বিশ্বনাথ ঘাট
ইতিহাস প্ৰসিদ্ধ ঠাই
বুৰঞ্জীত বিশ্বনাথ :কিছু উল্লেখ:
সম্পাদনা কৰকবিশ্বনাথত স্বৰ্গদেউ ৰুদ্ৰসিংহৰ যজ্ঞ :-"ৰুদ্ৰসিংহ বিশ্বনাথত যজ্ঞ কৰিবলৈ আহিছিল। আখনত গুৱাহাটাত মুৰকৈ নৰা কোঁঞৰ ফুকনক থলে। পাণীফুকন, বৰগোহাঞি, ফুকন আলো ৰাজখোৱাবোৰ আছিল। পাচে তিনি ৰজা আহি চকীয়াল বৰুৱাৰ হাতত দিলে। মাঘৰ ১৩ দিন আছিতে বিজয়ৰাম সহিতে আমাৰ কটকী আহি জাগীত দহ দিন থাকি গুৱাহাটা পালেহি। মাধৱ কন্দলিয়ে ঘৰ চাওঁ বুলি বিজয়ৰামত জনাই ৬৬ লৈ জনাবলৈ গ'ল। পাচে ৬৬ ও যজ্ঞ সমাপ্ত কৰি গড়গাৱলৈ গল।" [1]
- বিশ্বনাথ অঞ্চলত শ্ৰীমন্ত শংকৰদেৱৰ প্ৰবাস:- "কছাৰী সকলৰ লগত বাৰভুঞাৰ সংঘৰ্ষ হোৱাত শংকৰদেৱে বৰদোৱা অঞ্চল এৰি বিশ্বনাথ অঞ্চলত কিছুদিন থাকি তাৰপৰা উজাই কেইবা ঠাইতো ৰৈ শেষত মাজুলীৰ পশ্চিম অঞ্চলত ধুঁৱাহাট বা বেলগুৰিত বাৰ-চৈধ্য বছৰ সত্ৰ পাতি থাকে।" [2]
- মণিৰাম দেৱানৰ লগত বিশ্বনাথৰ সৰ্ম্পক:-
মণিৰাম দেৱানৰ আঠ ঠাইত আঠখন স্থায়ী ঘৰ-বাৰী আছিল। তাৰে এখন আছিল বিশ্বনাথত। মণিৰাম দেৱানৰ সৰু মাজু গৰাকী নগাঁৱৰ কঢ়ালৰ বৰুৱাৰ ঘৰৰ; লক্ষ্মীৰাম বৰুৱাৰ কন্যা চানা বা চম্পাৱতীৰ সৈতে পতা বিয়াখন বিশ্বনাথৰ পৰা পতা হৈছিল।" [3]
ছবিভঁৰাল
সম্পাদনা কৰক-
পুৰণি মূল মন্দিৰৰ লগতে নতুনকৈ সজা বিশ্বনাথ মন্দিৰ
-
ভালুকগোঁসাই
-
জাগ্ৰাবাবা
-
বীৰভদ্ৰ বা বৰলাশিল
-
পুৰণি বিশ্বনাথ মন্দিৰ
-
চক্ৰেশ্বৰ নামেৰে খ্যাত উমাটুমনীৰ মাজত অৱস্থিত চক্ৰেশ্বৰ শিলা।
-
বৰদ'ল বা বানেশ্বৰ দেৱালয়