উমাকান্ত ৰাজখোৱা (ইংৰাজী: Umakanta Rajkhowa) এগৰাকী ভাৰতৰ স্বাধীনতা সংগ্ৰামী আছিল৷ তেওঁৰ জন্ম ১৯০৬ চনৰ ২৯ নবেম্বৰত, মাজুলীৰ জানগুৰি গাওঁত।

উমাকান্ত ৰাজখোৱা
জন্ম ১৯০৬ চনৰ ২৯ নৱেম্বৰ
মাজুলী, অসম
সংস্থা ভাৰতীয় জাতীয় কংগ্ৰেছ
ৰাজনৈতিক আন্দোলন ভাৰতৰ স্বাধীনতা আন্দোলন

উমাকান্ত ৰাজখোৱাই ১৯১৮ চনত উত্তৰ লক্ষীমপুৰৰ পৰা ৪ৰ্থ শ্ৰেণীৰ বৃত্তি পৰীক্ষা দিয়ে। ১৯২৮ চনত যোৰহাট গভৰ্নমেন্ট হাইস্কুলত পঢ়ি থকাৰ সময়ত লোণ আইন অমান্য আন্দোলনত সক্ৰিয় অংশ গ্ৰহণ কৰে যাৰ ফলত ৰাজখোৱাক ৫(পাঁচ)টকা আৰু অসমৰ পৰা অস্পৃশ্যতা বৰ্জন আৰু কানিৰ নিৰ্মূলকৰণৰ প্ৰধান নেতা কৃষ্ণ শৰ্মাৰ পুত্ৰ, দুৰ্গা দাসক ৭(সাত) টকাৰ জৰিমনা বিহে। সেই সময়ত যোৰহাটৰ ডেপুটি কমিচনাৰ মি.কান্টলিয়ে কুখ্যাত কানিংহাম চাৰ্কুলাৰৰ সমৰ্থনত চহী নকৰাৰ অপৰাধত মেট্ৰিকৰ বাচনি পৰীক্ষাত বহা বন্ধ কৰিছিল। তেওঁ ১৯৩২ চনত মেট্ৰিক পাছ কৰে। ১৯২১ চনত মহাত্মা গান্ধী প্ৰথমবাৰ যোৰহাটলৈ আহোঁতে লগ কৰিব নোৱাৰিলে যদিও ১৯৩৪ চনত দ্বিতীয়বাৰ আহোঁতে তেখেতৰ লগত শোভাযাত্ৰাত যোগ দিছিল। ১৯৩৪ চনৰ জুন মাহত তেওঁ এ.এছ.আই হিচাবে নিযুক্ত হয়। ১৯৩৬ চনত তিনিচুকীয়া হাইস্কুল প্ৰাঙ্গনত কংগ্ৰেছে ১৯৩৫ চনৰ আইনৰ কেইটামান দফাৰ প্ৰতিবাদ কৰি এখন সভা পাতিছিল। পুলিছ বিভাগে সেই সভাৰ প্ৰতিবেদনত উমাকান্ত ৰাজখোৱাক চহী কৰিবলৈ জোৰ কৰাতো তেখেতে চহী কৰিবলৈ অমান্তি হয় আৰু চাকৰিৰ পৰা পদত্যাগ কৰে। ১৯৩৭ চনত জৱাহৰলাল নেহৰু উত্তৰ লক্ষীমপুৰলৈ আহোঁতে উমাকান্ত ৰাজখোৱাই আন বহুতো সতীৰ্থ সহ চাৰি অনীয়া সদস্য হিচাবে কংগ্ৰেছত যোগদান কৰি, মহাত্মা গান্ধীৰ ভাৰত ত্যাগ আন্দোলনৰ মুলমন্ত্ৰ কৰিম কিম্বা মৰিম শ্লগানেৰে দশোদিশ মুখৰিত কৰি গ্ৰেপ্তাৰ হ’ব লগীয়া হয় আৰু পুলিছৰ হাতত নিৰ্যাতিতও হয়। ১৯৩৮ চনত বিহপুৰীয়াৰ লুহিত