উমাটুমনি

(উমাটুমণিৰ পৰা পুনঃনিৰ্দেশিত)


উমাটুমনি বা উমাবন, ব্ৰহ্মপুত্ৰ নদীবিশ্বনাথ ঘাটবুঢ়ীগাং নদী আৰু ব্ৰহ্মপুত্ৰই ব-ছেৰা সোঁতাৰ সংগম স্থলত অৱস্থিত এটা প্ৰাকৃতিক নদী দ্বীপবিশ্বনাথ চাৰিআলি নগৰৰ পৰা দক্ষিণলৈ ৬ কি: মি: দুৰত এই উমাটুমনি বা উমাবন অৱস্থিত।

বিশ্বনাথ ঘাটৰ পৰা উমাটুমনিৰ এক মনোমোহা দৃশ্য

উমাটুমনিৰ প্ৰাকৃতিক সৌন্দৰ্য্য বৰ অনুপম। পুৰনি পুথি 'পীঠমালা তন্ত্ৰ'ৰ মতে উমাতুমনিত ২২খন পৱিত্ৰ থান থাকিলেও বৰ্তমান উক্ত সংখ্যক থান দেখা নাযায়। ইয়াত ১৭৪১ চনত আহোম স্বৰ্গদেউ শিৱ সিংহই স্থাপন কৰা উমা মন্দিৰ আছে। ভগবান শিৱনটৰাজৰূপে সতীৰ মৃতদেহ লৈ তাণ্ডৱনৃত্য কৰা সময়ত সতীৰ বাওঁ বাহু আৰু স্তন পৰা বুলি কিম্বদন্তিয়ে কয়। কথিত আছে, হৰক পতিৰূপে পাবলৈ উমাই ইয়াতে তপস্যা কৰিছিল বাবে ইয়াৰ নাম 'উমাবন' হয়। উমাই তপস্যা কৰা ঠাইতে দেৱালয় আছে। ইয়াতে উমা ভাগৱতী, মহেশ্বৰ শিৱৰ দেৱালয়, নাংগলেশ্বৰ দেৱালয়, সিদ্ধেশ্বৰ দেৱালয়আছে।

 
চক্ৰেশ্বৰ নামেৰে খ্যাত উমাটুমনীৰ মাজত অৱস্থিত চক্ৰেশ্বৰ শিলা

আহোম যুগত বিশ্বনাথ তীৰ্থক্ষেত্ৰক কেন্দ্ৰ কৰি যিখন নগৰ গঢ়ি উঠিছিল তাৰ নাম আছিল সলা নগৰ বা সলা বাহৰ। ব্ৰহ্মপুত্ৰৰ মাজত থকা সলাটুমনি বা উমা টুমনিৰ কোঠটো বিশ্বনাথ নগৰৰে দ্বিতীয়টো অংশ। পশ্চিম অংশ বাদ দি গোটেই দ্বীপটোক সামৰি এটা ট্ৰেপজিয়াম আকৃতিৰ কোঠ আছে। আনহাতে ইয়াৰ অভ্যন্তৰত 'ব' আখৰটোৰ দৰে আন এটা গড় গভীৰ পৰিখাসহ উত্তৰা-দক্ষিণাকৈ আছে। জনামতে ১৫৩১ চনত বিদেশী আক্ৰমণ প্ৰতিহত কৰিবলৈ কনচেং বৰপাত্ৰৰ হতুৱাই চুহুংমুং স্বৰ্গদেৱে এই কোঠ বন্ধাইছিল। ইয়াতেই ১৫৩২ চনত তিনিদিন তিনিৰাতি যুঁজি অসমীয়া সৈন্যই বিদেশী আক্ৰমণ প্ৰতিহত কৰিছিল।

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  • 'বিশ্বনাথ-লহৰি' ২০০৬