনিষদসমূহৰ প্ৰভাৱ বিদ্যমান।

তথ্যসূত্ৰ:সম্পাদনা কৰক

  1. শান্তনু কৌশিক বৰুৱা, সংক্ষিপ্ত অসমীয়া বিশ্বকোষ, প্ৰথম খণ্ড, জ্যোতি প্ৰকাশন, পৃষ্ঠা নং: ১৫১