দিক্ৰং হাইস্কুলৰ সহকাৰী শিক্ষক হিচাবে নিযুক্তি পায়। তাতেই ১৯৪০ চনত যোৰহাটৰ কৃষ্ণ শৰ্মা আৰু হৰিনাৰায়ণ বৰুৱাৰ নেতৃত্বত সেৱাদল গঠন হয় আৰু স্কুল ছুটিৰ পিছত প্ৰতিদিনেই আন্দোলনৰ সভা বহে। ১৯৪০ চনৰ ১১ অক্টোবৰত ৱাৰ্দ্ধাত মহাত্মা গান্ধীৰ নেতৃত্বত যি একক সত্যাগ্ৰহ আৰম্ভ হৈছিল, তাত ১ম আৰু ২য় গৰাকী সত্যাগ্ৰহী আছিল যথাক্ৰমে বিনোৱা ভাৱে আৰু জৱাহৰলাল নেহৰু। সেইদৰে লক্ষীমপুৰৰ পৰা মহাত্মা গান্ধীৰ অনুমোদন পোৱা ১৭ জনীয়া সত্যাগ্ৰহী তালিকাত ৰাজখোৱা আছিল সপ্তম জন। এই সত্যাগ্ৰহ কৰোঁতে ১৯৪১ চনৰ ১২ জানুৱাৰীত তেওঁ গ্ৰেপ্তাৰ হয়৷ ৰাজখোৱা আছিল ‘চি’ কেটেগৰিৰ অপৰাধী; যাৰবাবে তেখেতক ১ বছৰ সশ্ৰম কাৰাদণ্ড বিহা হৈছিল।উক্ত বছৰত যোৰহাট জেলত থাকোঁতে গোপীনাথ বৰদলৈ, ফকৰউদ্দীন আলি আহমেদ আদিকে ধৰি বহুতো গণ্য-মাণ্য ব্যক্তিৰ সান্নিধ্য পায়। ১৯৪৬ চনৰ ২অক্টোবৰত নাৰায়ণপুৰ মৌজাৰ পাণবাৰীত ৰাজখোৱাৰ নেতৃত্বত মহাত্মা গান্ধীৰ বুনিয়াদী শিক্ষা পদ্ধতিৰ প্ৰচাৰ আৰু বুনিয়াদী শিক্ষা আশ্ৰম স্থাপন আঁচনিৰ আধাৰত এখনি বুনিয়াদী শিক্ষাশ্ৰম স্থাপন হয় আৰু শিক্ষাশ্ৰম খনি মুকলি কৰিছিল নীলমনি ফুকন ডাঙৰীয়াই। পিছলৈ এই বুনিয়াদী চৌহদতে মাধৱ দেৱ মহাবিদ্যালয়(বৰ্তমানৰ মাধবদেৱ বিশ্ববিদ্যালয়) আৰু মাধবদেৱ কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয় গঢ় লৈ উঠে।[1][2][3][4]

তথ্য সূত্ৰ সম্পাদনা কৰক

  1. গগৈ, জগত. "মুক্তি". গান্ধী জয়ন্তী উপলক্ষে প্ৰকাশিত স্মৃতিগ্ৰন্থ: ৯২-৯৭. 
  2. হাজৰিকা, চন্দ্ৰ. "স্বৰ্ণজ্যোতি". নাৰায়ণপুৰ উ:মা: বিদ্যালয়ৰ সোণালী জয়ন্তী উপলক্ষে প্ৰকাশিত স্মৃতিগ্ৰন্থ. 
  3. বৰা, পদ্ম. বাৰ বৈষ্ণৱৰ স্থান নাৰায়ণপুৰ আৰু শ্ৰীশ্ৰীমাধবদেৱ সমন্বিতে ইয়াৰ সন্তসকল. 
  4. কৃষ্ণ শৰ্মাৰ ডায়েৰী. অসম প্ৰকাশন পৰিষদ. পৃষ্ঠা. ১৭৯.